ETV Bharat / state

ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত অসমৰ ঘাইপথ-ৰে'লপথ নিৰ্মাণৰ প্ৰেক্ষাপট : কেন্দ্ৰৰ অসমপ্ৰীতিৰ নমুনা - National Highway in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:58 PM IST

Railway track and national highway: ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ নির্মাণৰ ক্ষেত্ৰত ঘোষণাৰ বিপৰীতে বাস্তৱত নিৰ্মাণৰ অগ্ৰগতি তেনেই নিমিত্তহে মাত্ৰ । দেশৰ আন ৰাজ্যৰ তুলনাত অসমত পথ যোগাযোগৰ আন্তঃগাঁথনি নির্মাণ অতি ক্ষুদ্ৰ পৰিসৰৰ । ২০১৬ চনৰ পৰা ২০২৩ চনৰ শেষলৈ ৰাজ্যখনত কেৱল ২৯২ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ । বিগত আঠ বছৰত অসমত ৰে’লপথ নিৰ্মাণ হৈছে ১২৮ কিলোমিটাৰ ।

Railway track and National highway
অসমত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ নির্মাণ হিচাপ (ETV Bharat Assam)

গুৱাহাটী, ৯ আগষ্ট : অসম তথা উত্তৰ-পূৰ্বাঞ্চলক দিল্লীয়ে অবহেলা কৰি অহাৰ বিষয়টো নতুন নহয় আৰু বিভিন্ন ক্ষেত্ৰত এয়া প্ৰমাণিত হৈ আহিছে । তৃতীয়বাৰৰ বাবে শাসনত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰে যাতায়াত ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে অসমৰ ক্ষেত্ৰত সেই অবহেলাৰ দিশটোৱেই প্ৰতিফলিত হৈছে ।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ প্ৰতি কেন্দ্ৰৰ উপেক্ষিত মনোভাৱ প্ৰতিফলিত হৈছে । কেন্দ্ৰীয় চৰকাৰে কৰা ঘোষণা আৰু কামৰ মাজত থকা পাৰ্থক্য অসমৰ প্ৰেক্ষাপটত আকৌ এবাৰ উন্মোচিত হৈছে ৷ পথ আৰু ৰে’লপথ নির্মাণৰ ক্ষেত্ৰত কেন্দ্ৰৰ দুটা মন্ত্ৰণালয়ে সময়ে সময়ে কৰি অহা ঘোষণাৰ বিপৰীতে বাস্তৱত নিৰ্মাণৰ অগ্ৰগতি তেনেই নিমিত্তহে মাথোঁ ।

দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত পথ যোগাযোগৰ আন্তঃগাঁথনি নির্মাণ অতি ক্ষুদ্ৰ পৰিসৰৰ । ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিচতো বিগত ৮ বছৰত কামৰ এনে অগ্ৰগতিয়ে বহু কথাই স্পষ্ট কৰে । বছৰৰ পিচত বছৰ ধৰি ৰাষ্ট্ৰীয় ঘাইপথ (চাৰিলেনযুক্ত) আৰু দ্বৈত ৰে’লপথ বা নতুন ৰে’লপথ নিৰ্মাণ সম্পূর্ণ নোহোৱাত বৰং ইয়াৰ নামত অতিৰিক্ত কোটি কোটি টকা ব্যয় কৰিব লগাত পৰিছে ।

দেশৰ ৰাজ্যসমূহৰ আৰ্থ-সামাজিক বিষয়, উন্নয়নমূলক প্ৰকল্প, বিত্তীয় অৱস্থা আদি সন্দৰ্ভত শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা প্ৰতিবেদনত অসমৰ স্বৰূপটো প্ৰকাশ পাইছে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰসংগত :

২০১৬ চনৰ পৰা ২০২৩ চনৰ শেষলৈ ৰাজ্যখনত কেৱল ২৯২ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ হয় । উল্লেখ্য যে ২০১৬ চনত ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হয় । ইয়াৰ পৰৱৰ্তী সময়ত অর্থাৎ ২০২১ চনত ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হয় । ইফালে কেন্দ্ৰতো ২০১৪ চনৰ পৰা ধাৰাবাহিকভাৱে তিনিটা কার্যকালৰ বাবে এন ডি এ চৰকাৰ গঠন হয় । কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ ডাৱল ইঞ্জিনৰ চৰকাৰ চলি থকাৰ পিচতো অসমত পথ আৰু ৰে'লপথ নিৰ্মাণৰ কাম আশাব্যঞ্জক নহয় ।

তথ্য অনুসৰি তৰুণ গগৈ নেতৃত্বৰ অসম চৰকাৰৰ তৃতীয় কাৰ্যকালৰ শেষত অর্থাৎ ২০১৫ চনত ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘ্য আছিল ৩,৭৮৫ কিলোমিটাৰ । ইয়াৰ পিচতে সৰ্বানন্দ সোনোৱাল চৰকাৰৰ প্ৰথমটো বৰ্ষত এই পথৰ দৈঘ্য বাঢ়ি ৩,৮২১ কিলোমিটাৰ হয়গৈ ।

