ETV Bharat / state

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত 50 বক্স ভৰ্তি সোণালী কুকুৰা জব্দ - swine flu in ASSAM - SWINE FLU IN ASSAM

GOLDEN COMET CHICKEN SEIZED IN BONGAIGAON : অসম ৰে’ল আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত অভিযান চলাই বহিঃৰাজ্যৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা সোণালী জাতৰ কুকুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

swine flu in ASSAM
নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত 50 বক্স ভৰ্তি সোণালী কুকুৰা জব্দ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 2:29 PM IST

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত 50 বক্স ভৰ্তি সোণালী কুকুৰা জব্দ (ETV BHARAT ASSAM)

বঙাইগাঁও, ১৭ মে’ : দেশজুৰি ছোৱাইন ফ্লুৰ আতংকতা অব্যাহত থকাৰ পিচতে শুকুৰবাৰে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত অসম ৰে’ল আৰক্ষীৰ অভিযান । অসম ৰে’ল আৰক্ষীৰ অভিযান কালত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনৰ পৰা জব্দ কৰা হয় ৫০ টা বাকচ ভৰ্তি সোণালী কুকুৰা ৷ বহিঃৰাজ্যৰ পৰা অবৈধ ভাবে সৰবৰাহ কৰা হৈছি এই সোণালী কুকুৰাৰ বাকচ কেইটা ।

জানিব পৰা মতে, এটা বাকচত পান জপাদি 22 টাকৈ সোণালী জাতৰ কুকুৰা লৈ আনিছিল । ইতিমধ্যে এনেধৰণৰ প্ৰায় 50 টা বাকচ সোণালী কুকুৰা জব্দ কৰে অসম ৰে’ল আৰক্ষীয়ে । ছিফুং যাত্ৰীবাহী ৰে’লেৰে পশ্চিম বংগৰ ময়নাগুৰিৰ পৰা নিউ বঙাইগাঁও লৈকে লৈ অনা হৈছিল এই কুকুৰাৰ বাকচকেইটা ।

উল্লেখ্য যে, বৰ্তমান ভাৰতৰ কেইবাটাও স্থানত ছোৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লৈছে ৷ অসমৰ বৰাক উপত্যকাত ইতিমধ্যে ছোৱাইন ফ্লুৰ ফলত ৰোগীৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ কিন্তু তথাপিও কোনো ধৰণৰ ব্যৱস্থা কৰা নাই প্ৰশাসনে ৷ এতিয়াও ৰে’লপথযোগে আৰু অসম-বংগৰ সীমা শ্ৰীৰামপুৰ গেটেৰে মোটা অংকৰ ধন দি মেনেজ কৰি দুষ্ট চক্ৰই পাৰ কৰি আছে লাখ লাখ বহিঃৰাজ্যৰ কুকুৰা ।

ইয়াৰ পূৰ্বেও বাৰ্ড ফ্লু, ছোৱাইন ফ্লুৰ ফলত ৰাজ্যত বহু নিৰীহ লোকৰ মৃত্যু হৈছে ৷ কিন্তু তথাপিও এতিয়া লৈকে নীৰৱ ভূমিকা পালন কৰি আহিছে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে ।

ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অসম ৰে’ল আৰক্ষীৰ দলে ৷ এই খবৰ লাভ কৰাৰ পিচতে বঙাইগাঁও পশু চিকিৎসা কেন্দ্ৰৰ চিকিৎসক নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: African Swine fever: লখিমপুৰত আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ৰোধ কৰিবলৈ 144 ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.