বিহপুৰীয়া,৮ মে': আই লম্ভিছে । আপুনি হয়তো শুনি আচৰিত হৈছে । বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ সময়তো এয়া জানো সম্ভৱ ? আপুনি মই বিশ্বাস কৰিবলৈ টান পোৱা এনেবোৰ কথা এতিয়া সুলভ হৈ পৰিছে এইখন অসমত । আইৰ নামত ভণ্ডামি । কামুৰি, মহিলাৰ শ্লীলতা হানি কৰি উপদ্ৰৱ । এক অবৰ্ণনীয় পৰিৱেশ । স্থান: নাৰায়ণপুৰৰ বকুলগুৰি । বিগত এপষেক ধৰি বকুলগুৰিত চলি আছে এই ভণ্ডামি । গাঁওখনৰ ৪ গৰাকী মহিলা আৰু ৩ গৰাকী পুৰুষৰ গাত আই লম্ভা বুলি চলিছিল প্ৰচাৰ । গাঁওখনৰ অনিয়ম, বিশৃংখলতা আঁতৰাবলৈ আয়ে পৰামৰ্শ দিলে নাম-কীৰ্তন আৰু ভাওনা পতাৰ । গাঁৱৰ ৰাইজেও আইৰ পৰামৰ্শ অনুসৰি সকলো কৰি গ'ল । ইমানলৈকে সকলো ঠিকেই আছিল । তাৰ পাছতেই আৰম্ভ ভণ্ডামি ।
- " class="align-text-top noRightClick twitterSection" data="">
আয়ে বিচাৰিলে নৰবলি । লক্ষ্য হ'ল এখন বিশেষ ঘৰ । চাংঘৰৰ পৰা কোলাৰ কেঁচুৱাৰ সৈতে দলিয়াই দিলে মহিলাক । আইৰ নেতৃত্বত লণ্ড ভণ্ড কৰা হ'ল এজন লোকৰ বাসগৃহ । মিচিং জনগোষ্ঠীৰ উক্ত লোকজনৰ চোতালত গাঁৱৰ একাংশ লোকৰ উপস্থিতিত চলি গ'ল মানৱ সমাজক লজ্জানত কৰা এখন নাটক । শোৱনী কোঠাত প্ৰৱেশ কৰি বাকচ ভাঙি নগদ ধন লৈ যোৱাৰ অভিযোগো উত্থাপন কৰে ভুক্তভোগীয়ে ।
একাংশ সচেতন ৰাইজৰ অভিযোগ পোৱাৰ পাছতে সৰৱ হ'ল আৰক্ষী । আইৰ নামত ভণ্ডামি কৰি অহা এগৰাকী মহিলাসহ দুই ভাতৃ অৱশেষত ৰঙা ঘৰৰ আলহী হ'ল । কিন্তু এতিয়াও মুকলি আকাশৰ তলত কেইবাটাও অভিযুক্ত । যাৰ পৰিপ্ৰেক্ষিতত মিছিং জাতীয় সংগঠন টি এম পি কেৰ নেতৃত্বত স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি ধলপুৰ আৰক্ষী চকীত ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । প্ৰশাসনলৈ কৰিলে প্ৰশ্ন । প্ৰশ্ন হয় বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কেনেদৰে সংঘটিত হ'বলৈ পালে এনেধৰণৰ অলৌকিক ঘটনা । কাৰ প্ৰৰোচনাত পৰি এনেদৰে ভণ্ডামিৰ আশ্ৰয় ললে এইসকল লোকে । ফাদিল হ'ব আৰক্ষীৰ তদন্তৰ পাছত ।