ETV Bharat / sports

গৌতম গম্ভীৰৰ স্থানত ভাৰতৰ প্ৰাক্তন দ্ৰুত বলাৰ জাহিৰ খানক নিযুক্তি - IPL 2025

author img

By ETV Bharat Sports Team

Published : Aug 28, 2024, 5:16 PM IST

Zaheer Khan: ক্ৰিকেটাৰ তথা বৰ্তমানৰ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ স্থানত নিযুক্তি জাহিৰ খানক ৷ পিছে কি কাৰণে গৌতম গম্ভীৰৰ স্থানত নিযুক্তি দিয়া হৈছে জাহিৰ খানক ?

IPL 2025
জাহিৰ খান (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 28 আগষ্ট: গৌতম গম্ভীৰৰ স্থানত নিযুক্তি দিয়া হৈছে ভাৰতৰ প্ৰাক্তন দ্ৰুত বলাৰ জাহিৰ খানক ৷ এতিয়াৰে পৰা দলৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিব ভাৰতীয় প্ৰাক্তন দ্ৰুত বলাৰগৰাকীয়ে ৷

পিছে ক্ৰিকেটৰ এই নতুন খবৰ আহিছে আই পি এলৰ ক্ষেত্ৰখনৰ পৰাহে ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) 2025 আৰম্ভ হোৱাৰ পূৰ্বে সঞ্জীৱ গোৱেংকাৰ মালিকানাধীন লক্ষ্ণৌ চুপাৰ জায়েণ্টছে প্ৰাক্তন ভাৰতীয় পেচাৰ জাহিৰ খানক দলটোৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছে । খানক দলটোত গৌতম গম্ভীৰৰ স্থানত নিযুক্তি দিয়া হৈছে ৷

বুধবাৰে দলটোৱে নিজৰ অফিচিয়েল এক্স একাউণ্টৰ জৰিয়তে এই কথা ৰাজহুৱা কৰে ৷ এল এছ জিয়ে সামাজিক মাধ্যমত এক বিশেষ ভিডিঅ’ আপলোড কৰিছে য’ত জাহিৰ খানক দেখা গৈছে । দলটোৱে পোষ্ট কৰাৰ সময়ত, "জাহিৰ, আপুনি দীৰ্ঘদিন ধৰি লক্ষ্ণৌৰ সৈতে আছে" বুলি কেপচন দিছিল ।

জাহিৰ খানক লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি

আই পি এল 2025 ত প্ৰাক্তন ভাৰতীয় দ্ৰুত বলাৰজনক দেখা যাব নতুন দায়িত্বত ৷ খানে আই পি এলৰ ফ্ৰেঞ্চাইজি দল লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰিব ৷

ইয়াৰ পূৰ্বে গৌতম গম্ভীৰে লক্ষ্ণৌৰ দলটোত পৰামৰ্শদাতাৰ দায়িত্ব পালন কৰি আছিল । গম্ভীৰে ভাৰতীয় ক্ৰিকেট দলত মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পাছৰে পৰা এই পদটো খালী হৈ আছিল ৷ কিন্তু সঞ্জীৱ গোৱেংকাৰ লক্ষ্ণৌ চুপাৰ জায়েণ্টছে জাহিৰ খানক নিযুক্তি দি পদটো পূৰণ কৰে । জাহিৰক দলৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদানৰ সময়ত দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই তেওঁক আদৰণি জনাই দলৰ জাৰ্ছী প্ৰদান কৰে ।

লক্ষ্ণৌত গৌতম গম্ভীৰৰ স্থানত জাহিৰ খান

লক্ষ্ণৌ চুপাৰ জায়েণ্টছে আই পি এলৰ 2022 সংস্কৰণত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল ৷ দলটোৰ আৰম্ভণিৰ লগে লগে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু বৰ্তমান টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে দলটোত পৰামৰ্শদাতাৰ ভূমিকা পালন কৰি আছিল । কিন্তু তেওঁ আই পি এল 2024 ত এল এছ জি এৰিছিল আৰু তেওঁৰ পুৰণি দল কলকাতা নাইট ৰাইডাৰ্ছত পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰিছিল । তেতিয়াৰ পৰা লক্ষ্ণৌৰ দলটোত পৰামৰ্শদাতাৰ পদ খালী হৈ আছিল ।

জাহিৰ খানৰ অনবদ্য প্ৰদৰ্শন

জাহিৰ খানে ভাৰতৰ হৈ 92 খন টেষ্টত 311 টা, 200 খন এদিনীয়াত 283 টা উইকেট আৰু 17 খন টি-20 মেচত 17 টা উইকেট দখল কৰিছিল । ইয়াৰোপৰি, তেওঁ আই পি এলৰ 100 খন মেচত দখল কৰিছে 107 টা উইকেট । তেওঁ ভাৰতৰ এদিনীয়া বিশ্বকাপ 2011 ৰ বিজয়ী দলৰ সদস্য আছিল । জাহিৰ খান মুম্বাই ইণ্ডিয়ানছ দলৰ ক্ৰিকেট পৰিচালকো আছিল । এতিয়া তেওঁ নতুন দায়িত্বটোৰ বাবেও সম্পূৰ্ণৰূপে প্ৰস্তুত ।

লগতে পঢ়ক: লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰীক সাক্ষাৎ কে এল ৰাহুলৰ... কি আছে নতুন খবৰ - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.