ETV Bharat / state

বিৰোধী শূণ্য হোৱাৰ দিশে নলবাৰীৰ বৰক্ষেত্ৰী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

BJP Joining Programme: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰীৰ বৰভাগত ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে ছাত্র-সংগঠনৰ কৰ্মীৰ বিজেপিত যোগদান ৷ কংগ্ৰেছৰ মণ্ডল পৰ্যায়ৰ নেতা-কৰ্মীয়ে বিধায়ক দিগন্ত বৰ্মনৰ প্ৰতি ক্ষুন্ন হৈ দল এৰি যোগ দিলে বিজেপিত ।

150 Congress workers join BJP at Barakshetri in Nalbari
বিৰোধী শূণ্য হোৱাৰ দিশে নলবাৰীৰ বৰক্ষেত্ৰী
author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 8:25 PM IST

বিৰোধী শূণ্য হোৱাৰ দিশে নলবাৰীৰ বৰক্ষেত্ৰী

নলবাৰী,২৮ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা । আৰম্ভ হৈছে দল বাগৰা ৰাজনীতি । নলবাৰীৰ বৰক্ষেত্ৰীতো নহয় ইয়াৰ ব্যতিক্ৰম । সমষ্টিটোত এতিয়া বিৰোধী শূন্য হোৱাৰ দিশত আগবাঢ়িছে । বৃহস্পতিবাৰে সমষ্টিটোৰ অন্তৰ্গত উত্তৰ-পূৱ বৰভাগ মণ্ডল আৰু পশ্চিম আদাবাৰী বৰভাগ মণ্ডলৰ যৌথ উদ্যোগত অনুষ্ঠিত এখনি যোগদান সভাত বৰভাগ ব্লক কংগ্ৰেছৰ সভাপতিকে ধৰি দলটোৰ অৰ্ধ শতাধিক কৰ্মী তথা যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ ডেৰ শতাধিক কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

জি এম ডি এৰ অধ্যক্ষ তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰয়ণ ডেকা, জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ আৰু নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান সভাখনি । বৰভাগৰ ক্ষুদ্ৰ কুলহাটীস্থিত উত্তৰ-পূৱ বৰভাগ মণ্ডল বিজেপি কাৰ্যালয় চৌহদত অনুষ্ঠিত হয় আজিৰ এই যোগদান সভাখন ।

উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এই বৰক্ষেত্ৰীৰ পৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ সংকল্পৰে বিজেপি দলে চলাইছে ব্যাপক তৎপৰতা । সেই উদ্দেশ্যে বৰক্ষেত্ৰীত এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কৰ্মীসকল বিধায়ক দিগন্ত বৰ্মনৰ প্ৰতি ক্ষুন্ন হৈ নিতৌ বিজেপি দললৈ ঢাপলি মেলিছে ।

এই যোগদান সভাত দুয়োটা মণ্ডলৰে বিভিন্ন বুথ পৰ্যায় আৰু শক্তি কেন্দ্ৰৰ নেতা-কৰ্মী সকলো উপস্থিত থাকে । ইপিনে বিজেপিত যোগদান কৰিয়েই বৰভাগ মণ্ডল কংগ্ৰেছৰ সভাপতি কৰুণা কলিতাই বিধায়ক দিগন্ত বৰ্মনৰ অকৰ্মন্যতা আৰু দলটোৰ তৃণমূল কৰ্মীসকলক গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: অনাগত দিনত ঠিকনা সলনি হ'ব ভূপেন বৰাৰ: ৰণোজ পেগু - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.