ETV Bharat / state

জাতি-মাটি-ভেটি ৰক্ষাৰ বিশাল সংগ্ৰামত লিপ্ত হৈছো: স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রী - 78th Independence Day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 2:52 PM IST

Assam CM Independence Day speech : খানাপাৰাত কেন্দ্ৰীয়ভাৱে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দীঘলীয়া ভাষণত ৰাজ্যৰ প্ৰগতিৰ লগতে উন্নয়নৰ বিভিন্ন আঁচনি আৰু লক্ষ্যৰ কথা উল্লেখ । বাংলাদেশৰ হিন্দুৰ নিৰাপত্তাৰ বাবে উৎকণ্ঠা প্ৰকাশ । মুছলমানৰ জনসংখ্যা বৃদ্ধিতো উদ্বিগ্নতা প্ৰকাশ । ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণৰূপে নিৰ্মূল হ'ব বাল্যবিবাহ । জনগাঁথনিৰ পৰিৱৰ্তন হৈছে আৰু খিলঞ্জীয়াৰ প্ৰতি ভাবুকি আহিছে । নতুন প্ৰচেষ্টা হাতত ল'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ।

Independence day celebration in Assam
খানাপাৰাত স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

গুৱাহাটী, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে ৭৮ সংখ্যক স্বাধীনতা দিৱস । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ।

খানাপাৰাৰ খেলপথাৰত ৰাইজৰ উপস্থিতিত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।

Independence day celebration in Assam
খানাপাৰা খেলপথাৰত কুচকাৱাজৰ এক দৃশ্য (ETV Bharat Assam)

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী

দীঘলীয়া ভাষণত মুখ্যমন্ত্রীয়ে কয়, "বাংলাদেশত থকা হিন্দু, শিখ আৰু খ্ৰীষ্টানসকলৰ প্ৰতি মোৰ মন উৰি গৈছে । তেওঁলোকৰ বাবে মই চিন্তিত হৈ আছো । মোৰ বিশ্বাস বাংলাদেশৰ হিন্দুসকলক প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তা দিব । বাংলাদেশৰ হিন্দুৰ নিৰাপত্তাৰ বাবে উৎকণ্ঠা প্ৰকাশ কৰিছো । অসমৰ সীমান্ত সুৰক্ষিত কৰা হৈছে । এজনো বাংলাদেশীক আহিবলৈ দিয়া নহ'ব । বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্রীৰ প্ৰতি আহ্বান জনাম ।"

Independence day celebration in Assam
অভিবাদন গ্ৰহণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

অসমে কি কি পালে

আনহাতে, প্ৰাপ্তিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত হোৱাটো অসমবাসীৰ অনন্য প্ৰাপ্তি । মোৰ ৰাজনৈতিক জীৱনৰ বাবে ই এক অনন্য প্ৰাপ্তি হৈ ৰ'ব । চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ প্ৰক্ৰিয়াটো সহজ নাছিল । আন এক প্ৰাপ্তি হৈছে টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে জাগীৰোডত স্থাপন কৰা ছেমি কণ্ডাক্টৰ উদ্যোগ । সেইদৰে গুৱাহাটী ৰিং ৰোড পৰিযোজনাৰ স্বীকৃতি আন এক প্ৰাপ্তি ।"

তেওঁ লগতে কয়, "এনেধৰণৰ মূলধনী বিনিয়োগে ৰাজ্যখনক নতুন জীৱন দিব । আমি বৰ্তমান অমৃতকালৰ মাজেৰে যাত্রা কৰিছো । মই অসমবাসীক গৌৰৱেৰে ক'ব বিচাৰো যে ২০২৩-২৪ বৰ্ষত ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্রত ১৩.৯ শতাংশ আৰু জনমূৰি আয়ৰ ক্ষেত্রত ১২.৮৪ শতাংশ বৃদ্ধিৰে অসমে দেশৰ দ্ৰুত বিকশিত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে ।"

অসমৰ ভৱিষ্যৎ প্ৰসংগত মুখ্যমন্ত্ৰী

আনহাতে, অসমৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "অসমৰ ভৱিষ্যৎ সুৰক্ষিত নহয় । হিন্দু আৰু মুছলমানৰ জনসংখ্যাৰ মাজৰ যি ভাৰসাম্য আছিল, সেই ভাৰসাম্য লাহে লাহে কমি আহিছে । মুছলমানৰ জনসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে হিন্দুৰ জনসংখ্যা ৫৭ শতাংশলৈ হ্ৰাস পাইছে । মই ৰাইজক আহ্বান জনাইছো, আমি পূৰ্বৰ পৰিৱেশ ঘূৰাই আনিব লাগিব ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "অহা ২ অক্টোবৰৰ পৰা 'ৰাইট টু পাব্লিক ছাৰ্ভিচ' আয়োগ আৰম্ভ হ’ব । ইয়াৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীৰ কামত গাফিলতিৰ অভিযোগ দিব পাৰিব । কৰ্মচাৰী দোষী হ’লে জৰিমনা বিহাৰ ব্যৱস্থা থাকিব ।"

