ETV Bharat / state

ছয় বছৰে কোনে দিশে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ? - Abhi Neel murder case - ABHI NEEL MURDER CASE

Abhi Neel mob lynching case : ছয় বছৰেই সম্পূৰ্ণ হ’ল ৰাজ্য কপোৱা নীল-অভি হত্যাকাণ্ডৰ । ছয় বছৰে ন্যায় নাপালে নীল-অভিৰ পৰিয়ালে । আদালতৰ ৰায়দানলৈ ৰাজ্যবাসীয়ে অপেক্ষা কৰি থকা অভি-নীল হত্যাকাণ্ডৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে আদালতত । নগাঁও আদালতত চলি থকা বিচাৰপ্ৰক্ৰিয়া এতিয়া কোন দিশে ? কেতিয়া ন্যায় পাব নীল-অভিৰ পৰিয়ালে ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

ABHI NEEL MURDER CASE
নীল-অভি হত্যাকাণ্ডৰ ছয় বছৰ সম্পূৰ্ণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 7:48 PM IST

নগাঁও, ৮ জুন: সমগ্ৰ ৰাজ্য কঁপাই যোৱা এটা শিহৰণকাৰী হত্যাকাণ্ড । আজি ছয় বছৰ সম্পূৰ্ণ হোৱা কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছিল ভয়ংকৰ হত্যাকাণ্ড । য’ত গুৱাহাটীৰ দুজনকৈ যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিছিল এটা পাষণ্ডৰ দলে । যাক লৈ সমগ্ৰ ৰাজ্যজুৰিয়েই প্ৰতিবাদ হোৱাৰ উপৰিও অভিযুক্তক চৰম শাস্তি প্ৰদান দাবী উত্থাপিত হৈছিল ।

নীল-অভি হত্যাকাণ্ডৰ ছয় বছৰ সম্পূৰ্ণ (ETV Bharat Assam)

ঘটনা সংঘটিত হোৱাৰ পিচতেই সেই সময়ৰ ডিফু আৰক্ষীয়ে তিনিগৰাকী নাবালকসহ মুঠ ৪৭ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল । লগতে অতি কম সময়ৰ ভিতৰতেই গোচৰটোৰ অভিযোগনামাও দাখিল কৰিছিল সেই সময়ৰ ডিফু আৰক্ষীয়ে ।

আদালতত চলি থকা বিচাৰপ্ৰক্ৰিয়াৰ শেহতীয়া খবৰ, তথ্য জনাৰ পূৰ্বে জানি লওঁ কেনেকৈ সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড ।

কেতিয়া কিয় ডকমকালৈ গৈছিল নীল-অভি ?

চন 2018 । আজিৰ পৰা ছয় বছৰ পূৰ্বে অৰ্থাৎ 2018 চনৰ 8 জুন তাৰিখেই সংঘটিত হৈছিল ৰাজ্য সমগ্ৰ কঁপাই যোৱা নীল-অভি হত্যাকাণ্ড । নীল-অভি অৰ্থাৎ গুৱাহাটীৰ দুই চফল ডেকা নীলোৎপল দাস আৰু অভিজিৎ নাথে ভাল পাইছিল প্ৰকৃতি । যাৰ বাবে গুৱাহাটীৰ পৰা 2018 চনৰ 8 জুনত সেউজীয়া কাৰ্বিভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ কাৰ্বি আংলঙলৈ গৈছিল নীলোৎপল দাস আৰু অভিজিৎ নাথ । কিন্তু কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ পথতেই অন্ধবিশ্বাসৰ বলি মানৱৰূপী এদল দানৱে সোপাধৰাৰ সন্দেহত আগচি ধৰি নিৰ্মমভাৱে আক্ৰমণ আৰম্ভ কৰিছিল নীলোৎপল দাস আৰু অভিজিৎ নাথক ।

পাষণ্ডৰ দলটোৱে নিৰ্মমভাৱে আক্ৰমণ কৰাৰ সময়তে প্ৰাণভিক্ষা খুজি চিৎকাৰ কৰিছিল গুৱাহাটীৰ যুৱক দুজনে । কিন্তু কোনেও যুৱক দুজনৰ কোনো অনুৰোধেই গুৰুত্ব নিদি কেৱল আৰু কেৱল আক্ৰমণ চলাই গৈছিল দলটোৱে । পাষণ্ডৰ দলটোৰ হাতত অৱশেষত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে । নিলোৎপল দাস আৰু অভিজিৎ নাথৰ সেই চিৎকাৰ হয়তো আজিও পাহৰিব পৰা নাই অসমবাসীয়ে ।

ৰাজ্যবাসীৰ প্ৰতিবাদ আৰু আৰক্ষীৰ ভূমিকা :

ঘটনা সংঘটিত হোৱাৰ পিচতেই সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিবাদ । নীল-অভি হত্যাকাণ্ডত জড়িত আটাইকেইটা পাষণ্ডৰে মৃত্যুদণ্ডৰ দাবীত বিভিন্ন প্ৰান্তত গ্ৰহণ কৰা হৈছিল প্ৰতিবাদী কাৰ্যসূচী । লগেলগেই তৎপৰ হৈ পৰিছিল সেই সময়ৰ ডিফু আৰক্ষী । নিশাটোৰ ভিতৰতেই ডিফু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ এটা দল ঘটনাস্থলীত উপস্থিত হৈ কিছু চোকা অস্ত্ৰ, দা, লাঠী আদি জব্দ কৰিছিল । আক্ৰমণৰ সমগ্ৰ ঘটনা বন্দীও হৈ আছিল স্থানীয় এজনৰ মোবাইল ফোনত ৷ মোবাইল ফোনত আৱদ্ধ দৃশ্যৰ পৰা চিনাক্ত কৰি দুই-তিনিদিনৰ ভিতৰতেই ডিফু আৰক্ষীয়ে 47 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে কম সময়ৰ ভিতৰতেই দাখিল কৰিছিল অভিযোগনামা ।

ফাষ্ট ট্ৰেকৰ বিপৰীতে নগাঁও আদালতত বিচাৰ প্ৰক্ৰিয়া:

কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা নীল-অভিৰ নৃশংস হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জৰিয়তে চলোৱাৰ দাবী উত্থাপিত হৈছিল চৌদিশে । কিন্তু ফাষ্ট ট্ৰেক আদালতৰ বিপৰীতে প্ৰথম অৱস্থাত ডিফু আদালতত আৰম্ভ হৈছিল অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া । কিন্তু গোচৰটোৰ সাক্ষীৰ নিৰাপত্তাৰ স্বাৰ্থত ডিফু আদালতৰ বিপৰীতে নগাঁও আদালতত বিচাৰপ্ৰক্ৰিয়া চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত নীল-অভিৰ পৰিয়ালৰ লোকে জনোৱা আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত চলোৱাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

তাৰ পিচৰ পৰাই নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ হয় গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়া । ফাষ্ট ট্ৰেক আদালতৰ বিপৰীতে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও প্ৰথমৱস্থাত খৰতকীয়াকৈয়ে চলিছিল বিচাৰ প্ৰক্ৰিয়া । কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত বিলম্ব হ’বলৈ আৰম্ভ কৰে বিচাৰপ্ৰক্ৰিয়া । নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত প্ৰথমাৱস্থাত পূৰ্ণগতিত আৰম্ভ হোৱা বিচাৰপ্ৰক্ৰিয়া পৰৱৰ্তী সময়ত লেহেমীয়া হোৱাত কিছু আক্ষেপ থাকি গ'ল নীল-অভিৰ দুৰ্ভগীয়া পৰিয়ালৰ ।

কিয় বিলম্ব হ’ল বিচাৰপ্ৰক্ৰিয়া?

সমগ্ৰ ৰাজ্যবাসী ৰায়দানলৈ অপেক্ষা কৰা নীল-অভি হত্যাকাণ্ড বিচাৰপ্ৰক্ৰিয়া চলি থকাৰ সময়তে ক'ভিড ১৯ ৰ বাবে সৃষ্টি হোৱা পৰিৱেশ-পৰিস্থিতিৰ বাবেই দীঘলীয়া সময় একপ্ৰকাৰ স্থবিৰ হৈ পৰিছিল আদালতৰ কাম কাজ। ক’ভিড 19 ৰ ফলত বিচাৰপ্ৰক্ৰিয়া বিলম্ব হোৱাৰ উপৰিও ন্যায়াধীশৰ বদলি কৰণৰ বাবেও কিছু পলম হৈছে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাত। আনকি বিপক্ষৰ অধিবক্তাই ৰায়েই দৰ্শোৱা অপত্তিৰ বাবেও বিচাৰপ্ৰক্ৰিয়া কিছু পলম হোৱা বুলি জানিবলৈ দিছে নীল অভিৰ পৰিয়ালৰ লোকে ।

আদালতত কি পৰ্যায়ত আছে বিচাৰ প্ৰক্ৰিয়া ?

নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলি থকা অভি-নীল হত্যাকাণ্ডৰ বিচাৰপ্ৰক্ৰিয়াৰ বিগত প্ৰায় তিনি মাহে কোনো শুনানি গ্ৰহণ নকৰা বুলিও জানিব পৰা গৈছে নীল-অভিৰ পৰিয়ালৰ পৰা । অৱশ্যে গোচৰটোৰ মুঠ 71 গৰাকীকৈ সাক্ষীৰ সাক্ষ্যগ্ৰহণ ইতিমধ্যেই সম্পন্ন হৈছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত ৷ এতিয়া কেৱল অভিযুক্তৰ ভাষ্য গ্ৰহণৰ পিচতেই আদালতে চূড়ান্ত ৰায়দান প্ৰদান কৰাৰ সম্ভাৱনা আছে । অৱশ্যে বিপক্ষৰ অধিবক্তাই আদালতত পুনৰ এক আপত্তি দৰ্শোৱা বুলিও জানিব পৰা গৈছে ।

এতিয়া নীল-অভিৰ পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে অপেক্ষা কৰিছে কেৱল আদালতৰ ৰায়লৈ । আদালতে কি শাস্তি প্ৰদান কৰে নীল-অভি হত্যাকাণ্ডত জড়িতসকলক সেয়া কম সময়ৰ ভিতৰতেই চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: নীল-অভি গোচৰ : তদন্তকাৰী বিষয়াই দাখিল কৰা নথিৰ আখৰ সন্দেহজনক: দাবী বিপক্ষৰ অধিবক্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.