ETV Bharat / state

শদিয়াৰ কিশোৰক অৰুণাচলত অপহৰণ কৰি ২৫ লাখ টকা দাবী - Assam Boy kidnapped in Arunachal

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 4:49 PM IST

Kidnapped in Arunachal: শদিয়াৰ ১২ বছৰীয়া এগৰাকী কিশোৰক অপহৰণ কৰি ২৫ লাখ টকা দাবী দুৰ্বৃত্তৰ ৷ অপহৰণকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুজনক আটক ৷ ইয়াৰ পূৰ্বেও ধনদাবীৰ দৰে অভিযোগ উত্থাপন হৈছে আটকাধীন দুই অভিযুক্তৰ বিৰুদ্ধে ৷

ASSAM BOY KIDNAPPED IN ARUNACHAL
শদিয়াৰ কিশোৰক অৰুণাচলত অপহৰণ কৰি ২৫ লাখ টকা ধনদাবী (ETV Bharat Assam)

তিনিচুকীয়া, ৩০ জুলাই: তিনিচুকীয়া জিলাৰ শদিয়াত এগৰাকী ১২ বছৰীয়া কিশোৰক অৰুণাচলত অপহৰণ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পথত সংঘটিত হয় এই অপহৰণকাণ্ড ৷ অপহৃত কিশোৰটি নৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ৰোহিত বাহাদুৰ ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে ৷

কিশোৰটিৰ পিতৃ কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত বাস কৰে:

গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব (ETV Bharat Assam)

অপহৃত কিশোৰটিৰ পিতৃ নৰ বাহাদুৰ ছেত্ৰী শদিয়াৰ যদিও তেওঁ কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত বাস কৰে ৷ অৰুণাচল প্ৰদেশৰ ২৮ মাইলত এটা গৰুৰ খুঁটিত কাম কৰে পৰিয়ালটোৱে ৷ সেইসূত্ৰে কিশোৰগৰাকীয়ে তেজু প্ৰাইমেৰী স্কুলত অধ্যয়ন কৰিছিল ৷ স্কুলৰ পৰাই ঘৰলৈ গৈ থকা অৱস্থাতেই ২২ জুলাইত দিন দুপৰতে কিশোৰটিক অপহৰণ কৰে দুৰ্বৃত্তৰ এটা দলে ।

লগতে পঢ়ক: তিনি যুৱকৰ নিকৃষ্টকাণ্ড: 15 বছৰীয়া কিশোৰীক অপহৰণ আৰু দলৱদ্ধ ধৰ্ষণ - minor girl kidnapped and gang raped

কিশোৰটিৰ পিতৃক মুক্তিপণ বিচাৰি ফোন অপহৰণকাৰীৰ:

ফোনত বাৰ্তালাপ (ETV Bharat Assam)

কিশোৰটিক অপহৰণ কৰাৰ পাচতে পিতৃ নৰ বাহাদুৰ ছেত্ৰীক মুক্তিপণ বিচাৰি ফোন কৰে অপহৰণকাৰী দলটোৱে ৷ দাবী কৰা ধন দিব নোৱাৰিলে কিশোৰটিক হত্যা কৰাৰ ভাবুকি দিয়ে অপহৰণকাৰী দলটোৱে ৷ প্ৰথম অৱস্থাত পৰিয়ালটোৱে কিশোৰটিৰ লগত কোনো অঘটন সংঘটিত হোৱাৰ ভয়ত নিৰুপায় হৈ পৰে ৷ পৰৱৰ্তী সময়ত শদিয়া আৰক্ষীৰ কাষ চাপে পৰিয়ালটো ৷

শদিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা:

শদিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ পাচতে অলপ পলমকৈ পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ৷ তাকে লৈ এতিয়া তিনিচুকীয়া জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়ক: নগাঁৱত পঞ্জাৱৰ পৰিয়ালক আক্ৰমণ কৰি যুৱতীক অপহৰণ : অপহৰণকাৰী হাৰিয়ানাৰ ! - Punjab Girl Kidnapped in Nagaon

ঘটনাৰে জড়িত দুজনক আটক আৰক্ষী:

ASSAM BOY KIDNAPPED IN ARUNACHAL
অপহৰণকাৰী (ETV Bharat Assam)

শদিয়াৰ কিশোৰগৰাকীক অপহৰণকাণ্ডৰ সৈতে জড়িত থকা সন্দেহত আজি আৰক্ষীয়ে দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ অপহৰণৰ ঘটনাৰ সৈতে জড়িত দুজনক কৰায়ত্ত কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা । দুই আটকাধীন অৰুণাচলী ক্ৰমে নাজুছ' তামাই আৰু গোবিন তামাং বুলি চিনাক্ত কৰা হৈছে ৷

ধৃত দুয়োজনৰ বিৰুদ্ধে পূৰ্বেও আছে ধনদাবীৰ অভিযোগ:

ASSAM BOY KIDNAPPED IN ARUNACHAL
অপহৰণকাৰী (ETV Bharat Assam)

ধৃত দুয়োজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও ধনদাবীৰ দৰে অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈ অপহৃত ১২ বছৰীয়া কিশোৰগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । শদিয়া আৰু অৰুণাচল আৰক্ষীৰ সহযোগত শদিয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ এটা দলে অৰুণাচলৰ বনাঞ্চলত কিশোৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: চাংলাঙৰ কয়লাখনিৰ শ্ৰমিক অপহৰণ : ২৪ ঘণ্টাৰ পাচতো নাই সন্ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.