ETV Bharat / sports

ৰূপালী পৰ্দাত দেখিবলৈ পাব যুৱৰাজ সিঙৰ কাহিনী: অচিৰে নিৰ্মাণ হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনীভিত্তিক চলচিত্ৰ - YUVRAJ SINGH BIOPIC

author img

By ETV Bharat Sports Team

Published : Aug 20, 2024, 2:28 PM IST

Former Indian Cricketer Yuvraj Singh: টীম ইণ্ডিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ অনুৰাগীসকলৰ বাবে সুখবৰ ৷ যুৱৰাজ সিঙৰ জীৱনৰ কাহিনী শীঘ্ৰেই উপভোগ কৰিবলৈ পাৰিব ডাঙৰ পৰ্দাত ৷ এই খবৰ শুনি অনুৰাগীৰ সমানে স্ফুৰ্তি পাইছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷ জানক এই সন্দৰ্ভত তেওঁ কি ক’লে?

YUVRAJ SINGH BIOPIC
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন যুৱৰাজ সিঙৰ কাহিনী ক্ৰিকেটপ্ৰেমীসকলৰ লগতে খেলুৱৈগৰাকীৰ অনুৰাগীয়ে উপভোগ কৰিবলৈ পাব ডাঙৰ পৰ্দাত ৷ কিয়নো প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ জীৱনক লৈ শীঘ্ৰে নিৰ্মাণ কৰা হ’ব এখন জীৱনীভিত্তিক চলচিত্ৰ অথবা বায়’পিক ৷ য’ত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ জীৱনৰ সংগ্ৰাম আৰু সমস্যাবোৰ প্ৰদৰ্শিত হ’ব ।

একেখন ছবিতে অনুৰাগীসকলে পুনৰাবৃত্তি হোৱা দেখিবলৈ পাব যুৱৰাজ সিঙৰ দৰ্শনীয় 6 টা ছয়ৰ অবিস্মৰণীয় ইনিংছটো ৷

যুৱৰাজৰ জীৱনীভিত্তিক চলচিত্ৰ ঘোষণা

যুৱৰাজ সিঙৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব এখন জীৱনীভিত্তিক ছবি ৷ এই বায়’পিকখন টি-চিৰিজৰ বেনাৰত প্ৰযোজনা কৰা হ’ব । ভূষণ কুমাৰ আৰু ৰবি ভাগচান্দকাই এই বিষয়ত যুটীয়াভাৱে কাম কৰাৰ কথা জানিবলৈ পোৱা গৈছে ৷

পিছে ছবিখনৰ নাম ভূমিকাত কোনে অভিনয় কৰিব, সেয়া এতিয়াও ঠিৰাং হোৱা নাই ৷ অৱশ্যে, যুৱৰাজ সিঙে অভিনেতা সিদ্ধান্ত চতুৰ্বেদীয়ে তেওঁৰ চৰিত্ৰত অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । সিদ্ধান্তৰ চেহেৰা দেখাত যুৱৰাজৰ দৰেই ।

ছবি সন্দৰ্ভত যুৱৰাজৰ কেনে প্ৰতিক্ৰিয়া ?

এই খবৰ শুনাৰ পিছত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে কয়, "মই অত্যন্ত সন্মানিত যে, মোৰ কাহিনী বিশ্বজুৰি মোৰ লাখ লাখ অনুৰাগীক দেখুওৱা হ’ব । ক্ৰিকেট মোৰ আটাইতকৈ ডাঙৰ প্ৰেম আৰু সকলো উত্থান-পতনৰ শক্তিৰ উৎস । মই আশা কৰোঁ যে, এই চলচ্চিত্ৰখনে আনসকলক তেওঁলোকৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবলৈ আৰু তেওঁলোকৰ সপোনবোৰ অটল আবেগেৰে অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব" ৷

যুৱৰাজৰ জীৱনীভিত্তিক ছবিখনত কি কি থাকিব

যুৱৰাজ সিঙৰ এই জীৱনীভিত্তিক ছবিখনত অন্তৰ্ভূক্ত কৰা হ’ব তেওঁৰ পিতৃ-মাতৃৰ পৃথকীকৰণৰ কাহিনী, যিয়ে যুৱীৰ শৈশৱৰ সংগ্ৰামক প্ৰকাশ কৰিব । ইয়াৰ পিছত থাকিব প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ টি-20 বিশ্বকাপ 2007 ৰ 6 টা ছয়ৰ দৰ্শনীয় ইনিংছটো ৷ তদুপৰি এদিনীয়া বিশ্বকাপ 2011 ত দেহত কৰ্কট ৰোগ লৈও দেশখনক বিশ্ব চেম্পিয়ন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য ভূমিকাক ছবিখনৰ মাধ্যমৰে প্ৰদৰ্শন কৰা হ’ব ৷ অৱশেষত টীম ইণ্ডিয়াৰ পৰা যুৱীৰ অৱসৰ গ্ৰহণ কৰাটোও ছবিখনত অনুৰাগীসকলে দেখাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ দল ঘোষণা - ENG VS SL FIRST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.