ETV Bharat / state

ৰাজপথৰ পৰা হঠাৎ নোহোৱা হ'ল চিটি বাছ - Guwahati City Bus Service

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 6:58 PM IST

Guwahati City Bus Service: গুৱাহাটীৰ ৰাজপথৰ পৰা নোহোৱা হ'ল চিটি বাছ । মহানগৰীৰ ৰাজপথৰ পৰা অন্তৰ্ধান হ'ল ৪৮৬ খন চিটি বাছ । চিটি বাছবোৰ অন্তৰ্ধান হোৱাৰ সুযোগ লৈছে একাংশ অটো চালক, ৰিক্সা চালক আৰু মেজিক চালকে । মোদীৰ জনসভাৰ বাবে মহানগৰীৰ ৰাজপথৰ পৰা নোহোৱা হ'ল চিটি বাছ ।

486 city buses missing from Guwahati
ৰাজপথৰ পৰা হঠাৎ নোহোৱা হ'ল চিটি বাছ

গুৱাহাটী,১৭ এপ্ৰিল: হঠাৎ মহানগৰীৰ পৰা অন্তৰ্ধান হ'ল গুৱাহাটীৰ চিটি বাছবোৰ । হঠাৎ মহানগৰীৰ ৰাজপথৰ পৰা অন্তৰ্ধান হ'ল ৪৮৬ খন চিটি বাছ । চিটি বাছৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন স্থানত চলা মেজিকবোৰো অন্তৰ্ধান হৈ পৰিছে । যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ । বিশেষকৈ পুৱাৰ ভাগত নিজ নিজ কাৰ্যালয়লৈ যোৱা লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

City buses missing from Guwahati
চিটি বাছৰ অভাৱত যাত্ৰীৰ হাহাকাৰ

মহানগৰীৰ পৰা চিটি বাছবোৰ অন্তৰ্ধান হোৱাৰ সুযোগ লৈ একাংশ অটো চালক, ৰিক্সা চালক আৰু মেজিক চালকসকলে দুগুণ ভাড়া লোৱাৰ অভিযোগ উঠিছে । প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত এটা দিন বাকী থকাৰ সময়তে সকলো ৰাজনৈতিক নেতা, দলে নিজৰ নিজৰ কৌশলেৰে প্ৰথম পৰ্যায়ৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ চলাইছে । ইপিনে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

City buses missing from Guwahati
চিটি বাছৰ অভাৱত যাত্ৰীৰ হাহাকাৰ

বুধবাৰে নলবাৰীত বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰধানমন্ত্ৰী মোদীয়ে । মোদীৰ জনসভাৰ বাবে মহানগৰীৰ ৰাজপথৰ পৰা অন্তৰ্ধান হৈছে চিটি বাছ আৰু মেজিকবোৰ । মহানগৰীৰ ৰাজপথত চলা ৪৮৬ খন চিটি বাছবোৰৰ একাংশ বাছ নিৰ্বাচনৰ বাবে এমাহ পূৰ্বে নাগালেণ্ডৰ বাবে অধিগ্ৰহণ কৰা হৈছে, একাংশ মণিপুৰ , মেঘালয়ৰ বাবে অধিগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । তাৰ উপৰিও যিখিনি বাছ মহানগৰীৰ ৰাজপথত চলি আছিল সেই গোটেইখিনি চিটি বাছৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত চলা মেজিকবোৰ নলবাৰীত অনুষ্ঠিত হোৱা মোদীৰ সভাৰ বাবে অধিগ্ৰহণ কৰা বুলি চিটি বাছ মালিক সন্থাৰ এক সূত্ৰই প্ৰকাশ কৰে ।

City buses missing from Guwahati
চিটি বাছৰ অভাৱত যাত্ৰীৰ হাহাকাৰ

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে সন্ধিয়া লোকনাথ গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে জি এছ ৰোড হৈ কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ যায় । মোদীয়ে জি এছ ৰোডত ৰোড শ্ব'ত অংশগ্ৰহণ কৰে । জি এছ ৰোড বন্ধ কৰি তেওঁক হাজাৰ হাজাৰ সমৰ্থকে আদৰণি জনায় । মহানগৰবাসীক পণবন্দী কৰি জি এছ ৰোড বন্ধ কৰি ৰোড শ্ব' কৰাৰ ফলত মঙলবাৰে সন্ধিয়াৰ ভাগত তীব্ৰ যানজঁটৰ বাবে জ্বলা-ক'লা খাবলগীয়া হয় সৰ্বসাধাৰণ ৰাইজ । এই বিষয়ক লৈ সামাজিক মাধ্যমত তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: মই অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাদৰ : প্ৰধানমন্ত্ৰী মোদী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.