বাল্যবিবাহৰ প্ৰসংগও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "চলিত বৰ্ষৰ ৩১ মে’লৈ অসমত বাল্যবিবাহৰ ৫,৪১৩ টা গোচৰ ৰুজু হৈছে । ন্যায়ালয়ৰ জৰিয়তে বহুতকে শাস্তি দিয়া হৈছে । ২০২৬ চনৰ ভিতৰত বাল্যবিবাহ নিৰ্মূল কৰা হ'ব ।"

মুখ্যমন্ত্রীয়ে ভাষণত ২০ লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কথাও ঘোষণা কৰে । ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, "অসমত ৰাষ্ট্ৰীয় উদ্যান ৮ খনলৈ বৃদ্ধি পালে । বি টি এ ডিত দুখনলৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা । ১৬৭ বৰ্গকিলোমিটাৰ বনভূমি আমি বিশেষ সম্প্ৰদায়ৰ পৰা উলিয়াই আনিছোঁ । ৰাজ্যত ৭৪ টা নতুন মহকুমা গঠনৰ কৰা হ’ব । ২ অক্টোবৰ পৰা মিছন বসুন্ধৰা ৩.০ আৰম্ভ হ’ব । জনজাতীয় লোকৰ মাটি অন্য কোনো সম্প্ৰদায়ৰ লোকলৈ যাতে নাযায় তাৰ বাবে আইন অনা হ’ব । গোৱালপাৰাৰ জনজাতীয় লোকৰ মাটি কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰিব ।"

নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিম বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "এক লাখ নিযুক্তি অতিক্ৰম কৰি আমি ডেৰ লাখত ভৰি দিম । এক লাখ নিযুক্তিৰ ক্ষেত্ৰতো আমাক সমালোচনা কৰা হৈছিল । অসমক এখন আত্মগৌৰৱী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ । অসমৰ দৰিদ্ৰ লোকৰ জনসংখ্যা ২০১৩-১৪ বৰ্ষৰ ৩৬.৯৭ শতাংশৰ পৰা ১৪.৪৭ শতাংশলৈ হ্ৰাস পাইছে । অসম এখন বিকশিত ৰাজ্যৰ পথত আগবাঢ়িছে ।"

১ লাখ নিযুক্তিৰ প্ৰসংগ কৰি তেওঁ কয়, "এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি অনুসৰি ৯০৩ টা নিযুক্তি হ'লেই সেই প্ৰতিশ্ৰুতি পূৰণ হ'ব । এই নিযুক্তি ডেৰ লাখলৈ নিয়াৰ বাবে ধাৱমান হৈছো । আমি প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিম । অসম দেশৰ পাঁচখন বিকশিত ৰাজ্যৰ ভিতৰত এখন হ'ব ।"

ভূমিনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

'জাতি-মাটি-ভেটি ৰক্ষাৰ এখন বিশাল সংগ্ৰামত আজি নিজকে লিপ্ত কৰিছো' বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, "জনগাঁথনিৰ পৰিৱৰ্তন হৈছে । খিলঞ্জীয়াৰ প্ৰতি ভাবুকি আহিছে । আমি ১২-১৩ খন জিলাত সংখ্যালঘুত পৰিণত হৈছো । নতুন প্ৰচেষ্টা হাতত ল'ব বিচাৰিছো । অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয়, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটি আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবে কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো।"

সত্ৰৰ ভূমি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো । আমাৰ মাটিখিনি ৰক্ষাৰ বাবে আইন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা-৩ আৰম্ভ হ'ব । ইয়াৰ যোগেদি গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি হস্তান্তৰৰ বাবে প্ৰিমিয়াম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । খিলঞ্জীয়া লোকেহে ভূমিৰ অধিকাৰ পাব ।"

উল্লেখ্য, মুখ্যমন্ত্রীয়ে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে বিভিন্ন কুচকাৱাজ উপভোগ কৰে । স্বাধীনতা দিৱসৰ অনুষ্ঠানত মন্ত্রী-বিধায়ক আৰু চৰকাৰী উচ্চপদস্থ বিষয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত অসমৰ বাৰেবৰণীয়া কলা-সাংস্কৃতিও প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক :ৰাজ্যজুৰি উলহ-মালহেৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন - INDEPENDENCE DAY 2024
লগতে পঢ়ক :আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.