কোকৰাঝাৰ, ২ মাৰ্চ : পদ্মশ্ৰীপ্ৰাপক, সাহিত্য অকাডেমী বঁটাপ্ৰাপক ড৹ মংগল সিং হাজোৱাৰীৰ আজি ৭০ সংখ্যক জন্মদিন ৷ বিশেষ দিনটোৰ লগত সংগতি ৰাখি কোকৰাঝাৰত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।
সমাজসেৱক সৰ্বেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত শনিবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত ড৹ মংগল সিং হাজোৱাৰীৰ তিনিখন গ্ৰন্থ ক্ৰমে পৰম্পৰাগত বড়ো উৎসৱসমূহ: এক সমালোচনাত্মক অধ্যায়ন, গৌদান মুগানি থান্দৈ(নতুন যুগৰ প্ৰতিনিধি): ড৹ মংগলসিং হাজোৱাৰী আৰু এলবাম উইথ চুইট মেমোৰী উন্মোচন কৰে অৱসৰপ্ৰাপ্ত আইআৰএচ বিষয়া জনকলাল বসুমতাৰীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
ইয়াৰে গৌদান মুগানি থান্দৈ(নতুন যুগৰ প্ৰতিনিধি): ড৹ মংগল সিং হাজোৱাৰী গৱেষণা গ্ৰন্থখনৰ অনুবাদ, সম্পাদনা আৰু সংকলক ড৹ মংগল সিং হাজোৱাৰী ৷ উক্ত গ্ৰন্থখন ড৹ জীৱেশ্বৰ কোচৰ অধ্যক্ষতাত ৰূপনাথ মুছাহাৰীয়ে সম্পাদনা কৰাৰ বিপৰীতে আন দুখন গ্ৰন্থৰ লিখক হ'ল স্বয়ং ড৹ মংগলসিং হাজোৱাৰী । গ্ৰন্থ উন্মোচনী সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা ড৹ ফাগুনা বৰমাহালীয়াই ।
আজিৰ গ্ৰন্থ উন্মোচনী সভাত ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন কুমাৰ বসুমতাৰী, অৱসৰপ্ৰাপ্ত খণ্ড শিক্ষা বিষয়া অমৰসিং ব্ৰহ্ম , খণ্ড শিক্ষা বিষয়া ৰূপনাথ বসুমতাৰীকে ধৰি আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে পদ্মশ্ৰী, সাহিত্য অকাডেমী বঁটাৰ উপৰিও আন বহুকেইটা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ড৹ মংগলসিং হাজোৱাৰীয়ে ইতিমধ্যে প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে কেবাখনো পাঠ্যপুথি যুগুত কৰি উলিয়াইচে ৷ ইয়াৰোপৰি বাথৌ প্ৰাৰ্থনা গীত, প্ৰৱন্ধাৱলী, চুটিগল্প -সাহিত্য -নাটক -কবিতাপুথিও তেখেতে লিখি উলিয়াইছে ।
প্ৰণিধানযোগ্য যে শনিবাৰে ড৹ মংগল সিং হাজোৱাৰীৰ ওপজা দিনটোত অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসভৱনলৈ গৈ শুভেচ্ছা জ্ঞাপন কৰে ।
লগতে পঢ়ক: কোকৰাঝাৰত 25 সহস্ৰাধিক ভক্তৰ অংশগ্ৰহণেৰে আয়োজিত মহাযজ্ঞ