ETV Bharat / state

ইণ্টাৰনেট নাই যদি দৰমহা পাব: কিছু শিক্ষকক শিক্ষা বিভাগৰ সকাহ - SHIKSHA SETU AXOM - SHIKSHA SETU AXOM

Shiksha Setu App : ইণ্টাৰনেটৰ সুবিধা নাই যেতিয়া অনলাইনত কেনেকৈ দিব উপস্থিতি ? শিক্ষাসেতু এপত এদিনো উপস্থিতি নিদিয়া 4,907 গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল দুদিন পূৰ্বে । পিছে দুদিনতে সলনি এই নিৰ্দেশনা ৷ শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা জানিবলৈ চাওক এই প্ৰতিবেদন ।

SHIKSHA SETU AXOM
শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:09 PM IST

গুৱাহাটী, 7 জুলাই: ইণ্টাৰনেটৰ সুবিধা নাই অথচ উপস্থিতি দিব লাগে এপত । সেয়া কেনেকৈ সম্ভৱ ! কিন্তু সম্ভৱ নহ'লেও উপস্থিতি নিদিয়াৰ বাবে দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হ'ল । কিন্তু পাছতহে গম পালে যে, ইণ্টাৰনেটৰ সুবিধা নাই যেতিয়া অনলাইনত কেনেকৈ দিব উপস্থিতি । লগে লগে সলনি কৰা হ'ল নিৰ্দেশ । ইণ্টাৰনেটৰ সুবিধা নথকাসকলক পূৰ্বতে দিয়া নিৰ্দেশৰ পৰা বাহিৰত ৰখা হ'ল । এয়া হৈছে ৰাজ্য চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগৰ কাণ্ড ।

দুদিন পূৰ্বে শিক্ষা বিভাগে চৰকাৰী শিক্ষাসেতু এপত এদিনৰো উপস্থিতি নিদিয়া 33 খন জিলাৰ 4,907 গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিছিল । কিন্তু এতিয়া সেই নিৰ্দেশৰ পৰা আঠখন জিলাৰ 269 খন বিদ্যালয়ক ৰেহাই দিয়া হৈছে । কাৰণ এই 269 খন বিদ্যালয়ত নাই ইণ্টাৰনেট সংযোগ । এইসকল শিক্ষকে অনলাইনযোগে শিক্ষাসেতু এপত কিয় উপস্থিতি দিয়া নাই, তাৰ কাৰণ উদঘাটন কৰাৰ পূৰ্বেই শিক্ষা বিভাগে দৰমহা বন্ধৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক: সময় মানি নচলিলে বিপদ : দুদিন ১৫ মিনিট পলম হ’লেই ছুটী কৰ্তন হ’ব বিদ্যালয়ৰ শিক্ষকৰ - SHIKSHA SETU AXOM

এই ঘোষণাৰ পিছতহে তত আহিল বিভাগৰ ৷ বিভাগে যেতিয়া গম পালে এইকেইখন বিদ্যালয়ত ইণ্টাৰনেটৰ সুবিধাই নাই, তেতিয়াহে সলনি কৰিলে নিৰ্দেশনা । ইণ্টাৰনেট সংযোগ নথকা 8 খন জিলাৰ 269 খন বিদ্যালয়ৰ শিক্ষকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিলে শিক্ষা বিভাগে ৷ নিৰ্দেশনা অনুসৰি ইণ্টাৰনেটৰ সংযোগ নথকা বিদ্যালয়সমূহৰ শিক্ষকসকলে এতিয়াৰে পৰা শিক্ষাসেতু এপত উপস্থিতি নিদিলেও হ'ব । ইয়াৰ বিপৰীতে তেওঁলোকে অফলাইনযোগে দিব লাগিব উপস্থিতি ।

