ETV Bharat / state

গ’ণ্ডাত দুৰ্ঘটনাগ্ৰস্থ ৰে’লৰ ২৯ যাত্ৰী নামিল তিনিচুকীয়াত - TRAIN ACCIDENT in Gonda

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:36 PM IST

Dibrugarh express derailed : বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হোৱা চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লৰ অসমমুখী যাত্ৰীসকল আজি তিনিচুকীয়াত উপস্থিত হয় ৷ যাত্ৰীসকলক আজি তিনিচুকীয়া ৰে’লৱে ষ্টেচনত জিলা প্ৰশাসনৰ তৰফৰ পৰা আৱশ্যকীয় সহায়-সহযোগ আগবঢ়োৱা হয় ৷

Dibrugarh Express derailed
চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছৰ ২৯ যাত্ৰী উপস্থিত তিনিচুকীয়াত (ETV Bharat Assam)

তিনিচুকীয়া, 20 জুলাই : উত্তৰ প্ৰদেশৰ গ’ণ্ডাত বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হোৱা 15904 নম্বৰৰ চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লৰ অসমমুখী যাত্ৰীসকল আজি তিনিচুকীয়াত উপস্থিত হয় ৷ যাত্ৰীসকলক আজি তিনিচুকীয়া ৰে’লৱে ষ্টেচনত জিলা প্ৰশাসনৰ তৰফৰ পৰা আদৰণি জনোৱাৰ লগতে সকলো আৱশ্যকীয় সহায়-সহযোগ আগবঢ়োৱা হয় ৷

বিশেষ ৰে’লযোগে আজি দিনৰ 12.45 বজাত তিনিচুকীয়াত উপস্থিত হোৱা 29 গৰাকী যাত্ৰীৰ আটাইকেইজনৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ দুজনমানে ভৰিত আঘাত পোৱা বুলি জনোৱাত তেওঁলোকক ততাতৈয়াকৈ উপযুক্ত চিকিৎসা প্ৰদান কৰা হয় ৷ তদুপৰি প্ৰতিজন যাত্ৰীকে খোৱাপানী, চৰ্বত আৰু লঘু আহাৰ প্ৰদান কৰা হয় ৷

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, আৱশ্যক অনুসৰি যাত্ৰীসকলক গাড়ীৰে ঘৰত থোৱাৰো ব্যৱস্থা কৰা হয় ৷ তেওঁলোকৰ বাবে তিনিচুকীয়া ৰে’ল ষ্টেচনত হেল্পলাইন নম্বৰ মুকলি কৰাৰ উপৰিও হেল্পডেক্স স্থাপন কৰা হয় ৷ জিলা প্ৰশাসনৰ এই পদক্ষেপত তিনিচুকীয়া ৰে’লৱে সংমণ্ডলেও সম্পূৰ্ণ সহযোগ কৰে ৷

জিলা আয়ুক্ত স্বপ্নীল পালৰ নিৰ্দেশক্ৰমে কাৰ্যবাহী দণ্ডাধীশ তথা তিনিচুকীয়া ৰাজহ চক্ৰৰ বিষয়া মানৱজ্যোতি দাসৰ উপৰিও জিলা পৰিবহণ বিষয়া, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী, আপদা মিত্ৰ, চিকিৎসক আৰু চিকিৎসাকৰ্মী আৰু আৰক্ষীৰ লোকো ৰে’ল ষ্টেচনত উপস্থিত থাকি যাত্ৰীসকলক সহায়-সহযোগ আগবঢ়ায় ৷ পৰৱৰ্তী সময়ত ৰে’লখন ডিব্ৰুগড় অভিমুখে ৰাওনা হয় ৷

উল্লেখ্য যে, 18 জুলাইত চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা উজনিমুৱা 15904 নম্বৰৰ ডিব্ৰুগড় এক্সপ্ৰেছৰ কেবাটাও দবা বৃহস্পতিবাৰে দিনৰ প্ৰায় 2.37 বজাত উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হৈ পৰিছিল ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ : নিহত ২, আহত ২০ ৰো অধিক - TRAIN ACCIDENT IN UP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.