ETV Bharat / state

জধে-মধে গছ কটা বন্ধ নহ’লেও অমৃত বৃক্ষ আন্দোলন কৰিবই চৰকাৰে: তিনিচুকীয়াত সাজু 32 লাখ গছপুলি - AMRIT BRIKSHYA ANDOLAN 2

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 8:18 AM IST

Amrit Brikshya APP: অমৃত বৃক্ষ আন্দোলনৰ বাবে তিনিচুকীয়া জিলাত সাজু 32 লাখ গছপুলি ৷ পেঙেৰীৰ খাটাংপানী ৰেঞ্জৰ কঠালগুৰিৰ নাৰ্চাৰীত ফ্লেগ-অফ কৰি গছপুলি বিতৰণৰ শুভাৰম্ভ জিলা আয়ুক্ত স্বপ্নীল পালৰ ৷

AMRIT BRIKSHYA ANDOLAN 2
1 আগষ্টত ৰাজ্যজুৰি আৰম্ভ হ’ব অমৃত বৃক্ষ আন্দোলন (ETV Bharat Assam)

তিনিচুকীয়া, ২৫ জুলাই: ৰাজ্যক সেউজীকৰণ কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন ২.০ শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী ৷ এই কাৰ্যসূচী পোন্ধৰদিনীয়াকৈ আৰম্ভ হ'ব ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৷ এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ বাবে ৰোপণ কৰিবলগীয়া গছপুলি উৎপাদনৰ দায়িত্ব অসম চৰকাৰে কোনো ঠিকাদাৰী প্ৰতিষ্ঠানক প্ৰদান নকৰি দিছে বন বিভাগক ৷

তিনিচুকীয়াত সাজু 32 লাখ গছপুলি (ETV Bharat Assam)

তিনিচুকীয়া জিলাৰ পেঙেৰী খাটাংপানী, মাৰ্ঘেৰিটা, ডিগবৈ আৰু শদিয়াত থকা চাৰিখনকৈ গছপুলি নাৰ্চাৰীত বন বিভাগে ইতিমধ্যে সাজু কৰি তুলিছে প্ৰায় ৩২ লাখ গছপুলি ৷ ডুমডুমা আৰু ডিগবৈৰ বন সংমণ্ডল প্ৰাধিকাৰীসকল ক্ৰমে মৃগাংক বৰা আৰু ৰঞ্জিত ৰামৰ উপস্থিতিত বুধবাৰে জিলা আয়ুক্ত স্বপ্নীল পালে পেঙেৰীৰ খাটাংপানী ৰেঞ্জৰ অধীনত থকা কঠালগুৰি নাৰ্চাৰীত উপস্থিত হৈ ফ্লেগ-অফ কৰি গছপুলি বিতৰণৰ শুভাৰম্ভ কৰে ৷

লগতে পঢ়ক: এইবাৰ চৰকাৰৰ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য : মুখ্যমন্ত্ৰী - Amrit Brikshya Andolan

উল্লেখ্য যে, দেশৰ অমৃত বৃক্ষ অন্দোলনত অন্তৰ্ভুক্ত কৰি ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ক আঠ লাখ গছপুলিৰ নাৰ্চাৰী স্থাপনৰ লক্ষ্য বান্ধি দিছিল চৰকাৰে ৷ কিন্তু বিগত আঠ মাহৰ ভিতৰত খাটাংপানী বনাঞ্চলিক বিষয়া হীৰেণ মেদক আৰু ফৰেষ্টাৰ শ্ৰবণ শইকীয়াৰ নেতৃত্বত বিগত আঠমাহৰ ভিতৰত পাঁচটা প্ৰজাতিৰ সৰ্বমুঠ ন লাখ পুলি ৰোপণৰ উপযোগী কৰি তোলে ৷

ৰোপণৰ বাবে সাজু হৈ উঠা পুলিৰ প্ৰজাতিসমূহ হৈছে ক্ৰমে মেহগণি, ভোমোৰা, শিলিখা, বগী পমা আৰু কদম ৷ এই অভিযানত খাটাংপানী ৰেঞ্জে মুঠ ১৭ খন গাঁও পঞ্চায়ত, ১৪ খন চাহ বাগিচা আৰু ব্যক্তিগতভাৱে শতাধিক লোকক যোগান ধৰিব গছপুলি ৷

ফ্লেগ অফ কৰি আয়ুক্তগৰাকীয়ে কয় যে, অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে এই কাৰ্যসূচী ১ আগষ্টৰ পৰা আৰম্ভ হৈ ১৫ আগষ্ট পৰ্যন্ত পূৰ্ব নিৰ্ধাৰিত সূচী অনুযায়ী ১২ লাখ গছপুলি তিনিচুকীয়া জিলাত ৰোপণ কৰা হ’ব ৷ সমান্তৰালকৈ বাকী থকা পুলিসমূহ ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ বাবে প্ৰেৰণ কৰা হ’ব ৷

লগতে পঢ়ক: খাটাংপানী বন বিভাগৰ উদ্যোগত ৰোপণৰ বাবে সাজু ৯ লাখ গছপুলি - Khatangpani Forest Dept Nursery

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.