ETV Bharat / state

নাৰীক দেৱীৰ লগত তুলনা কৰাৰ অৰ্থ ক’ত : ৰাজীৱ শৰ্মা - Protest against rape

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 5:57 PM IST

Rape case in Assam : ধৰ্ষণকাণ্ডত জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই আহিল এজন সচেতন অভিভাৱক । দেহত ওলমাই ল'লে দুটাকৈ প্ৰশ্ন সম্বলিত প্লে'কাৰ্ড । যোৰহাটৰ ৰাজপথৰ পৰাই দেশ তথা ৰাজ্যৰ প্ৰতিজন পিতৃ-মাতৃক আহ্বান জনালে সজাগ-সচেতন হ'বলৈ ।

A conscious parent protest against rape at Titabar in Jorhat
তিতাবৰত সচেতন অভিভাৱকৰ প্ৰতিবাদ (ETV Bharat Assam)

যোৰহাট, ২৪ আগষ্ট: বিগত দিনকেইটাত ৰাজ্যত পোহৰলৈ অহা জঘন্য ধৰ্ষণকাণ্ডই জোকাৰি গৈছে সৰ্বস্তৰৰ ৰাইজৰ মন-মগজু । বিশেষকৈ ধিংকাণ্ডই সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । নিজৰ সন্তান, পত্নী, ভগ্নী আদি বাহিৰলৈ ওলাই গ'লেই দুঃচিন্তাত ভুগিছে অভিভাৱকসকলে ।

তীব্ৰ শংকাৰ মাজেৰে দিন অতিবাহিত কৰিছে ৰাইজে । ধিং, হোজাইকে আদি কৰি এটাৰ পিচত এটাকৈ সংঘটিত হোৱা ধৰ্ষণ কাণ্ডত জড়িতসকলক আটক কৰাৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাইছে অসম আৰক্ষীয়ে ।

ইফালে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবীত প্ৰান্তে প্ৰান্তে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতে যোৰহাটৰ তিতাবৰত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এজন সচেতন অভিভাৱক । ৰাজ্যত শেহতীয়াকৈ সংঘটিত নাৰী নিৰ্যাতন ঘটনাৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদত নামি পৰিল ৰাজীৱ শৰ্মা নামৰ এজন সচেতন অভিভাৱক । বুকুত আৰু পিঠিত দুখনকৈ প্লেকাৰ্ড ওলোমাই ৰাজপথত ইমুৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিল অভিভাৱকজন ।

ধিংকাণ্ডত জড়িত আনকেইজন দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে অন্য দুখন প্লেকাৰ্ডত দুটাকৈ প্ৰশ্ন কৰে লোকজনে । "মোৰ দৰে সকলো অভিভাৱকে নিজৰ কন্যাক বাহিৰত সুৰক্ষিত বুলি ভাবেনে?" আৰু "নাৰীক দেৱীৰ লগত তুলনা কৰাৰ অৰ্থ ক’ত ?" এই দুই প্ৰশ্ন সম্বলিত প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে লোকজনে । ইয়াৰ জৰিয়তে প্ৰতিবাদকাৰীজনে সমগ্ৰ তিতাবৰ নগৰখন পৰিভ্ৰমণ কৰি পথচাৰীসকলক প্লে'কাৰ্ডসমূহ প্ৰদৰ্শন কৰি ৰাইজৰ লগতে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে ।

এই সন্দৰ্ভত তেওঁ কয়, "আজিৰ সমাজত পিতৃ-মাতৃ শংকাত ভুগিছে । ঘৰৰ পৰা বিভিন্ন কাৰণত ওলাই যোৱা কন্যা সন্তান সময়মতে ঘৰ নোসোমালে শংকিত হৈ পৰে । গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক অনুৰোধ জনাব বিচাৰিছো যে তেওঁলোকে ধৰ্ষণৰ দোষীক যিদৰে শাস্তি দিবলৈ বিচাৰিছে সেয়া তেনেদৰে কৰিলে নহ'ব । ধৰ্ষণৰ গোচৰত জড়িতসকলক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক ।"

তেওঁ লগতে কয়, "মই আজি যিদৰে ওলাই আহিছো ঠিক সেইদৰে ভাৰতবৰ্ষৰ সকলো পিতৃ-মাতৃ ওলাই আহি চৰকাৰক দাবী জনাওক যে, এনে এখন আইন আনক যিখনৰ যোগেদি ধৰ্ষণৰ লগত জড়িত ব্যক্তিক এসপ্তাহ বা পাঁচ দিনৰ ভিতৰত দৃষ্টান্তমূলক শাস্তি দিব পৰা যায় । লগতে মই আহ্বান জনাওঁ যে যদি আপোনালোকৰ অঞ্চলত এনে নাৰকীয় ঘটনা সংঘটিত হয়, তেন্তে লুকুৱাই নাৰাখি সংবাদ মাধ্যম বা স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰি এনে নৰপিশাচবোৰক সমাজৰ পৰা শেষ কৰিবলৈ চেষ্টা কৰিব ।"

লগতে পঢ়ক: ধৰ্ষণৰ অপচেষ্টা কৰা মাতাব আলীক ফাঁচিৰ দাবীত উত্তাল লখিমপুৰ - Attempt to Rape in Lakhimpur

লম্পট শিক্ষকৰ কামনাৰ বলি নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী : উলংগ কৰি উত্তম-মধ্যম ৰাইজৰ - Rape case in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.