ETV Bharat / state

শিক্ষাসেতু এপত এদিনো উপস্থিতি নথকা ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ সম্ভাৱনা - SIKHA SETU AXOM

Shiksha Setu Axom Portal : উপস্থিতি নথকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ। শিক্ষা সেতু এপত এদিনো উপস্থিতি নথকা শিক্ষকসকলৰ সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ শিক্ষা বিভাগৰ। প্ৰতিবেদন দাখিল নোহোৱা পর্যন্ত তেওঁলোকৰ দৰমহা বন্ধ ৰাখিবলৈ দিয়া হৈছে পৰামৰ্শ।

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 4:51 PM IST

SIKHA SETU AXOM
কঠোৰ শিক্ষা বিভাগ (ETV BHARAT ASSAM)

গুৱাহাটী, 6 জুলাই : ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা শিক্ষা সেতু এপত শিক্ষকসকলে উপস্থিতি দিয়াটো বাধ্যতামূলক ৷ কিন্তু ৰাজ্যৰ 4,907 গৰাকী শিক্ষকে শিক্ষা সেতু এপত এদিনো উপস্থিতি দিয়া নাই ৷ শিক্ষা সেতু এপত শূন্য উপস্থিতি থকা শিক্ষকসকলে এইবাৰ ভুগিব লাগিব ফল ৷ শিক্ষা সেতুত উপস্থিতি দিয়াটো বাধ্যতামূলক কৰা হৈছে যদিও এপটোত ৰাজ্যৰ 4,907 গৰাকী শিক্ষকৰ উপস্থিতি লাভ কৰা নাই শিক্ষা বিভাগে ৷ ৰাজ্যৰ এখন জিলাত দুশৰ পৰা চাৰিশগৰাকী পর্যন্ত শিক্ষকৰ উপস্থিতি শিক্ষা সেতুত বিভাগে পোৱা নাই ৷ যাৰ ফলত এই শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ জাৰি কৰিছে বিদ্যালয় শিক্ষা বিভাগে ৷

SIKHA SETU AXOM
৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ সম্ভাৱনা (ETV BHARAT ASSAM)

পহিলা জুলাইৰ পৰা গৰমৰ বন্ধ আৰম্ভ হৈছে ৷ গৰম বন্ধৰ আগৰ সময়ছোৱাত বৃহৎ সংখ্যক শিক্ষকৰ অনুপস্থিতি পর্যবেক্ষণ কৰি শিক্ষা বিভাগে তেওঁলোকৰ শাৰীৰিক অস্তিত্ব সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে ৷ প্ৰতিখন জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তৰ পৰা বিদ্যালয় শিক্ষা বিভাগৰ সচিবে শিক্ষকৰ অনুপস্থিতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আৰু প্ৰতিবেদন দাখিল নোহোৱা পর্যন্ত তেওঁলোকৰ দৰমহা বন্ধ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ উল্লেখ্য যে শিক্ষক সমাজে শিক্ষা সেতু এপটোত থকা আসোঁৱাহ আৰু শিক্ষা বিভাগে উপস্থিতিৰ বাবে যোগান ধৰা টেবলেটসমূহ দুৰ্বল হোৱাত উপস্থিতি দিলেও উপস্থিতি নেদেখুওৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ তদুপৰি আসোঁৱাহসমূহ দূৰ নকৰা পৰ্যন্ত শিক্ষকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'লে শিক্ষকসকলো কঠোৰ হ'ব বুলি ইতিমধ্যে হুংকাৰ দিছে ৷

SIKHA SETU AXOM
শিক্ষা সেতু এপত উপস্থিতি নথকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ (ETV BHARAT ASSAM)

ইফালে শিক্ষা বিভাগে শূন্য উপস্থিতি অৰ্থাৎ এপত এদিনো উপস্থিতি নিদিয়া 4,907 গৰাকী শিক্ষকৰ শাৰীৰিক অৱস্থিতিত সন্দেহ প্ৰকাশ কৰাৰ লগতে দৰমহা বন্ধৰ ৰখাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিভাগীয় এই পদক্ষেপত শিক্ষক আৰু চৰকাৰৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰাৰ আশংকা স্পষ্ট হৈ পৰিছে ৷ শিক্ষা বিভাগে সকলো জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তসকললৈ শুকুৰবাৰে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে 33 খন জিলাৰ ভিতৰত মুঠ 4,907 গৰাকী শিক্ষকৰ অনুপস্থিতি শিক্ষা সেতুত পোৱা গৈছে ৷ তেওঁলোক শাৰীৰিকভাৱে আছে নে নাই সেই কথা বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াসকলৰ সৈতে লগ হৈ অনুপস্থিতিৰ কাৰণ সন্দৰ্ভত পৰীক্ষা কৰি প্ৰতিবেদন দিব লাগে ৷ প্ৰতিবেদন দাখিল নোহোৱালৈ তেওঁলোকৰ দৰমহা বন্ধ ৰাখিব পাৰে ৷

