ডিব্ৰুগড়,২০ জানুৱাৰী: প্ৰকৃতিৰ সেউজীয়া ভালপোৱা বহুজনে নিস্বাৰ্থ আৰু নিৰবিচ্ছিন্ন ভাৱে কৰি গৈছে পৰিৱেশ সংৰক্ষণৰ কাম । চৰাইদেউ জিলাক সোণাৰুৰ হালধীয়া ৰঙৰে ৰঙীণ কৰি তোলাৰ প্ৰয়াস অব্যাহত প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ । চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত সোণাৰু-কৃষ্ণচূড়া- কাঞ্চন গছপুলি ৰোপণ কৰি চৰাইদেউ জিলাখনক চিৰসেউজ কৰি তুলিবলৈ সক্ষম হৈছে ।
প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত বৰ্তমানলৈকে ৭৫ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰা সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানে সম্পূৰ্ণ কৰিলে চাৰিটা বছৰ ৷ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই আৰু জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস, বিপিন চাউদাং, মাধৱ ৰঞ্জনকে ধৰি মৰাণৰ শিল্পী সমাজৰ প্ৰচেষ্টাত বিগত চাৰিটা বৰ্ষত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে সেউজ চৰাইদেউ গঢ়ি তোলা এই ব্যতিক্ৰমী অনুষ্ঠানটোৰ চতুৰ্থ বৰ্ষপুতিৰ আয়োজন কৰা হৈছে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ।
ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত হ'ব সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ চতুৰ্থ বৰ্ষপুতি । চতুৰ্থ বৰ্ষপুতিক চৰাইদেউৰ কাকতিবাৰীৰ লিকচন পথাৰত ১৯ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া সোণাৰু-কৃষ্ণচূড়া-কাঞ্চনৰ চতুৰ্থ বৰ্ষপুতি শুকুৰবাৰ পৰা আৰম্ভ হয় । প্ৰকৃতি সুৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো প্ৰকৃতি প্ৰেমী, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, নীল আকাশ, কুসুম কৈলাস, মাধৱ ৰঞ্জনকে ধৰি প্ৰায় দুকুৰি শিল্পী-সাংস্কৃতিক কৰ্মী, কেইবাগৰাকীও সামাজিক, ৰাজনৈতিক ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ৷ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছে বিভিন্ন প্ৰতিযোগিতা ৷ এই অনুষ্ঠানক লৈ এতিয়া অঞ্চলটোত দেখা গৈছে ব্যাপক উছাহ।
উল্লেখযোগ্য যে ২০১৯ চনৰ পৰা গছপুলি ৰোপণৰ যাত্ৰা আৰম্ভ কৰা প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে কেৱল গছপুলি ৰোপণ কৰাতে সীমাবদ্ধ নাথাকি সেইসমূহ প্ৰতিপালনৰো ব্যৱস্থা গ্ৰহণ কৰি আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত তেখেতে ৰোপণ কৰা বহু গছ এতিয়া প্ৰস্ফূটিত হ'ব ধৰিছে । প্ৰথম অৱস্থাত ব্যক্তিগত প্ৰচেষ্টাৰে গছপুলি ৰোপণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা অনুপ পাটকাইৰ কৰ্মক সমৰ্থন জনায় এতিয়া তেখেতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন ।