যোৰহাট, 20 মে’: 2013 বৰ্ষত নিৰ্মিত এখন অসমীয়া ছবি, নাম "ভাল পাব নাজানিলো"। সেই সময়ত বহুলভাৱে চৰ্চিত হৈছিল এই ছবিখন । জনপ্ৰিয় হৈছিল ছবিখনত অংগৰাগ পাপন মহন্তই কণ্ঠদান কৰা ‘‘সোঁৱৰণী কুঁৱলী’’ শীৰ্ষক গীতটি ৷ এজন যুৱকৰ জীৱনৰ কিছু জীয়া কাহিনী সামৰি নিৰ্মাণ কৰা হৈছিল ছবিখন ।
এই ছবিখনৰ কাহিনী লিখিছিল যুৱকজনে নিজেই । মূল চৰিত্ৰতো অভিনয় কৰিছিল নিজেই । তেওঁ অসমীয়া ছবি জগতৰ এটা নতুন নাম আছিল, যাক সকলোৱে ধ্যান জ্যোতি বৰা বুলি চিনিছিল । সেইখন ছবিত গীত গাইছিল অংগৰাগ পাপন মহন্তই, অভিনয় কৰিছিল জুবিন গাৰ্গৰ দৰে শিল্পীয়ে । অসমীয়া ছবি জগতৰ বহু নবীন-প্ৰবীণ শিল্পীয়েও ছবিখনত অভিনয় কৰিছিল । এই প্ৰতিবেদনত আমি ছবিখনৰ বিষয়ে আলোচনা কৰিব খোজা নাই ৷ আমি ক’ব খুজিছোঁ ধ্যানজ্যোতি বৰাৰ বৰ্তমানটোৰ কথা ৷
যিজন যুৱকৰ প্ৰচেষ্টাৰে এই ছবিখন ৰাইজৰ মাজলৈ আহিছিল তেওঁ আজি শয্যাশায়ী । প্ৰয়াত পিতৃৰ চিকিৎসাৰ নামত লোৱা ঋণৰ ধনৰ বাবে চলেৰে যুৱকজনৰ পৰা গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠান কাঢ়ি ল'লে সুদ খোৰে । ঘৰ-মাটি বিক্ৰী গ'ল তেওঁৰ পিতৃৰ চিকিৎসাৰ নামত । সংস্থাপনৰ আশাত নিজা চহৰ গোলাঘাট এৰি আজিৰ পৰা 12 বছৰৰ পূৰ্বে কম বয়সীয়া যুৱকজনে নিজ মাতৃক লগত লৈ আহিছিল যোৰহাট লৈ । ব্যক্তিগত কোম্পানীত কাম কৰি ধ্যান জ্যোতিয়ে মাতৃক ঠিকেই পোহ-পাল দিছিল । কিন্তু বিগত সাতমাহে ধ্যান জ্যোতি নামৰ প্ৰতিভাধৰ জন অসুস্থ । পেটৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত তেওঁ ।
লগতে পঢ়ক: মেধা, প্ৰতিভাই ভাঙে সকলো বাধাৰ প্ৰাচীৰ, মেধাবী ছাত্ৰীৰ সাফল্যৰ কাহিনী - Assam HS Result 2024
ভাড়া কোঠালিৰ এখন বিচনাত নিয়তিক ধিয়াই পৰি ৰৈছে ধ্যানজ্যোতি ৷ উপযুক্ত চিকিৎসা কৰাবলৈও হাতত নাই সম্বিত । পুত্ৰৰ চিকিৎসাৰ নামত মাতৃয়ে বিক্ৰী কৰিলে হাতৰ-কাণৰ সকলো আ-অলংকাৰ । শেষত নিজে ভাত ৰান্ধি খোৱা গেছৰ চিলিণ্ডাৰ আৰু ষ্ট'ভো বিক্ৰী কৰিবলগীয়া হ’ল পুত্ৰ ঔষধ কিনিবলৈ ।
হাতত ধন নাথাকিলেও আশাবাদী মাতৃ ৷ পুতেক সুস্থ হ'লেই সকলো ঘূৰি আহিব । কিন্তু নাই, দিনক দিনে বেয়াৰ ফালেহে ঢাল খাইছে ধ্যান জ্যোতিৰ স্বাস্থ্য । চিকিৎসকে জনোৱা মতে, ধ্যানজ্যোতিৰ পেটত পাথৰৰ দৰে কিছুমান পদাৰ্থ ধৰা পৰিছে ৷ ঔষধ খোৱাৰ বাহিৰে ইয়াৰ নিৰ্মূলৰ উপায় নাই ৷ অস্ত্ৰোপচাৰ কৰিলেও সম্পূৰ্ণ সুস্থ হ’ব নে নাই সেয়া কোৱাটো কঠিন ৷
যোৰহাটৰ তৰাজান দুই নং সোনাৰি গাঁৱৰ এটা ভাড়াতীয়া কোঠাত পৰি যেন মৃত্যুৰ ক্ষণ গণি পৰি ৰৈছে ধ্যান জ্যোতিয়ে । কাষত কেৱল হুমুনিয়াহ কাঢ়ি ৰৈছে মাতৃ । এই অসহায় মাতৃ-পুত্ৰৰ কাষত থিয় দিবলৈ সময় হ'বনে জনপ্ৰতিনিধি তথা চৰকাৰৰ । জীয়াই থকাৰ আশা বুকুত বান্ধি ধ্যান জ্যোতিয়ে বিচাৰিছে চৰকাৰৰ পৰা চিকিৎসাৰ বাবে কিঞ্চিৎ সহায় । আন কোনো সুহৃদবান ব্যক্তিয়েও যদি অকণমান সহায় কৰিব বিচাৰে তেন্তে ধ্যানৰ মাতৃ বাসৱী শইকীয়া বৰাৰ বেংক অৱ মহাৰাষ্ট্ৰ, কটকী পুখুৰী শাখাৰ 60366542452 এইটো একাউণ্ট নম্বৰত ধন জমা কৰিব পাৰে ৷