ETV Bharat / state

অনলাইন ট্ৰেডিঙৰ বিয়াগোম কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্তৰ ভাৰ চি বি আইক

Online trading scam case : অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ । সামাজিক মাধ্যমযোগে মুখ্য়মন্ত্ৰীৰ প্ৰকাশ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Online Trading Scam Case
অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ (ETV Bharat Assam)

গুৱাহাটী, ৮ অক্টোবৰ : অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত সংঘটিত বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্ত কৰিব চি বি আয়ে । মঙলবাৰে এই কথা সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, মঙলবাৰে ভাৰত চৰকাৰে এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে ।

সামজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, "১৩-০৯-২০২৪ তাৰিখৰ অসম কেবিনেটৰ অনুমোদন অনুসৰি ৰাজ্য চৰকাৰে ভাৰত চৰকাৰলৈ পত্ৰ লিখি বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত ৪১টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ বাবে আবেদন জনাইছিল । ভাৰত চৰকাৰে এই অনুৰোধ গ্ৰহণ কৰি দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্ট, ১৯৪৬ৰ ৩ নম্বৰ ধাৰাৰ অধীনত তদন্ত গ্ৰহণৰ বাবে চি বি আইক নিৰ্দেশনা জাৰি কৰে । ৰাজ্য চৰকাৰে তদন্ত ক্ষিপ্ৰ কৰাৰ বাবে সকলো সহায় আগবঢ়াব । অপৰাধৰ সৈতে জড়িত দোষীক কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।"

Online Trading Scam Case
চি বি আইলৈ হস্তান্তৰৰ নিৰ্দেশনা (ETV Bharat Assam)

উল্লেখ্য যে ষ্টক ট্ৰেডিঙৰ নামত হোৱা বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হোৱা গোচৰ চি বি আইক দিয়াৰ সিদ্ধান্ত ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল । সেই সময়ত ৰুজু হোৱা ৩২টা গোচৰ চি বি আইক দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছিল । এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰে আৰু কেন্দ্ৰীয় গৃহ মন্ত্রীয়ে অনুমতি দিয়ে । তাৰ পাছতে ১৩ ছেপ্টেম্বৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হয় ।

অনলাইন ট্ৰেডিং সম্পৰ্কীয় আৰু গোচৰ আহিলে ৩২টা গোচৰৰ সৈতে সংযোজিত কৰি দিয়া হ'ব বুলিও কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল । অৱশেষত অনলাইন ট্ৰেডিঙৰ এতিয়ালৈকে ৰুজু হোৱা ৪১টা গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰা হয় । এই সংক্ৰান্তত ইয়াৰ পিছত আৰু গোচৰ ৰুজু হ'লে ৪১টাৰে সৈতে সংযোজিত কৰা হ'ব ।

উল্লেখ্য যে অনলাইন ট্ৰেডিঙৰ নামত বৃহৎ লুণ্ঠন চলোৱাৰ অভিযোগত বিশাল ফুকন, স্বপ্ননীল দাসকে ধৰি কেইবাজনো প্ৰৱঞ্চকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই সংক্ৰান্তত গ্ৰেপ্তাৰ হৈছে চুমী বৰা আৰু তাৰ্কিক বৰা । ইফালে অনলাইন ট্ৰেডিঙৰ আন এজন ডাঙৰ প্ৰৱঞ্চক দীপাংকৰ বৰ্মন বৰ্তমানেও পলাতক অৱস্থাত আছে ।

অৱশেষত ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা এই অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়া হয় । চি বি আইৰ তদন্তত কেলেংকাৰীটোৰ বহু দিশ আৰু তথ্য উন্মোচিত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :পৰিস্থিতি ভয়াৱহ ! ৩৩ লক্ষাধিক নিবনুৱাৰ তালিকাত ৭ লক্ষাধিক স্নাতক, লক্ষাধিক স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ নাম
লগতে পঢ়ক :জ্যোতিষীৰ মতে নাম সলায়ো ৰক্ষা নাপাব বিৰোধীয়ে: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.