ETV Bharat / state

অসমত প্ৰতি ঘন্টাত ৫১ টা নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু - crimes against women cases

Crimes against women : নাৰীজনিত অপৰাধৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মহিলা কংগ্ৰেছ ৷ মঙলবাৰে নাৰীজনিত অপৰাধৰ উদ্বেগজনক তথ্য উদঘাটন কৰি চৰকাৰক থকাসৰকা কৰে মহিলা কংগ্ৰেছে ৷

crimes against women cases
অসমত প্ৰতিঘন্টাত ৫১ টা নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু হয়
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 9:06 PM IST

অসমত প্ৰতিঘন্টাত ৫১ টা নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু হয়

ধেমাজি, 20 ফেব্ৰুৱাৰী : সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ এইবাৰ নাৰীজনিত অপৰাধৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মহিলা কংগ্ৰেছ ৷ মঙলবাৰে নাৰীজনিত অপৰাধৰ উদ্বেগজনক তথ্য লৈ এক সংবাদমেল আয়োজন কৰে ধেমাজি জিলা মহিলা কংগ্ৰেছে ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মঙলবাৰে বিয়লি ধেমাজি জিলা কংগ্ৰেছ কাৰ্যালয় ইন্দিৰা ভৱনত এখন সংবাদমেল সম্বোধন কৰে ধেমাজি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদুমী টাইদ দ’লেই ৷ সংবাদমেলখনত কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে কয় যে, বেটী বচাও বেটী পঢ়াও , মহিলা সবলীকৰণৰ কথা কোৱা চৰকাৰৰ দিনত, দিনক দিনে নাৰী অসুৰক্ষিত, লাঞ্ছিত, বঞ্চিত, নিৰ্যাতিত হৈ আহিছে ৷ অপৰাধীক এইখন চৰকাৰে স-সন্মানে বহুৱাই সমাজ চলোৱা বাঘজৰী হাতত তুলি দিছে ৷ যাৰ ফলত প্ৰতিদিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ সংখ্যা ৷ সেয়ে এতিয়া শংকাত দিন অতিবাহিত কৰিব লগা হৈছে নাৰীয়ে ৷

2021 চনৰ নেচনেল ক্ৰাইমৰ ৰিপৰ্টছ ব্যুৰোৰ প্ৰতিবেদন মতে অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ 168.3 শতাংশ ৷ তাৰ তুলনাত ৰাষ্ট্ৰীয় হাৰ 64.5 তকৈ বহুত বেছি ৷ এই তথ্য অনুসৰি অসমত ৰাষ্ট্ৰীয় হাৰতকৈ 103.4 গুণ বেছি ৷ ইয়াৰে ভিতৰত ধৰ্ষণৰ ঘটনাই হৈছে সৰ্বাধিক ৷

প্ৰতিবেদনৰ মতে অসমত নাৰীজনিত অপৰাধ 2017 চনত 143.3 শতাংশ , 2014 চনত 164.2 শতাংশ, 2019 চনত 117 শতাংশ, 2020 চনত 153.3 শতাংশ ৷ অসমত 2023 চনতে প্ৰতিঘন্টাত কেৱল 51 টা নাৰীজনিত FIR ৷ একেদৰে 2021 চনতে ধেমাজিত এগৰাকী যুৱতীৰ দিন দুপৰতে মৃত্যু হয় ৷ অলপতে ধেমাজিৰ এগৰাকী ছাত্ৰী গুৱাহাটীৰ ভাড়াঘৰত মৃত্যু হোৱা দৰে কেইবাটাও অনুৰূপ অপৰাধজনিত ঘটনাৰ আজি পৰ্যন্ত উচিত তদন্ত নহ’ল ৷ নাৰীৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু গণতান্ত্ৰিক ন্যায় আৰু অধিকাৰৰ দাবী জনায় সভানেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.