ETV Bharat / state

মোৰ যদি নোহোৱা, কাৰোৰে হ’বলৈ নিদিও... প্ৰেম প্ৰত্যাখ্যানৰ অভিযোগত যুৱতীক প্ৰাণে মৰাৰ চেষ্টা - Stabbing in Guwahati

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:23 PM IST

Stabbing in Guwahati: নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীত নৃশংস ঘটনা ৷ নিশাৰ এন্ধাৰৰ সুযোগ লৈ যুৱতীক চুৰিৰে হানি-খুঁচি হত্যাৰ চেষ্টা যুৱকৰ ৷ সাধাৰণ লোকৰ চকু কপালত তোলা এই ঘটনাটো সংঘটিত হৈছে ৰাজধানী দিশপুৰৰ সমীপতে ৷ বিস্তৃতভাৱে জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন-

a man attacks a girl for allegedly rejecting his love proposal in Guwahati
পলাতক অভিযুক্ত (Etv bharat assam)

গুৱাহাটী, 31 মে’: প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এজন যুৱকে সংঘটিত কৰিলে জঘন্য কাণ্ড ৷ এগৰাকী যুৱতীক চুৰিৰে হানি-খুঁচি হত্যা কৰাৰ চেষ্টা এজন যুৱকৰ । গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনাটো ৷ মহানগৰীৰ বেলতলা চাৰ্ভেৰ আস্থা এপাৰ্টমেণ্টৰ তৃতীয় মহলাত সংঘটিত হৈছে এই নৃশংস ঘটনা ।

প্ৰেম প্ৰত্যাখ্যানৰ ভয়ংকৰ পৰিণতিৰ সন্দেহ (Etv bharat assam)

জানিব পৰা মতে, বেলতলাস্থিত এগৰাকী যুৱতীক হত্যা কৰাৰ চেষ্টা চলায় এজন যুৱকে । ভুক্তভোগী যুৱতীগৰাকী স্থানীয় এখন কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷

কোনে সংঘটিত কৰিলে এই কাণ্ড :

অভিযোগ অনুসৰি সহকৰ্মী অমিত ভৌমিক নামৰ যুৱকজনে হানি-খুঁচি হত্যা কৰাৰ চেষ্টা চলায় যুৱতীগৰাকীক । দুদিন পূৰ্বে যুৱতীগৰাকীয়ে অমিতে তেওঁক অনুসৰণ কৰা বুলি দিশপুৰ থানাত দাখিল কৰিছিল এখন এজাহাৰ ৷

ইয়াৰ পাচতে বৃহস্পতিবাৰৰ সন্ধিয়া এই ঘটনা সংঘটিত হয় । যুৱতীগৰাকীৰ সৈতে থকা আন এজন যুৱককো চুৰিৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে অমিত ভৌমিকৰ বিৰুদ্ধে । বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী । সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে দিশপুৰ আৰক্ষীয়ে ।

ঘটনাৰ আঁৰৰ ৰহস্য কি :

প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে অমিত ভৌমিকৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল । কিন্তু কিছুদিন ধৰি যুৱতীগৰাকীয়ে অমিতক এৰাই চলি আন এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে । প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই অমিতে বৃহস্পতিবাৰৰ সন্ধিয়া যুৱতীগৰাকীক অস্ত্ৰৰে আক্ৰমণ কৰে । যুৱতীগৰাকীৰ সৈতে থকা যুৱকজনে তেওঁক বচাবলৈ গৈ আহত হয় ৷

পলাতক অভিযুক্ত :

বৰ্তমান পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই অভিযুক্ত অমিত ভৌমিক ।

লগতে পঢ়ক: নুমলীগড়ৰ তেলগৰমত ছাত্ৰীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ আত্মীয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.