ETV Bharat / state

বানত মুঠ ২৭ গৰাকী লোকৰ মৃত্যু; ১৩২৫ গাঁও ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:50 AM IST

Flood in Assam : ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিয়ে লৈছে ভয়াৱহ ৰূপ ৷ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বক্ষ ৷ চলিত বছৰৰ এতিয়ালৈকে বানত ২৭ গৰাকী লোক বানত মৃত্যু হৈছে । বহু গাঁও এতিয়াও পানীৰ তলতে আছে ৷

Flood in Assam
বানত মুঠ ২৭ গৰাকী লোকৰ মৃত্যু; ১৩২৫ গাঁও ক্ষতিগ্ৰস্ত (ETV Bharat Assam)

গুৱাহাটী, ২২ জুন : ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ শেহতীয়া তথ্য মতে ৰাজ্যৰ ১৯ খন জিলা এতিয়াও বানৰ কবলত আছে । তথ্য মতে, ৰাজ্যৰ ১৯ খন জিলাৰ ১৩২৫ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল‌ বানত বুৰ গৈ আছে । বানত এতিয়ালৈকে ৩৯০৪৯১ লোক ক্ষতিগ্ৰস্ত হৈছে ।

শুকুৰবাৰে বানত ওদালগুৰিত এজন লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে চলিত বছৰৰ বানত ২৭ গৰাকী লোক বানত মৃত্যু হৈ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ওদালগুৰি জিলাত বিয়লি বানত উটি যায় এজন লোক । স্থানীয় লোকে লোকজনক উদ্ধাৰ কৰি ওচৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

লগতে পঢ়ক : বাঢ়নি পানীৰ কোবাল সোঁতত পৰিল 7 বছৰীয়া শিশু; SDRF ৰ অভিযান অব্যাহত - Boat accident in Barpeta

১৯ খন জিলাৰ ৫০ খন ৰাজহ চক্ৰ ক্ষতিগ্ৰস্ত :

ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ শেহতীয়া তথ্য মতে, চলিত বানত ১৩২৫ খন গাঁৱৰ গাঁৱৰ ৩৯০৪৯১ লোক ক্ষতিগ্রস্ত হৈছে । বন্যাক্রান্ত জিলাকেইখন হ‘ল তামুলপুৰ, বঙাইগাঁও, কৰিমগঞ্জ, লখিমপুৰ, ওদালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা জিলা আদি ।

লগতে পঢ়ক : ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতি : ২২ খন জিলাৰ ৪ লাখ ৯ হেজাৰ ৩৫৬ জন লোক ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

এতিয়ালৈকে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা । কৰিমগঞ্জ জিলাত ২৮০ খন‌ গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । তথ্য মতে, কামৰূপ জিলাত ২৯৬ খন, বঙাইগাঁও জিলাত ১৩৯ খন, দৰং জিলাত ১০৫ খন, গোৱালপাৰা জিলাত ১১৪ খন গাঁও বানত বুৰ গৈ আছে ।

বানত ৪৩৪৭.৮৬ হেক্টৰ কৃষিভূমিৰ ক্ষতিগ্ৰস্ত :

ইপিনে ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য মতে, বানত এতিয়ালৈকে বানত ১০,০০০ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । কৰিমগঞ্জ জিলাত সৰ্বাধিক পশুধনৰ ক্ষতিগ্ৰস্ত হৈছে । আকৌ বানত ৪৩৪৭.৮৬ হেক্টৰ কৃষিভূমিৰ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে সৰ্বাধিক কৃষি ভূমি হ'ল বঙাইগাঁও জিলাৰ ।

লগতে পঢ়ক : লখিমপুৰত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Assam Flood 2024

আকৌ চৰকাৰে এতিয়লৈকে ব্যৱস্থা কৰা ৩৯৯৮ টা আশ্ৰয় শিবিৰত বানপীড়িতসকলে আশ্ৰয় গ্ৰহণ কৰি আছে । ইয়াৰে অধিকাংশ আশ্ৰয় শিবিৰ কৰিমগঞ্জ জিলাত আছে ।

লগতে পঢ়ক : ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.