ETV Bharat / sports

নেপালক ৮২ ৰাণত পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত ভাৰত - Womens Asia cup 2024

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 11:11 AM IST

INDW VS NEPW Asia cup 2024: এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ৷ নেপালক ৮২ ৰাণত পৰাস্ত কৰি ছেমিফাইনেলত উপনীত ভাৰত ৷ অহা ২৬ জুলাইত ছেমি ফাইনেল খেলিব ভাৰতে ৷

INDIA WOMEN VS NEPAL WOMEN
গ্ৰুপৰ শীৰ্ষত ভাৰতীয় মহিলা ক্ৰিকেট দল (ANI Photo)

স্পৰ্টছ ডেস্ক, ২৪ জুলাই : শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুল্লা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মঙলবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু নেপালৰ মাজত অনুষ্ঠিত এছিয়া কাপ 2024 ৰ গ্ৰুপ মেচখনত ভাৰতে নেপালক ৮২ ৰাণত পৰাস্ত কৰে । এই জয়ৰে ভাৰতে মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ভাৰতে এতিয়ালৈকে একেৰাহে তিনিখন মেচত বিজয়ী হৈ প্ৰতিযোগিতাত অপৰাজিত হৈ আছে । ভাৰতে কালি নেপালক পৰাস্ত কৰাৰ পূৰ্বে শক্তিশালী পাকিস্তান আৰু ইউ এ ইৰ বিৰুদ্ধেও চমকপ্ৰদ বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য় যে এই মেচখনত ভাৰতৰ নিয়মীয়া অধিনায়ক হৰমনপ্ৰীত কৌৰক বিশ্ৰাম দিয়া হয় । তেওঁৰ স্থানত দলটোক নেতৃত্ব প্ৰদান কৰে স্মৃতি মন্ধানাই । ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথম উইকেটৰ যুটীত অপেনাৰ শ্বেফালী বৰ্মা (৮১) আৰু ডি হেমলতা (৪৭)ই ১২২ ৰাণ সংগ্ৰহ কৰে । ভাৰতে নিৰ্দিষ্ট অভাৰত ৩ উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে ।

ভাৰতে বান্ধি দিয়া ১৭৯ ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি নেপালৰ দলটোৱে ২০ অভাৰত ৯ উইকেট হেৰুৱাই মাত্ৰ ৯৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ফলত ভাৰতীয় দলটোৱে মেচখন ৮২ ৰাণৰ বৃহৎ ব্যৱধানত বিজয়ী হয় । অপেনাৰ বেটাৰ সীতা ৰাণা মাগৰ ১৮ ৰানেই নেপালৰ শীৰ্ষ স্ক’ৰ আছিল ।

ভাৰতৰ শ্বেফালী বৰ্মা 'প্লেয়াৰ অফ দ্য মেচ' হিচাপে নিৰ্বাচিত হয় । নেপালৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ নায়িকা আছিল অপেনাৰ বেটাৰ শ্বেফালী বৰ্মা । তেওঁ ১২ টা চাৰি আৰু ১ টা ছয়ৰ সহায়ত ৪৮ টা বলত ৮১ ৰাণ সংগ্ৰহ কৰে ।

ভাৰতে অহা ২৬ জুলাইত ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব । গ্ৰুপ পৰ্যায়ৰ তিনিওখন মেচত ভাৰতে বিজয়ী হৈ গ্ৰুপৰ শীৰ্ষত স্থানত আছে । প্ৰথমখন ছেমি ফাইনেলত ভাৰতে গ্ৰুপ-বিৰ ৰানাৰ্চ আপ (অৰ্থাৎ দ্বিতীয়)ৰ সৈতে মুখামুখি হ'ব । ভাৰতীয় সময় মতে দুপৰীয়া ২ বজাৰ পৰা ডাম্বুলাৰ একেখন ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:মহিলা এছিয়া কাপত নেপালৰ মুখামুখি হ'ব ভাৰত - Womens Asia Cup 2024

মহিলা এছিয়া কাপ 2024: ইউ এ ই-ৰ বিৰুদ্ধে 78 ৰাণত জয়লাভ ভাৰতৰ - Womens Asia Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.