ETV Bharat / state

সোণাপুৰৰ আক্ৰমণৰ বাবে কংগ্ৰেছ-আমছুক জগৰীয়া কৰিলে ৯ জনজাতীয় সংগঠনে - Sonapur Eviction incident

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 10:31 PM IST

Sonapur eviction: সোণাপুৰৰ উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাইবেল সংঘসহ ৯ জনজাতীয় সংগঠন । অসমৰ ৪৭ টা ট্ৰাইবেল বেল্ট/ব্লকলৈকে উচ্ছেদ সম্প্ৰসাৰণ কৰিবলৈ দাবী সংগঠনকেইটাৰ ।

Sonapur eviction  :9 tribal organization condemned Congress and AAMSU
ট্ৰাইবেল সংঘসহ ৯ জনজাতি সংগঠনৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী,১৩ ছেপ্টেম্বৰ: “কেৱল সোণাপুৰতেই নহয়, বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে ট্ৰাইবেল বেল্ট/ব্লকসমূহত হোৱা ব্যাপক বেদখল উচ্ছেদ কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাছিল । বৰঞ্চ, ভোটৰ স্বাৰ্থত বেদখলকাৰীসকলক বেল্ট/ব্লকৰ ভূমি, চৰকাৰী ভূমি দখল কৰিবলৈ সমগ্ৰ অসমত উৎসাহিতহে কৰিছিল ।” সদৌ অসম ট্রাইবেল সংঘৰ লগতে আঠটা জনজাতীয় দল-সংগঠনৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এই বিস্ফোৰক অভিযোগ ।

জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়ক তথা ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীসহ সদৌ অসম ট্রাইবেল সংঘ, টাকাম মিচিং পৰিণ কেবাং, সদৌ অসম ট্রাইবেল ইয়ুথ লীগ, মিচিং মিমাগ কেবাং, সদৌ অসম দেউৰী ছাত্ৰ সন্থা,সদৌ অসম হাজং ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্র সন্থা, সদৌ মদাহী কছাৰী ছাত্র সন্থাৰ নেতৃবৃন্দই আজি শেহতীয়াভাৱে চলোৱা সোণাপুৰৰ ট্ৰাইবেল বেল্টত চলোৱা উচ্ছেদ অভিযানৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷

বিপৰীতে কংগ্ৰেছৰ লগতে আমছু নেতৃত্বৰ প্ৰতি সমালোচনাত মুখৰ হৈ পৰে । শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি তেঁওলোকে কয়,“বর্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰেই প্ৰথম চৰকাৰ যি চৰকাৰে ট্রাইবেল বেল্ট/ব্লকত সংঘটিত হোৱা অবৈধ বেদখল উচ্ছেদ কৰিবলৈ সাহস গোটাইছে । জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমৰ তৰফৰ পৰা মুখ্য মন্ত্রীগৰাকীক এই সাহসৰ বাবে অশেষ কৃতজ্ঞতা প্রকাশ কৰিছো ।”

জনজাতীয় সংগঠনকেইটাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চলোৱা উচ্ছেদসমূহ যুক্তিসংগত বুলি দাবী কৰি যুক্তি দাঙি ধৰে । যুক্তি হিচাপে আগবঢ়ালে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা,“ জোনাইৰ কবু চাপৰি, গৰুখুঁটি, সোণাপুৰৰ কচুতলী পথাৰ, সোণাপুৰ পথাৰ, গোমৰীয়া পথাৰত চলোৱা উচ্ছেদ কাৰ্য বিধি সন্মত । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৮/২০১২ নম্বৰৰ জনস্বার্থ জড়িত গোচৰত মাননীয় আদালতে সমগ্র অসমৰ ট্রাইবেল বেল্ট/ব্লক সমূহত সংঘটিত হোৱা বেদখল মুক্ত কৰিবলৈ অসম চৰকাৰ তথা জিলা আযুক্ত সকলক হুকুম জাৰি কৰি থৈছে । সদৌ অসম ট্রাইবেল সংঘ আৰু অন‍্যান্য জাতীয় সংগঠনৰ তথ্য ভিত্তিক অভিযোগ আৰু উচ্চ ন্যায়ালয়ৰ হুকুম মতে ৰাজ্য চৰকাৰে এই উচ্ছেদ অভিযান চলাইছে ।”

আনহাতে সোণাপুৰত বেদখলকাৰীৰ আৰক্ষী-প্ৰশাসনৰ উচ্ছেদ চলোৱা লোকক আকস্মিক আক্ৰমণৰ আঁৰত তৃতীয় শক্তিৰ কথা উল্লেখ কৰিলে আদিত্য খাখলাৰীয়ে । খাখলাৰীয়ে কয়,“ তৃতীয় পক্ষৰ প্ৰৰোচনাত উচ্ছেদিত লোকসকলে সংগঠিত ৰূপত চক্র বিষয়া আৰু পুলিচ বাহিনীৰ ওপৰত চলোৱা আক্রমণক গৰিহণা দিয়ে । চি.চি.টি.অ.এই দাবী কৰে যে, উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ আৰু কঠোৰ হব লাগে, চক্র বিষয়া, পুলিচ বাহিনীৰ ওপৰত আক্রমণ চলোৱা লোকসকলক কঠোৰ শাস্তি বিহিব লাগে ।”

লগতে উচ্ছেদ কার্য অসমৰ ৪৭ টা বেল্ট/ব্লকলৈকে সম্প্ৰসাৰণ কৰিবলৈ দাবী সংগঠন কেইটাৰ । ইয়াৰোপৰি সংবাদমেলত তেঁওলোকে কয়,“কচুতলীৰ বেদখলকাৰী লোকসকলক প্রসাশনে উঠি যাবলৈ কোৱাত বহু লোক টালি-টোপোলা লৈ গুচি গৈছিল । উচ্ছেদ কার্যও শান্তিপূর্ণভাৱেই সম্পন্ন হৈছিল । স্থানীয় খিলঞ্জীয়া ৰাইজৰ অভিযোগ মতে দুদিনৰ পূৰ্বে কংগ্ৰেছ আৰু আমচুৰ সদস্য উক্ত অঞ্চলত সোমাই উচ্ছেদিত লোকসকলক প্রৰোচিত কৰাৰ বাবেই প্ৰশাসনৰ ওপৰত সংগঠিত ৰূপত আক্রমণ সংঘটিত হয় ।”

লগতে পঢ়ক: সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ সোণ যেন ভূমি বেদখলৰ আঁৰৰ কাহিনী - Sonapur Eviction incident

সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক - Sonapur eviction incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.