ETV Bharat / state

আজি বিষ্ণু ৰাভা দিৱস : ব্যতিক্ৰমী পদক্ষেপেৰে স্মৰণ সৈনিক শিল্পীগৰাকীক - Bishnu Prasad Rabha

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 3:58 PM IST

Bishnu Rabha Divas : কাৰ্বি পাহাৰত বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৰণ কৰিছে কলাগুৰুক ৷ কলিয়াবৰৰ সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ এখন বিদ্যালয়ে এক ব্যতিক্ৰমী আয়োজনেৰে সোঁৱৰণ কৰে কলাগুৰুক ৷

BISHNU RABHA DIVAS
আজি বিষ্ণু ৰাভা দিৱস (ETV BHARAT ASSAM)

কলিয়াবৰ, 20 জুন : আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস ৷ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে আজিৰ দিনটোত স্মৰণ কৰিছে সৈনিক শিল্পীগৰাকীক ৷ বিভিন্ন অনুষ্ঠানেৰে ৰজাঘৰীয়া-প্ৰজাঘৰীয়াই সোঁৱৰণ কৰিছে কলাগুৰুক ৷

কাৰ্বি আংলঙত কলাগুৰুক সোঁৱৰণ (ETV BHARAT ASSAM)

কাৰ্বি পাহাৰতো আজি বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৰণ কৰিছে কলাগুৰুক ৷ জিলাখনৰ শিক্ষানুষ্ঠান সমূহত ছাত্ৰ-ছাত্ৰীসকলক লৈ বিভিন্ন অনুষ্ঠান আয়োজনেৰে স্মৰণ কৰিছে সৈনিক শিল্পীগৰাকীক ৷

ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ এখন বিদ্যালয়ে ব্যতিক্ৰমী পদক্ষেপেৰে স্মৰণ কৰিলে কলাগুৰুক ৷ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ কৰিবলৈ আয়োজন কৰা গতানুগতিক অনুষ্ঠানৰ বিপৰীতে কলিয়াবৰৰ সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ এখন বিদ্যালয়ে এক ব্যতিক্ৰমী আয়োজন কৰে ৷ চুচেনধেণ্টা কাৰ্বি স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিৰ ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ য়ুথ এণ্ড ইক' ক্লাবৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সৈনিক শিল্পীগৰাকীক সুঁৱৰিবলৈ ল'লে ব্যতিক্ৰমী পদক্ষেপ ৷

লগতে পঢ়ক : আজি কলাগুৰুৰ ৫৬ তম স্মৃতি দিৱস : তেজপুৰত জিলা প্ৰশাসনে জনালে শ্ৰদ্ধাঞ্জলি - DEATH ANNIVERSARY OF BISHNU RABHA

বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে বিদ্যালয়ৰ তৰফৰ পৰা কাৰ্বি পাহাৰৰ এগৰাকী শিপিনী আৰু ৰাজমিস্ত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় ৷ ৰঙাগৰাৰ এগৰাকী স্থানীয় শিপিনীক বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসত সম্বৰ্দ্ধনা জনোৱাৰ লগতে স্থানীয় এগৰাকী ৰাজমিস্ত্ৰীক কৰ্মস্থলীতে সম্বৰ্দ্ধনা জনাই বিদ্যালয়খনে ৷ এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰমৰ মৰ্যাদা বুজাত সহায়ক হ'ব বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে আশা প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, বিষ্ণু ৰাভা দিৱস উপলক্ষে তেখেতৰ কলিবাৰীস্থিত সমাধিস্থলতো বৃহস্পতিবাৰে পুৱা শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে আছু কৰ্মকৰ্তা আৰু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সমাধিস্থলীত মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কৰ্মৰাজিক সোঁৱৰণ কৰে সকলোৱে ৷ ইফালে আজি ৰাজ্য চৰকাৰে তেজপুৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই দিৱসত দুগৰাকী বিশিষ্ট ব্যক্তিক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক : আজি বিষ্ণু ৰাভা দিৱস, জানো আহক এইগৰাকী মহান ব্যক্তিৰ জীৱনৰ ইটো-সিটো - Rabha Divas 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.