ETV Bharat / state

দুই-এক বিক্ষিপ্ত ঘটনাৰ মাজেৰে চামগুৰিৰ উপ-নিৰ্বাচনত ৭৯.৫৫ শতাংশ ভোটদান - SAMAGURI BYE ELECTION 2024

Assam Bye Election: দুই এক সৰু-সুৰা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণভাৱেই সম্পন্ন হ'ল চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন । ১ লাখ ৪৩ ভোটাৰে কৰিলে ভোটদান ।

Assam Bye Election
হিংসাজৰ্জৰ চামগুৰিৰ উপ-নিৰ্বাচনত ৭৯.৫৫ শতাংশ ভোটদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 1:46 PM IST

নগাঁও: প্ৰাক নিৰ্বাচনী হিংসা, প্ৰতিহিংসা, আক্ৰমণ, প্ৰত্যাক্ৰমণ, অভিযোগ প্ৰতি অভিযোগে সকলোৰে দৃষ্টি নিবদ্ধ কৰা চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অৱশেষত শান্তিপূৰ্ণভাৱেই সম্পন্ন হ'ল । ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভিতৰত সৰ্বাধিক চৰ্চিত সমষ্টি হিচাপে বিবেচিত হৈছিল পূৰ্বে ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি বিধানসভা সমষ্টি ।

৭৯.৫৫ শতাংশ ভোটদান

উপ-নিৰ্বাচনত সমষ্টিটোৰ পৰা মুঠ ১১ গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে যদিও বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজতে মূল যুঁজখন হ'ব বুলি ধাৰণা কৰিছে ৰাজনৈতিক মহলে । ইতিমধ্যেই ১১ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে ই ভি এমত । চামগুৰি সমষ্টিৰ মুঠ ১,৭৯,৯২৩ গৰাকী ভোটাৰৰ ৭৯.৫৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে ১৮ মহীয়া এগৰাকী বিধায়ক নিৰ্বাচনৰ বাবে । অৰ্থাৎ চামগুৰি সমষ্টিৰ মুঠ ১,৭৯,৯২৩ গৰাকী ভোটাৰৰ এক লাখ ৪৩ হাজাৰ ভোটাৰে উপ-নিৰ্বাচনত সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ।

কংগ্ৰেছ, বিজেপিৰ লগতে আম আদমি পাৰ্টী, ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ উপৰিও ৫ গৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থী অৱতীৰ্ণ হোৱা চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কোনগৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া স্পষ্ট হ'ব অহা ২৩ নৱেম্বৰৰ ভোটগণনাৰ পাছতহে ।

চামগুৰিৰ নিৰ্বাচনী প্ৰেক্ষাপট

২০০১ চনৰ পৰাই কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত আছিল চামগুৰি সমষ্টি । তেওঁ ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে পদত্যাগ কৰে আৰু তাৰ পাছত অনুষ্ঠিত হয় উপ-নিৰ্বাচন । এই উপ-নিৰ্বাচনত চামগুৰি সমষ্টিটো পুনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰে পুত্ৰৰ নামত দখল কৰিবলৈ যেন সৰ্বশক্তিয়েই প্ৰয়োগ কৰিলে সাংসদ ৰকিবুল হুছেইনে ।

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টি পুনৰ নিৰ্ধাৰণে সলোৱা সমষ্টিৰ নতুন সীমা অনুযায়ী চামগুৰিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও পুৰণি সীমাৰে অনুষ্ঠিত হোৱা ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অন্তিমটো উপ-নিৰ্বাচনত সমষ্টিটো দখলৰ বাবে শাসকীয় দল বিজেপিয়েও যেন কৰা নাই তিলমানো কৃপণালি । ইফালে ৰকিবুল হুছেইনৰ সন্মানৰ প্ৰশ্নৰ আনফালে বিজেপিৰ বাবেও যেন চেলেঞ্জ হৈ পৰিছে চামগুৰি দখলৰ প্ৰসংগ ।

কংগ্ৰেছ, বিজেপি দুয়োটা দলৰেই সৰ্বশক্তিৰ যুঁজত প্ৰাক নিৰ্বাচনী হিংসা, মাৰপিট আদিৰ মাজেৰে সম্পন্ন হৈ গ'ল সমষ্টিটোৰ উপ-নিৰ্বাচন । আনকি প্ৰাক নিৰ্বাচনী হিংসাৰ মাজতেই বিপুল শইকীয়া নামৰ এগৰাকী বিজেপি কৰ্মীয়ে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাও সংঘটিত হৈ গ'ল চামগুৰিত । এতিয়া চামগুৰিৰ ৰাইজে সমষ্টিটোৰ পৰৱৰ্তী বিধায়ক হিচাপে কাৰ পক্ষত ৰায়দান কৰিছে সেয়া অপেক্ষা কৰিব লাগিব ২৩ নৱেম্বৰলৈ ।

লগতে পঢ়ক :পৰাজয় স্বীকাৰ কৰিলে নেকি ৰকিবুল হুছেইনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.