লগতে পঢ়ক : শিক্ষকৰ ক্ষেত্রত চৰকাৰৰ প্ৰণাম আঁচনিৰ বিপৰীত স্থিতি

উল্লেখ্য যে শিক্ষা সেতুত শিক্ষকৰ উপস্থিতি নোপোৱা জিলাৰ ভিতৰত সৰ্বাধিক হৈছে তিনিচুকীয়া জিলা ৷ জিলাখনত মুঠ 424 গৰাকী শিক্ষকৰ উপস্থিতি শিক্ষা সেতুত নাই ৷ তেনেদৰে ধুবুৰীত 286 গৰাকী, গোৱালপাৰাত 245 গৰাকী, কামৰূপ মহানগৰত 294 গৰাকী, কৰিমগঞ্জত 202 গৰাকী, কোকৰাঝাৰত 200 গৰাকী, নগাঁৱত 259 গৰাকী শিক্ষকৰ উপস্থিতি শিক্ষা বিভাগে শিক্ষা সেতু এপত পোৱা নাই ৷ তদুপৰি শিক্ষা বিভাগৰ শিক্ষা সেতুত এশৰো অধিক শিক্ষকৰ উপস্থিতি নথকা জিলাৰ ভিতৰত আছে বাক্সাত 162 গৰাকী, বৰপেটাত 124 গৰাকী, বিশ্বনাথত 135 গৰাকী, দৰঙত 172 গৰাকী, ডিব্ৰুগড়ত 158 গৰাকী, ডিমা হাছাওত 197 গৰাকী, গোলাঘাটত 193 গৰাকী, কাৰ্বি আংলঙত 153 গৰাকী, যোৰাহাটত 160 গৰাকী, কামৰূপত 193 গৰাকী, লখিমপুৰত 148 গৰাকী, নলবাৰীত 106 গৰাকী, শিৱসাগৰত 120 গৰাকী, শোণিতপুৰত 176 গৰাকী আৰু কাছাৰত 171 গৰাকী ৷

তদুপৰি বঙাইগাঁৱত 58 গৰাকী, চৰাইদেউত 47 গৰাকী, চিৰাঙত 43 গৰাকী, ধেমাজিত 71 গৰাকী, হাইলাকান্দিত 98 গৰাকী, হোজাইত 46 গৰাকী, মাজুলীত 20 গৰাকী, মৰিগাঁৱত 82 গৰাকী, দক্ষিণ শালমৰা-মানকাচৰত 49 গৰাকী, ওদালগুৰিত 65 গৰাকী আৰু পশ্চিম কাৰ্বি আংলঙত 50 গৰাকী শিক্ষকৰ অনুপস্থিতি শিক্ষা সেতু এপত পোৱা গৈছে ৷ উল্লেখ্য যে নিৰ্দেশনা পত্ৰত উল্লেখ কৰা অনুসৰি যিসকল শিক্ষক এতিয়াও অনুপস্থিত হৈ আছে তেখেতসকলৰ শাৰীৰিক পৰ্যবেক্ষণৰ বাবে স্কুল পৰিদৰ্শকক নিৰ্দেশ দিয়া হৈছে ৷ শিক্ষকসকল কিয় এনদৰে অনুপস্থিত হৈ আছে সেই সম্পৰ্কে স্কুল পৰিদৰ্শক নাইবা ডি ই ই অ'ক অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ উল্লেখ কৰা হৈছে ৷

ইফালে এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষা সেতু এপত এদিনো উপস্থিতি নিদিয়া শিক্ষকসকলৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ দিয়া হৈছে ৷ তেওঁলোক প্ৰকৃততে কৰ্মৰত হয় নে নহয় আৰু যদি কৰ্মৰত হয় তেন্তে কিয় উপস্থিতি দিয়া নাই ৷ এই সন্দৰ্ভত তদন্ত কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷ পৰৱৰ্তী সময়ত শিক্ষা সেতু এপত কম উপস্থিতি থকা শিক্ষক সকলৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে লগতে কয় যে 75 শতাংশ শিক্ষকে নিয়মীয়াকৈ নিজৰ উপস্থিতি দি আহিছে ৷ 15ৰ পৰা 20 শতাংশ শিক্ষকৰ উপস্থিতি অনিয়মীয়া আৰু ইয়াৰ ভিতৰত এই 4,907 গৰাকী শিক্ষক আছে যিসকলে এদিনো উপস্থিতি দিয়া নাই ৷

লগতে পঢ়ক : শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ - Shiksha Setu App

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.