ETV Bharat / state

ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:41 AM IST

Flood in Assam : ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷ ৰাজ্যৰ ভিতৰত কৰিমগঞ্জ আৰু নলবাৰীত বান পৰিস্থিতি অধিক জটিল হোৱা বুলি জানিব পৰা গৈছে ৷ বাৰিষাৰ বলিয়া বানে ক্ষতিগ্ৰস্ত কৰিছে ১৯ খন জিলাক ৷ বানপীড়িত অঞ্চলত নিয়োগ কৰা হৈছে উদ্ধাৰকাৰী দল ৷

ASSAM FLOOD 2024
অধিক জটিল ৰাজ্যৰ বান পৰিস্থিতি (Etv Bharat Assam)

গুৱাহাটী, ২০ জুন : কিছুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বান আৰু খহনীয়াই ৰাজ্যত পৰিস্থিতি অধিক জটিল কৰি তুলিছে ৷ নৈৰ বাঢ়নী পানীয়ে বুৰাইছে ন ন অঞ্চল ৷ বানৰ পৰা ৰক্ষা পাবলৈ ওখ ঠাইলৈ ঢাপলি মেলিছে বানাক্ৰান্ত ৷ বানৰ বাবে কোনো কোনো অঞ্চলত খাদ্য আৰু আশ্ৰয়ৰ সমস্যাও মূৰ দাঙি উঠিছে ৷

ঠায়ে ঠায়ে বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে বাঁহৰ সাঁকো, কাঠৰ দলং ৷ বানৰ ভয়াৱহতাৰ বাবে জিলা বিশেষে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰাৰ উপৰিও প্ৰশাসনে সতর্কতামূলক ব্যৱস্থা হিচাপে জাৰি কৰিছে ১৪৪ ধাৰা ৷

লগতে পঢ়ক: বুঢ়াদিয়াই ছিগিলে মথাউৰি, প্লাৱিত শতাধিক পৰিয়াল - Assam Flood 2024

ৰাজ্যৰ ১৯ খন জিলা বানৰ কবলত, প্ৰায় ৩ লাখ লোক প্ৰভাৱিত:

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ জনোৱা মতে, ৰাজ্যৰ ১৯ খন জিলা বানৰ কবলত পৰিছে । কামৰূপ, দক্ষিণ শালমাৰা, গোৱালপাৰা, নগাঁও, বঙাইগাঁও, লখিমপুৰ, হোজাই, দৰং, নলবাৰী, কৰিমগঞ্জ, ওদালগুৰি, তামুলপুৰ, হাইলাকান্দি, বিশ্বনাথ, বৰপেটা, কাছাৰ, বাক্সা আৰু বজালী জিলা বানৰ কবলত পৰিছে ৷

এই জিলাসমূহৰ ৪৮ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৭৯ খন গাঁও বানৰ কবলত পৰিছে ৷ তথ্য মতে, এতিয়ালৈকে দুই লাখ ৯৬ হেজাৰ ৩৮৪ জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ আকৌ এতিয়ালৈকে বানত বুৰ গৈছে ৩,৩২৬ হেক্টৰ কৃষিভূমি ৷

কৰিমগঞ্জ আৰু নলবাৰীত বানৰ জটিল ৰূপ:

কৰিমগঞ্জ আৰু নলবাৰীত বানে অধিক জটিল ৰূপ ধাৰণ কৰিছে ৷ কৰিমগঞ্জৰ ২৮০ খন গাঁও আৰু নলবাৰীৰ ১০৯ খন গাঁও বুৰ গৈছে বানত ৷ এতিয়ালৈকে দুই লাখ ৯৬ হেজাৰ ৩৮৪ জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ অকল কৰিমগঞ্জ জিলাতে এক লাখ ৪ হেজাৰ ৫১৭ জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷

বানাক্ৰান্তক সাহায্য আৰু আশ্ৰয়ৰ বাবে ১০৫ টা আশ্ৰয় শিবিৰ আৰু সাহায্য শিবিৰ স্থাপন কৰা হৈছে ৷ বান আশ্ৰয় শিবিৰত সম্প্ৰতি ১২,১৬৬ জন আৰু বান সাহায্য শিবিৰত ১০,২৮৭ জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ কৰিমগঞ্জত এছ ডি আৰ এফে স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ সহযোগত ৭৩ জনক বানৰ কবলৰ পৰা উদ্ধাৰ কৰিছে ৷ জিলাখনত বানপীড়িতক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ৪৯ খন নাও ৷ জিলাখনত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ আঠটা দলক নিয়োগ কৰা হৈছে ৷

