স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ আই চি চিয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ(ডব্লিউ টি চি) শেহতীয়া ৰেংকিং তালিকা প্ৰকাশ কৰিছে । এই তালিকাত স্থান উন্নীত হৈছে দক্ষিণ আফ্ৰিকাৰ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দলটোৰ উন্নত প্ৰদৰ্শনৰ পিছত দক্ষিণ আফ্ৰিকাই পাকিস্তানক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দখল কৰিছে পঞ্চম স্থান ।
দক্ষিণ আফ্ৰিকাই গায়ানাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টত 40 ৰাণত জয় সাব্যস্ত কৰে ৷ প্ৰথমখন টেষ্ট অমীমাংসিত হোৱাৰ পিছত দুখন মেচৰ শৃংখলাটো সামৰণি পৰে 1-0 ব্যৱধানত ৷ যাৰ ফলত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ 2023-25 ৰ পইণ্ট তালিকাত সামান্য় পৰিৱৰ্তন ঘটে ।
India at the top of the WTC table. 🇮🇳 pic.twitter.com/waEvuprSrJ
— Mufaddal Vohra (@mufaddal_vohra) August 18, 2024
দক্ষিণ আফ্ৰিকাই দুটা জয় আৰু তিনিটা পৰাজয়ৰ সৈতে উপনীত হয় পইণ্ট তালিকাৰ পঞ্চম স্থানত । দলটোৱে লাভ কৰিছে 38.59 পইণ্ট । আনহাতে, ৱেষ্ট ইণ্ডিজে একেৰাহে দ্বিতীয়টো টেষ্ট শৃংখলাত পৰাজয়বৰণ কৰি ৰেংকিং তালিকাত অৱনমিত হয় । দলটোৱে 9 খন খেলৰ ভিতৰত এখনত জয় লাভ কৰে, সম্প্ৰতি দলটোৱে লাভ কৰা পইণ্ট হৈছে 18.52 ।
তালিকাৰ শীৰ্ষস্থানত ভাৰত
2023-25 বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে ভাৰত আৰু অষ্ট্ৰেলিয়া আছে দ্বিতীয় স্থানত । দুয়োটা দলেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ 2023-25 ৰ ফাইনেলত উপনীত হোৱাৰ ক্ষেত্ৰত শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে ৷ নিউজিলেণ্ড আৰু শ্ৰীলংকা অষ্ট্ৰেলিয়াৰ পিছত 50-50 জয়ৰ শতাংশৰ সৈতে উপনীত হৈছে তৃতীয় স্থানত । পাকিস্তান আৰু ইংলেণ্ড তালিকাৰ ক্ৰমে ষষ্ঠ আৰু সপ্তম স্থানত উপনীত হৈছে ।