ETV Bharat / state

গুৱাহাটীত আজিৰে পৰা আৰম্ভ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ ৰ দশম সংস্কৰণ - INTERNATIONAL SCIENCE FESTIVAL

আই আই টি গুৱাহাটীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে আয়োজন কৰিছে এই অনুষ্ঠান ।

10th edition of IISF 20204 held at IIT Guwahati
আই আই এছ এফ ২০২০৪ৰ দশম সংস্কৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 4:38 PM IST

বাইহাটা: আই আই টি গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ ৰ দশম সংস্কৰণ । বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত আৰু বিশ্ব বিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত অহা ৩ ডিচেম্বৰলৈ চলিব এই বিজ্ঞান মহোৎসৱ । বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে আয়োজন কৰা এই অনুষ্ঠানটি ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাবে পৰিগণিত হ'ব ।

"পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, আই আই টি গুৱাহাটী আৰু বিজ্ঞান ভাৰতীয়েও ইয়াত সহযোগিতা আগবঢ়াই ভাৰতক গ্ল’বেল মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰিত কৰা” শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা আইআইএছএফ ২০২৪ উত্তৰ-পূবত আয়োজিত প্ৰথম সংস্কৰণ হ'ব আৰু এই অনুষ্ঠানে বিজ্ঞান-প্ৰযুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি আশা কৰা হৈছে ।

আই আই এছ এফ ২০২০৪ৰ দশম সংস্কৰণ (ETV Bharat Assam)

এই অনুষ্ঠানে অপ্ৰতিনিধিত্বশীল অঞ্চলসমূহলৈ বিজ্ঞান আৰু উদ্ভাৱনক সম্প্ৰসাৰিত কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰিব । ইতিমধ্যে আই আই টি গুৱাহাটীত গঢ়ি তোলা হৈছে চাৰিখন কৈ চাইন্স ভিলেজ । প্ৰতিখন চাইন্স ভিলেজত দেশৰ ভিন্ন প্ৰান্তৰ ৬০০ কৈ মুঠ ২৪০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । তদুপৰি গুৱাহাটী মহানগৰীৰ আশে পাশে থকা ভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিদিনে ৬০০ গৰাকী কৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব প্ৰতিখন চাইন্স ভিলেজত ।

উক্ত অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰিম আজি আমাৰ ভাৰত চৰকাৰৰ উদ্যোগত ইয়াতে চাৰিদিন একেলগে আই আই টি গুৱাহাটীত থাকিব পাৰিম । ইয়াৰ উপৰি প্ৰতিদিনে নতুন নতুন ছাত্ৰ-ছাত্ৰীসকল আমাৰ ইয়ালৈ আহিব । ১২০০০ ছাত্ৰ-ছাত্ৰী এই চাৰিদিন বিজ্ঞান মেলাত যোগ দিবৰ বাবে ইয়ালৈ আহিব । দেশৰ আটাইতকৈ ডাঙৰ বিজ্ঞানীসকল ইয়াত আছে । আমাৰ যি অনুসন্ধিৎসু মন আছে তাক আমি আগুৱাই লৈ যাব খোজো, আটাইকেদিন যদি আমি ইয়াত জড়িত হ'ব পাৰোঁ তেন্তে আমি বহুত উপকৃত হ'ব পাৰিম ।"

তেওঁ লগতে কয়,"সেয়ে মই ছাত্ৰ-ছাত্ৰীসকলক মই অহা চাৰিদিন অতি মনোযোগেৰে আৰু খুব সুন্দৰভাৱে এই বিজ্ঞান মহোৎসৱ উপভোগ কৰিবলৈ আহ্বান জনালোঁ । আমি ইয়াৰ পৰা গৈ আমাৰ বিদ্যালয়সমূহত আন ছাত্ৰ-ছাত্ৰীসকলকো কথাখিনি ক'ব লাগিব যাতে তেওঁলোকৰো জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই ।"

আজিৰ শুভাৰম্ভ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বিভিন্ন দায়িত্বশীল বিষয়ববীয়া উপস্থিত থাকে । দেশৰ আগশাৰীৰ বিজ্ঞানীসকলে অংশগ্ৰহণ কৰিবলগীয়া বিজ্ঞান মহোৎসৱত মুঠ ১২ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: হঠাৎ আহিল ভূমিকম্প! বিধ্বস্ত হৈ পৰিল অট্টালিকা, চৌদিশে আৰ্তনাদ

প্ৰথম উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.