এনেকৈয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ পিচত অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একেই বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হয় । এইখন চৰকাৰেও তিনিটা বছৰ পূৰ্ণ কৰিলে । কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বিশেষ কোনো অগ্ৰগতি নহ’ল । ২০২৩ চনলৈ ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘ্য হ’লগৈ ৪,০৭৭ কিলোমিটাৰ । অৰ্থাৎ বিগত সময়ত ২৯২ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে ।

কিন্তু ইয়াৰ বিপৰীতে আন ৰাজ্যত হাজাৰ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে । বিগত আঠ বছৰত অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২৩ চনলৈ দেশৰ আন কেতবোৰ ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ অগ্ৰগতি লক্ষ্য কৰিলে আচৰিত লাগে । অন্ধ্ৰপ্ৰদেশত ২০১৬ চনত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘ্য আছিল ৫,৪৬৫ কিলোমিটাৰ আৰু ২০২৩ চনত ইয়াৰ দৈঘ্য হ’লগৈ ৮,৬৮৩ কিলোমিটাৰ । তেনেদৰে গুজৰাটত ২০১৬ চনত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘ্য আছিল ৪,১৭১ কিলোমিটাৰ আৰু ২০২৩ চনত হ’লগৈ ৭,৮৮৫ কিলোমিটাৰ ।

মহাৰাষ্ট্ৰত ২০১৬ চনত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘ্য আছিল ৭,৪৩৫ কিলোমিটাৰ আৰু ২০২৩ চনত হ'লগৈ ১৮,৪৫৯ কিলোমিটাৰ । উত্তৰ প্ৰদেশত ২০১৬ চনত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘ্য আছিল ৮,৪৮৩ কিলোমিটাৰ আৰু ২০২৩ চনত ইয়াৰ দৈঘ্য হ’লগৈ ১২,২৭০ কিলোমিটাৰ । এয়া কেইখন মান ৰাজ্যৰ উদাহৰণহে ।

দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে কম-বেছি পৰিমাণে অসমতকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ অগ্রগতি যথেষ্ট বেছি । উল্লেখ্য যে ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে অনুমোদন জনোৱা ৪৩টা প্ৰকল্প নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত আছে । প্ৰায় ১,০০০ কিলোমিটাৰ পথ নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পসমূহৰ কেবাটাৰো নিৰ্মাণৰ সময়সীমা কেতিয়াবাই উকলি গৈছে । প্ৰকল্প নিৰ্মাণৰ সময়সীমা উকলি যোৱাৰ পৰিণতিত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তকৈ বহু টকা ব্যয় কৰিব লগাত পৰিছে ।

ৰে'লপথ নিৰ্মাণৰ প্ৰসংগ :

ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে ৰে'লপথ নিৰ্মাণৰ ক্ষেত্ৰতো অসম আন ৰাজ্যৰ তুলনাত পিচপৰি আছে । নিৰ্ধাৰিত সময়সীমা উকলি যোৱাৰ পিচতো দ্বৈত অথবা নতুন ৰে’লপথৰ কাম সম্পূৰ্ণ হোৱা নাই । ইতিমধ্যে এনে ৰে’লপথ নিৰ্মাণৰ খৰচ দুগুণলৈকে বৃদ্ধি পাইছে যদিও নির্মাণ সম্পূৰ্ণ হোৱা নাই । তথ্য মতে অসমত ২০১৬ চনত দ্বৈত ৰে’লপথৰ দৈঘ্য আছিল ২,৪৪৩ কিলোমিটাৰ আৰু বৰ্তমান ইয়াৰ দৈঘ্য হৈছেগৈ ২,৫৭১ কিলোমিটাৰ । অৰ্থাৎ বিগত আঠ বছৰত অসমত ১২৮ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণ হৈছে ।

বিভিন্ন ৰাজ্যত বিগত আঠ বছৰত নিৰ্মাণ হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ ৰূপৰেখা :

১. অসমত ২৯২ কিলোমিটাৰ

২. পঞ্জাৱত ১৪৭০ কিলোমিটাৰ

৩. কৰ্ণাটকত ১৫৩৪ কিলোমিটাৰ

৪. অৰুণাচলত ১৭৭২ কিলোমিটাৰ

৫. ৰাজস্থানত ২৭১০ কিলোমিটাৰ

৬. গুজৰাটত ২৯১৪ কিলোমিটাৰ

৭. অন্ধ্ৰপ্ৰদেশত ৩২১৮ কিলোমিটাৰ

৮. উত্তৰপ্ৰদেশত ৩৭৮১ কিলোমিটাৰ

৯. মধ্যপ্ৰদেশত ৩৯১১ কিলোমিটাৰ

১০. মহাৰাষ্ট্ৰত ১১০২৪ কিলোমিটাৰ

লগতে পঢ়ক : বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ : মেৰামতিৰ দাবীত ডুমডুমাত আছুৰ উত্তাল প্ৰতিবাদ

ইষ্ট-ৱেষ্ট কৰিড’ৰে ক্ষতি কৰা লোকে কেতিয়া পাব ক্ষতিপূৰণ ? অতিষ্ঠ হৈছে গাঁওবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.