ETV Bharat / sports

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত ভাৰত : পাকিস্তানৰ অৱস্থা শোচনীয় - Sri Lanka defeated England

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 1:00 PM IST

WTC Points Table : চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট মেচত শ্ৰীলংকাই ইংলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত পাকিস্তানৰ অৱস্থা বেয়া হোৱাৰ বিপৰীতে টীম ইণ্ডিয়া শীৰ্ষ স্থানত আছে । সম্পূৰ্ণ খবৰ পঢ়ক...

WTC Points Table
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত ভাৰত (AP Photo)

স্প’ৰ্টছ ডেস্ক, ১০ ছেপ্টেম্বৰ : শ্ৰীলংকাৰ ক্ৰিকেট দলে ইংলেণ্ডক নিজৰ ঘৰুৱা খেলপথাৰত পৰাস্ত কৰি ইতিহাসৰ সৃষ্টি কৰিছে । তিনিখনীয়া টেষ্ট শৃংখলাৰ অন্তিমখন মেচত ইংলেণ্ডক পৰাস্ত কৰে শ্ৰীলংকাই । এই মেচখনত শ্ৰীলংকাৰ অ’পেনিং বেটছমেন পাথুম নিশাংকাই এক উৎকৃষ্ট শতক অৰ্জন কৰাৰ লগতে নিজৰ দলটোৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

মেচখন লণ্ডনৰ কেনিংটন অভেল ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছিল ৷ অন্তিমখন মেচত শ্ৰীলংকা জয়ী হ’লেও শৃংখলাটোত শ্ৰীলংকাৰ বিৰুদ্ধে ২-১ ৰ ব্যৱধানত জয়লাভ কৰে ইংলেণ্ডে । পূৰ্বৰ দুয়োখন মেচতে ইংলেণ্ডে জয়লাভ কৰিছিল ৷

  • শ্ৰীলংকাই ১০ বছৰৰ পাচত পুনৰাবৃত্তি কৰিলে ইতিহাস

এই মেচত জয়ী হৈ শ্ৰীলংকাই ইতিহাসৰ সৃষ্টি কৰিছে । এই জয়েৰে শ্ৰীলংকাই ১০ বছৰৰ পাচত নিজৰ ঘৰতে ইংলেণ্ড ক্ৰিকেট দলক পৰাস্ত কৰিছে । ইয়াৰ পূৰ্বে ২০১৪ চনত ১০ বছৰ পূৰ্বে ঘৰুৱা খেলপথাৰত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছিল শ্ৰীলংকা দলটোৱে । ইংলেণ্ডৰ বিৰুদ্ধে ৫ উইকেট আৰু ১৯০ ৰানত জয়লাভ কৰি শ্ৰীলংকাই ১-০ ব্যৱধানত শৃংখলা দখল কৰিছিল ৷

  • পইণ্ট টেবুলত পাকিস্তানৰ শোচনীয় অৱস্থা

এই জয়ৰ দ্বাৰা শ্ৰীলংকা লাভৱান হোৱাৰ বিপৰীতে ইংলেণ্ডে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত অৱনমিত হৈছে । ইয়াৰ পূৰ্বে ইংলেণ্ডে পইণ্ট পাৰ্চেণ্টেজ চিষ্টেম (পিচিটি)ত ৪৫ পইণ্টেৰে ৫ম স্থান লাভ কৰিছিল । শ্ৰীলংকাৰ বিৰুদ্ধে এই পৰাজয়ৰ পিছত এতিয়া ইংলেণ্ডে ৪২.১৯ পইণ্টেৰে ষষ্ঠ স্থানলৈ অৱনমিত হৈছে । ইফালে শ্ৰীলংকা এতিয়া ৪২.৮৬ পিচিটিৰে পইণ্ট টেবুলত ৫ম স্থানত উপনীত হৈছে ।

ইংলেণ্ডে ১৬ খন মেচৰ ৮ খনত জয়ী আৰু ৭ খনত পৰাস্ত হৈছে । ৩ খন ছিৰিজত মুঠ ৯ খন খেল খেলি পইণ্ট তালিকাৰ শীৰ্ষত আছে ভাৰতীয় ক্ৰিকেট দল । ভাৰতে মুঠ ৬ খনত জয়ী, ২ খন পৰাস্ত আৰু ১ খন ড্ৰ’ খেলিছে । ভাৰতীয় দলটোৱে মুঠ ৪৭ পইণ্ট লাভ কৰি ৬৮.৫২ পিটিচিৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে ।

তেওঁলোকৰ পিছতে অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আছে । তৃতীয় স্থানত নিউজীলেণ্ড আৰু চতুৰ্থ স্থানত আছে বাংলাদেশ । পাকিস্তানো শীৰ্ষ ৫ ৰ পৰা বাহিৰ হৈছে । দলটো বৰ্তমান নৱম স্থানত আছে ।

  • শ্ৰীলংকা আৰু ইংলেণ্ডৰ মেচখনৰ সবিশেষ

এই মেচখনত ইংলেণ্ডে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ৩২৫ ৰান সংগ্ৰহ কৰে, য’ত অলি পপে ১৫৪ ৰানৰ শতকীয় ইনিংছৰ ৰেকৰ্ড কৰে । ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই প্ৰথম ইনিংছত ২৬৩ ৰাণ সংগ্ৰহ কৰি ইংলেণ্ডতকৈ ৬৩ ৰান পিছ পৰি থাকে । ইংলেণ্ডে দ্বিতীয় ইনিংছত মাত্ৰ ১৫৬ ৰাণ সংগ্ৰহ কৰি শ্ৰীলংকাক ২১৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে । পাথুম নিশাংকাৰ ১২৭ ৰাণৰ অপৰাজিত শতকীয় ইনিংছৰ সহায়ত ২ উইকেট হেৰুৱাই শ্ৰীলংকাই বিজয় লক্ষ্যত উপনীত হয় ।

লগতে পঢ়ক: ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেবাগৰাকীও খেলুৱৈ - INDIA vs BANGLADESH test series

চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ আহিব ভাৰত: পি চি বি ৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য - CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.