লগতে পঢ়ক: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি: চকুৰ সন্মুখতে উটি গ’ল দুচকীয়া বাহন - Assam flood 2024

কেন্দ্ৰীয় জল আয়োগৰ তথ্য:

কেন্দ্ৰীয় জল আয়োগে জনোৱা মতে, বর্তমানে বৰাক, কপিলী আৰু কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ কৰিমগঞ্জৰ বদৰপুৰঘাটত বৰাক বিপদসীমাৰ ০.০৫ মিটাৰ, নগাঁৱৰ কামপুৰত কপিলী বিপদসীমাৰ ১.১৩ মিটাৰ আৰু কৰিমগঞ্জত কুশিয়াৰা বিপদসীমাৰ ০.৬২ মিটাৰ ওপৰেৰে বৈ আছে ৷

আনহাতে, কাছাৰৰ অন্নপূর্ণা ঘাটত বৰাক, মৰিগাঁৱৰ ধৰমতুলত কপিলী, ধুবুৰী, ডিব্ৰুগড় আৰু যোৰহাটত ব্ৰহ্মপুত্ৰ, ধুবুৰীৰ গোলোকগঞ্জত সোণকোষ, কোকৰাঝাৰত গৌৰাংগ, বঙাইগাঁৱত মানাহ, হাইলাকান্দি মাটিজুৰিত কাটাখাল, শিৱসাগৰৰ নঙলামুৰাঘাটত দিচাং, নলবাৰীত পাগলাদিয়া আৰু কামৰূপত পুঠিমাৰী নৈয়ে সতর্কতাৰ সীমা অতিক্ৰম কৰিছে যদিও বর্তমানে বিপদসীমাৰ তলেৰে বৈ আছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা:

পৰৱৰ্তী চাৰি-পাঁচদিনলৈ ৰাজ্যজুৰি বৰষুণৰ প্ৰকোপ চলি থাকিব বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে ৷ লক্ষণীয়ভাৱে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ প্ৰায়কেইখন চহৰতে সৰ্বোচ্চ তাপমান ২৫-২৬ ডিগ্ৰী চেলছিয়াছলৈ অৱনমিত হৈছে ৷

ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন চহৰত সৰ্বোচ্চ তাপমান ২৫-২৬ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে ৷ গুৱাহাটী, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ, তেজপুৰত বুধবাৰৰ দিনটোত সৰ্বোচ্চ তাপমান ২৬ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আছিল ৷ আনহাতে, শিলচৰ, যোৰহাটত সৰ্বোচ্চ তাপমান ২৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আছিল ৷

লগতে পঢ়ক: গোৱালপাৰাত বলিয়া বান : চকুৰ সন্মুখতে উটি গ’ল চাৰিচকীয়া বাহন-দলং - ASSAM FLOOD 2024

২৩ জুনলৈকে বতৰৰ আগলি বতৰা অনুসৰি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ অব্যাহত থাকিব ৷ কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকণিৰে মূষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে ৷

বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন স্থানত হোৱা বৰষুণৰ পৰিমাণ আছিল ক্ৰমে- ধুবুৰীত ১২৩.৩ মিলিমিটাৰ, ডিব্ৰুগড়ত ৮ মিলিমিটাৰ, দুধনৈত ১০০.৫ মিলিমিটাৰ, গুৱাহাটীত ৪৩ মিলিমিটাৰ, যোৰহাটত ২৮ মিলিমিটাৰ, লামডিঙত ৯ মিলিমিটাৰ, মঙলদৈত ২ মিলিমিটাৰ, মাজবাটত ৮১ মিলিমিটাৰ, নলবাৰীত ৭৮.৪ মিলিমিটাৰ, উত্তৰ লখিমপুৰত ৪২ মিলিমিটাৰ, শিলচৰত ২৯ মিলিমিটাৰ আৰু তেজপুৰত ৫৬ মিলিমিটাৰ ৷

লগতে পঢ়ক: ৰঙিয়াত বৰলীয়া নৈৰ কালৰূপ : জলবন্দী প্ৰায় 250 টা পৰিয়াল - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.