ETV Bharat / state

চীনা যুদ্ধৰ ৬১ বছৰ পিছত চীনত নিৰ্মিত মৰ্টাৰ উদ্ধাৰ চেঁচা নদীত - Chinese made mortar found

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 7:20 PM IST

Chinese War of 1962: ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ৰ এটা মৰ্টাৰ শোণিতপুৰ জিলাত উদ্ধাৰ কৰা হৈছে ৷ চেঁচা নদীত মাছ মাৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল এই মৰ্টাৰটো পাছত সেনাই নিৰাপদে বিস্ফোৰণ ঘটায় । এই বোমাটো চীনত নিৰ্মান হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ।

CHINESE MADE MORTAR FOUND
শোণিতপুৰত চীনত নিৰ্মিত মৰ্টাৰ উদ্ধাৰ (ETV Bharat Assam)

তেজপুৰ, ৩১ আগষ্ট: শোণিতপুৰ জিলাৰ মিছামাৰীত উদ্ধাৰ হৈছে চীনত নিৰ্মিত মৰ্টাৰ । মিছামাৰী থানাৰ অধীনস্থ বেলশিৰি আউট পোষ্টৰ অন্তৰ্গত জৌগাপুৰ গাঁৱৰ চেঁচা নদীত উদ্ধাৰ কৰা হৈছে এই মৰ্টাৰটো । শুকুৰবাৰে বিয়লি চেঁচা নদীত মাছ মাৰি থাকোতে উদ্ধাৰ হৈছিল এই মৰ্টাৰটো । ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ সুদীৰ্ঘ ৬১ বছৰ পিছত উদ্ধাৰ হয় চীনত নিৰ্মিত মৰ্টাৰটো ।

সেনাৰ দলে বিস্ফোৰণ ঘটাই মৰ্টাৰটোৰ: শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জনাই যে চীনত নিৰ্মিত বুলি সন্দেহ কৰা আৰু ১৯৬২ চনৰ যুদ্ধৰ সময়ত এৰি থৈ যোৱা ২ ইঞ্চিৰ (Mortar Smoke) বোমা এটা মিছামাৰী আৰক্ষী থানাৰ বেলশিৰি আউট পোষ্টৰ অন্তৰ্গত জৌগাপুৰ গাঁৱৰ চেঁচা নদীৰ পাৰত বিস্ফোৰণ ঘটোৱা হয় ।

শোণিতপুৰ মিছামাৰী আৰ্মী কেম্পৰ লেফটেনেণ্ট কৰ্ণেল অভিজিত মিশ্ৰৰ নেতৃত্বত ভাৰতীয় সেনাৰ এটা দলে শনিবাৰে পুৱা প্ৰায় ৮.৩০ বজাত এই মৰ্টাৰটোৰ বিস্ফোৰণ ঘটায় ৷ আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা মতে, জৌগাপুৰ গাঁৱৰ এজন লোকে চেঁচা নদীত মাছ মাৰি থকা সময়ত এই মৰ্টাৰটো উদ্ধাৰ কৰে ।

মৰ্টাৰটো চীনত নিৰ্মান কৰাৰ সন্দেহ: ১৯৬২ চনত চীনৰ আগ্ৰাসনৰ সময়ত চীনা সৈন্যই শোণিতপুৰ জিলাৰ মিছামাৰীৰ সমীপলৈকে আহিছিল । সেই সময়ত চীনা সৈন্যৰ বৰ্বৰতাৰ বলি হৈ নেফাৰ বৰ্তমান অৰুণাচল প্ৰদেশৰ অসম সীমান্তত শ শ তিব্বতীয় লোকে আশ্ৰয় গ্ৰহণ কৰিছিল ৷ বহু লোকে অৰুণাচল প্ৰদেশৰ মিছামাৰী বেলশিৰি, হুগ্ৰাজুলি অঞ্চলতো আশ্ৰয় লৈছিল ৷

তেজপুৰ চহৰত ইয়াৰ প্ৰভাৱ পৰিছিল ৷ বহু লোকে ঘৰ-বাৰী এৰি পলাই গৈছিল ৷ তেওঁলোকে গৰু গাড়ীত সামগ্ৰী কঢ়িয়াই আনি জাহাজ ঘাটৰে ফেৰীৰ সহায়ত নগাঁও-গুৱাহাটীলৈ পলায়ন কৰিছিল ৷ আনকি জিলা প্ৰশাসনৰ মুৰব্বী, আৰক্ষী অধীক্ষকসকলো তেজপুৰ চহৰৰ পৰা পলায়ন কৰিছিল ।

চেঁচা নদী : চেঁচা নদীৰ উৎস হ’ল পাহাৰ ৷ দুটা পাহাৰৰ মাজেৰে অৰুণাচল প্ৰদেশৰ ওখ অঞ্চলৰ মাজেৰে বৈ আহিছে এই নদীখন । যিহেতু অৰুণাচল প্ৰদেশৰ কামেং অঞ্চলৰ পৰা অহা, সেইবাবেই ১৯৬২ চনত চীনা সৈন্যই অধিগ্ৰহণ কৰোতে সোমাই আহিছিল । এই নদীখনে অসমৰ শোণিতপুৰ জিলাৰ কাষেৰে বৈ গৈছে । বৰ্তমান উদ্ধাৰ হোৱা মৰ্টাৰ সেই সময়ত চীনা সৈন্য বাহিনীৰ লোকে ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক: China War witness passes away : ১৯৬২ৰ চীনা যুদ্ধৰ সাক্ষী মহেন্দ্ৰ নাথ হাজৰিকাৰ বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.