ETV Bharat / state

৭৯.২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ লখিমপুৰ জিলাত - HSLC Result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 1:36 PM IST

Assam HSLC Result 2024 : ঘোষণা হ'ল ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭৩% ৷ ইফালে লখিমপুৰ জিলাত উত্তীৰ্ণৰ হাৰ ৭৯.২ শতাংশ ।

79.2 per cent candidates passed in HSLC exam in Lakhimpur district
৭৯.২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ লখিমপুৰ জিলাত

লখিমপুৰ, ২০ এপ্রিল : পূৰ্বৰ কোনো জাননী অবিহনে অৱশেষত আজি ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা প্ৰায় ১০:৩০ বজাৰ লগে লগে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭৩% ৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩% হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪% ৷

২০২৪ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী শিক্ষাৰ্থী ৷ তাৰে ৩ লাখ ১৭ হাজাৰ ৭১৩ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ পূৱা প্ৰায় ১০:৩০ বজাৰ লগে লগে কেইবাটাও ৱেবচাইটত উপলব্ধ হয় এই ফলাফল । ঘোষিত ফলাফল অনুসৰি লখিমপুৰ জিলাত ৭৯.২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ।

উল্লেখ্য যে, জিলাখনত এই বাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ১৭ হেজাৰ ১৯৩ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ৪ হেজাৰ ৭৩৩ জন প্ৰথম বিভাগত, ৬ হেজাৰ ৭৮৩ জন দ্বিতীয় বিভাগত আৰু ২ হেজাৰ ১০৭ জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । জিলাখনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ৩ হেজাৰ ৫৭০ জন অনুত্তীৰ্ণ হৈ ৰয় ।

মন কৰিবলগীয়া যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমত প্ৰথম বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে ১ লাখ ৫ হাজাৰ ৮৮৩ ৷ তাৰে ৫১ হাজাৰ ৬ গৰাকী ছাত্ৰ আৰু ৫৪ হাজাৰ ২৫৪ গৰাকী ছাত্ৰী ৷ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১ লাখ ৫০ হাজাৰ ৭৬৪ গৰাকী ৷ যাৰ ভিতৰত ৬৯ হাজাৰ ৯৩০ জন ছাত্ৰ আৰু ৮০ হাজাৰ ৮৩২ গৰাকী ছাত্ৰী ৷

আনহাতে, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬০ হাজাৰ ৬৮০ গৰাকী শিক্ষাৰ্থী ৷ তাৰে ২৩ হাজাৰ ৭১৭ জন ছাত্ৰৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা ৩৬ হাজাৰ ৯৬০ ৷

লগতে পঢ়ক : 10 বজাৰ লগে লগে ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ - HSLC Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.