ETV Bharat / sports

লণ্ডনৰ ৰাজপথত কিহত ব্যস্ত যুজবেন্দ্ৰ চাহাল, আশীষ নেহৰা আৰু গৌৰৱ কাপুৰ... - VIDEO OF INDIAN CRICKETERS - VIDEO OF INDIAN CRICKETERS

Indian cricketers visits London: শেহতীয়াকৈ প্ৰকাশিত এক ভিডিঅ’ই যথেষ্ঠ চৰ্চা লাভ কৰিছে ক্ৰিকেটপ্ৰেমীৰ মাজত ৷ এই ভিডিঅ’টোত লণ্ডনৰ ৰাজপথত পৰিলক্ষিত হৈছে তিনিগৰাকী যুৱ ক্ৰিকেটাৰ ৷ চাওক সবিশেষ...

VIDEO OF INDIAN CRICKETERS
যুজবেন্দ্ৰ চাহাল আৰু আশীষ নেহৰা (IANS PHOTOS)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 1:24 PM IST

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ এক বিশেষ ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ এই ভিডিঅ’টোত দেখা গৈছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল, প্ৰাক্তন ফাষ্ট বলাৰ আশীষ নেহৰা আৰু ধাৰাভাষ্যকাৰ গৌৰৱ কাপুৰক ৷ তিনিওগৰাকীয়ে লণ্ডনৰ ৰাজপথত আজৰি সময় কটোৱা ভিডিঅ’টোত দেখা গৈছে ৷

লণ্ডনত স্ফুৰ্তিত ব্যস্ত চাহাল, নেহৰা আৰু গৌৰৱ

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভাৰতীয় ক্ৰিকেটাৰসকলৰ শেহতীয়া ভিডিঅ’টোৱে ক্ৰিকেটপ্ৰেমীৰ মাজত লাভ কৰিছে যথেষ্ঠ চৰ্চা ৷ তেওঁলোকে লণ্ডনৰ ৰাজপথত খোজকাঢ়ি গৈ থাকোঁতে এই ভিডিঅ’ প্ৰস্তুত কৰিছে ৷ ভিডিঅ’টোত এটা হিন্দী গানো সংযুক্ত কৰিছে, যিটো গানৰ কলি ক্ৰিকেটাৰ কেইগৰাকীয়ে গুণগুণোৱা ভিডিঅ’টোত দেখা গৈছে ।

ভিডিঅ’টোৰ আৰম্ভণিতে গৌৰৱ কাপুৰক দেখা গৈছে, তাৰপিছত ক্ৰমে আছে আশীষ নেহৰা আৰু যুজবেন্দ্ৰ চাহাল ৷ এই তিনিজনক হিন্দী গান "জিন্দেগী মিলকৰ বিটায়েংগে, হালে দিন গা কৰ সুনায়ে" ৰ সৈতে লিপছ মিলোৱা দেখা যায় । ভিডিঅ’টোৰ বেকগ্ৰাউণ্ড লণ্ডনৰ বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি টীম ইণ্ডিয়াৰ পৰা বাদ পৰিছে যুজবেন্দ্ৰ চাহাল ৷ তেওঁ এদিনীয়া বিশ্বকাপ 2023 দলৰ পৰাও বাহিৰ হৈছিল । ইয়াৰ পিছত চাহালে টি-20 বিশ্বকাপ 2024 দলত অংশগ্ৰহণৰ সুযোগ পাইছিল যদিও মূল একাদশত স্থান দিয়া হোৱা নাছিল । আশীষ নেহৰা বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) ৰ গুজৰাট টাইটানছৰ প্ৰশিক্ষক হিচাপে নিযুক্ত হৈ আছে । আনহাতে, ধাৰাভাষ্যকাৰৰ ৰূপত দীৰ্ঘদিনৰে পৰা দেখা পোৱা গৈছে গৌৰৱ কাপুৰক ৷

লগতে পঢ়ক: "মোক নিৰ্বাচিত কৰা নাছিল কাৰণ"- দিলীপ ট্ৰফীৰ পৰা বাদ পৰাৰ পিছত ৰিংকু সিঙৰ প্ৰতিক্ৰিয়া - DULEEP TROPHY 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.