ETV Bharat / state

মঙলদৈত ১০০খন প্রতিমা বিসৰ্জন, ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন

Vijaya Dashami 2024: অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায় । ম্লান পৰিল পূজা মণ্ডপ ।

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 10:51 PM IST

Vijaya Dashami 2024
দেৱী দুৰ্গাক ভক্তগনে বিদায় দিলে অশ্ৰুসিক্ত নয়নেৰে (ETV Bharat Assam)

দৰং, ১৩অক্টোবৰ: আজি বিজয়া দশমীত দেৱী দুৰ্গাক ভক্তগণে বিদায় দিলে অশ্ৰুসিক্ত নয়নেৰে । ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতেই নদীত বিসৰ্জন দিয়ে দুৰ্গা দেৱীৰ মৃণ্ময় প্ৰতিমা । মহিলাসকলে পৰম্পৰাগতভাৱে খেলিলে সেন্দুৰ । লগে লগে ম্লান পৰিল পূজা মণ্ডপ ।

ৰাজ্য়ৰ আন ঠাইৰ লগতে মঙলদৈতো পালন কৰা হয় বিজয়া দশমী । নৱৰাত্ৰিৰ প্রথম দিনটোতে ধৰালৈ নামি আহিছিল দুৰ্গতিনাশিনী মা দুৰ্গা । এইবেলি আছিল দেৱীৰ দোলাত আগমন । দৰং জিলাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি জিলা প্রশাসনে সতৰ্কতা অৱলম্বন কৰে । দেওবাৰে মঙলদৈত ১০০খন দুৰ্গা পূজাৰ প্রতিমা বিসৰ্জন দিয়া হয় মঙলদৈ নদীত । দৰং জিলা প্রশাসনৰ সহযোগত এই বিসৰ্জন কাৰ্য সম্পন্ন কৰা হয় ।

জিলাখনৰ তিনিটা স্থানত বিসৰ্জন দিয়ে এই মৃণ্ময় মূৰ্তিসমূহ । দৰঙৰ খাৰুপেটীয়াৰ টাঙনী নৈ আৰু মঙলদৈৰ প্ৰতিমাসমূহ মঙলদৈ নৈত বিসৰ্জন দিয়া হয় । ইপিনে, ছিপাঝাৰতো বিসৰ্জন দিয়া হয় প্ৰতিমা । মঙলদৈত হাজাৰ হাজাৰ ভক্তই বিসৰ্জনস্থলীত ভিৰ কৰে । সেয়েহে ইয়াৰ পূৰ্বেই বহু সংখ্য়ক আৰক্ষীৰ লগতে চিআৰপি মোতায়েন কৰা হয় । মঙলদৈ নদীত বিসৰ্জন দিয়া হৈছে মঙলদৈৰ পূজাৰ প্ৰতিমাসমূহ। দিনৰ ১১ বজাৰ পৰা নিশা ৯ বজালৈ বিসৰ্জনৰ সময় বান্ধি দিয়ে প্ৰশাসনে ।

১০০ ফুট উচ্চতাৰ ৰাৱণ

ইপিনে,মঙলদৈ বিসৰ্জন ঘাটৰ কাষতে নিৰ্মাণ কৰা হয় ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকৃতি । আবেলি ৰাৱণ দাহ প্ৰত্য়ক্ষ কৰিবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰে । দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি নিজে বিসৰ্জন ঘাটত উপস্থিত থাকি মূৰ্তি বিসৰ্জন পৰিদৰ্শন কৰে ।

লগতে পঢ়ক:যোৰহাটৰ পূজাডুবি ঘাটত নিশাও অব্যাহত থাকিব প্ৰতিমা বিৰ্সজন

দেৱীৰ বিদায় ক্ষণত একতাৰ এনাজৰীক প্ৰশংসাৰে ওপচালে শ্ৰমমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.