বিদ্যালয়লৈ আহি অফলাইনযোগে উপস্থিতি দিলেই হ'ব । ইণ্টাৰনেট সংযোগ নথকা 269 খন বিদ্যালয় থকা ৰাজ্যৰ আঠখন জিলা হৈছে ক্ৰমে- কামৰূপ(ম), ডিমা হাছাও, গোৱালপাৰা, কাছাৰ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু শোণিতপুৰ ৷ লক্ষণীয়ভাৱে, কামৰূপ(ম) জিলাতে ইণ্টাৰনেট সংযোগ নথকা প্ৰায় দহখন বিদ্যালয় আছে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা শিক্ষাসেতু এপত শিক্ষকসকলে উপস্থিতি দিয়াটো বাধ্যতামূলক । কিন্তু উপস্থিতি দিয়াটো বাধ্যতামূলক কৰাৰ পূৰ্বে বিদ্যালয়সমূহত সেই আন্তঃগাঁথনি নাইবা সেই সুবিধা আছে নে নাই, সেয়া চালি-জাৰি চোৱা হোৱা নাছিল । তাৰেই এই প্ৰমাণ এইকেইখন বিদ্যালয় । হয়টো চালি-জাৰি চালে আন কেতবোৰ অসুবিধাৰ কথাও পোহৰলৈ আহিব ।

লগতে পঢ়ক: সময় মানি নচলিলে বিপদ : শিক্ষকৰ উপস্থিতি সন্দৰ্ভত নিৰ্দেশনা জাৰি - Shiksha Setu Axom

শিক্ষাসেতু এপত উপস্থিতি নিদিয়াৰ কাৰণটো চালি-জাৰি চোৱাৰ পূৰ্বে শিক্ষা বিভাগে ৰাজ্যৰ 4,907 গৰাকী শিক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছিল । শিক্ষা বিভাগে শিক্ষাসেতু এপত ৰাজ্যৰ 4,907 গৰাকী শিক্ষকে এদিনো উপস্থিতি নিদিয়াৰ কথাটো ধৰা পেলাইছিল । যাৰ ফলত উক্ত শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ নির্দেশ জাৰি কৰে বিদ্যালয় শিক্ষা বিভাগে ।

চলিত বৰ্ষৰ পহিলা জুলাইৰ পৰা গৰমৰ বন্ধ আৰম্ভ হৈছে । গৰম বন্ধৰ আগৰ সময়ছোৱাত বৃহৎসংখ্যক শিক্ষকৰ অনুপস্থিতি পর্যবেক্ষণ কৰি শিক্ষা বিভাগে এই শিক্ষকসকলৰ শাৰীৰিক অস্তিত্ব সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে । প্ৰতিখন জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলাৰ আয়ুক্তৰ পৰা বিদ্যালয় শিক্ষা বিভাগৰ সচিবে শিক্ষকৰ অনুপস্থিতি সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল আৰু প্ৰতিবেদন দাখিল নোহোৱা পর্যন্ত তেওঁলোকৰ দৰমহা বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছিল ।

শিক্ষা বিভাগে সকলো জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তসকললৈ শুকুৰবাৰে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, 33 খন জিলাৰ ভিতৰত মুঠ 4,907 গৰাকী শিক্ষকৰ অনুপস্থিতি শিক্ষাসেতুত পোৱা গৈছে । তেওঁলোক শাৰীৰিকভাৱে আছে নে নাই, সেই কথা বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াসকলৰ সৈতে লগ হৈ অনুপস্থিতিৰ কাৰণ সন্দৰ্ভত পৰীক্ষা কৰি প্ৰতিবেদন দিব লাগে ।

প্ৰতিবেদন দাখিল নোহোৱালৈ তেওঁলোকৰ দৰমহা বন্ধ ৰাখিব পাৰে । কিন্তু এতিয়া দেখা গৈছে যে, 269 খন বিদ্যালয়তে নাই ইণ্টাৰনেটৰ সংযোগ । যাৰ বাবে এতিয়া এই বিদ্যালয়কেইখনৰ শিক্ষকসকলক শিক্ষাসেতু এপত উপস্থিতি দিয়াৰ পৰা বিৰত ৰখা হৈছে ।

লগতে পঢ়ক: শিক্ষাসেতু এপত এদিনো উপস্থিতি নথকা ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ সম্ভাৱনা - SIKHA SETU AXOM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.