ETV Bharat / state

অসমীয়া বিৰোধী শক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ হুংকাৰ ১২ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ - Union against anti Assamese forces

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:45 PM IST

Union against anti Assamese forces: শিৱসাগৰৰ পাছত তিনিচুকীয়াত একত্ৰিত ১২ টাকৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠন ৷ ভূমিৰ অধিকাৰ কেৱল খিলঞ্জীয়াৰ হাতত ৰখাকে আদি কৰি ৮ টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷

Union against anti Assamese forces
অসমীয়া বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰা হুংকাৰ ১২ টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ (ETV Bharat Assam)

তিনিচুকীয়া, ২০ আগষ্ট: শিৱসাগৰত সংঘটিত হোৱা অসমীয়া বিৰোধী ঘটনাক কেন্দ্ৰ কৰি আজি তিনিচুকীয়া জ্যোতি হোটেলত তিনিচুকীয়া জিলাৰ ১২ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ এখন যৌথ সভা অনুষ্ঠিত হয় ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক সুৰজিৎ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসমত কোনোদিনেই যাতে যিকোনো বহিৰাগত বণিক গোষ্ঠীয়ে খিলঞ্জীয়া অসমীয়াৰ ওপৰত শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা নকৰে, তাৰ সকীয়নি প্ৰদান কৰি উক্ত সভাত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ :

  • তিনিচুকীয়া জিলাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰা ৷
  • তিনিচুকীয়া জিলাৰ মাজমজিয়াত থকা বিভিন্ন পথসমূহ অসমীয়া জাতিৰ স্বনামধন্য ব্যক্তিসকলৰ নামত নামকৰণৰ ব্যৱস্থা কৰা ৷
  • তিনিচুকীয়া জিলাৰ মাজমজিয়াত থকা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ফলকসমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰা ৷
  • তিনিচুকীয়া জিলাৰ বণিক গোষ্ঠীয়ে অধিগ্ৰহণ কৰি ৰখা অবৈধ ভূমিসমূহ বেদখলমুক্ত কৰা (গোধা আলি, ন-পুখুৰী, চাউল ধোৱা পুখুৰী, দেৱী পুখুৰী, বেংমৰা পুখুৰী) ৷
  • তিনিচুকীয়া জিলাৰ আইন শৃংখলা সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সকলো ঠাইতে চিচি কেমেৰাৰ ব্যৱস্থা কৰা ৷
  • তিনিচুকীয়া চহৰৰ মাজমজিয়াত হোৱা অবৈধ পাৰ্কিং আৰু পদপথসমূহৰ বিপণিৰ কাৰণে হোৱা যানজঁট সমস্যাৰ স্থায়ী সমাধান কৰা ৷
  • ভূমিৰ অধিকাৰ কেৱল খিলঞ্জীয়াৰ হাতত থকাৰ ব্যৱস্থা গ্ৰহণ কৰা ৷
  • তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত নিবিদাসমূহ খিলঞ্জীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰা ৷

উক্ত সভাত আগন্তুক দিনত খিলঞ্জীয়া অসমীয়া বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দি যাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, মটক যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ পৰিষদ, কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, গাড়ী চালক সন্থাৰ নেতৃত্বৰ উপস্থিত থাকে ৷

লগতে পঢ়ক: সম্প্ৰীতিৰ নিদৰ্শন: ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে ঢেকীয়াখোৱা বৰনামঘৰলৈ দান কৰিলে ডেৰশ বছৰ পুৰণি বৰপেৰা - 150 year old Borpera

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.