ETV Bharat / sports

মহিলা এছিয়া কাপ 2024; স্মৃতি মন্ধানাক প্ৰেমৰ প্ৰতীক উপহাৰ নেপালৰ অধিনায়ক ইন্দু বাৰ্মাৰ - Womens Asia cup 2024

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 2:22 PM IST

Womens Asia cup 2024 : ভাৰতীয় মহিলা ক্ৰিকেট দলে মঙলবাৰে নেপাল দলক ৮২ ৰাণত পৰাস্ত কৰি চলিত মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে । মেচখনৰ সময়ত ভাৰতে নেপালৰ পৰা প্ৰেমৰ প্ৰতীক লাভ কৰে ।

Womens Asia cup 2024
টছৰ মুহূৰ্তত স্মৃতি মন্ধানা আৰু ইন্দু বাৰ্মা (ANI Photo)

স্পৰ্টছ ডেস্ক, ২৪ জুলাই : মহিলা এছিয়া কাপ, 2024ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দল । ভাৰতীয় দলটোৱে এছিয়া কাপৰ লীগ পৰ্যায়ৰ তিনিওখন মেচতে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ছেমি ফাইনেলত ভাৰত বাংলাদেশৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে বাংলাদেশ আৰু থাইলেণ্ডৰ মহিলা দলৰ মাজৰ মেচখনে স্পষ্ট কৰিব যে হৰমনপ্ৰীত কৌৰ বাহিনী ছেমি ফাইনেলত কাৰ মুখামুখি হ'ব । অৱশ্যে ছেমি ফাইনেলত ভাৰতে বাংলাদেশৰ মুখামুখি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ।

আনহাতে, ভাৰতীয় দলটোৱে তেওঁলোকৰ লীগ পৰ্যায়ৰ অন্তিম মেচখনত নেপালক অনায়াসে পৰাস্ত কৰে । মেচখনত ভাৰতীয় দলটোৱে নেপালক ৮২ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে । কিন্তু এই পৰাজয়ৰ পাচতো নেপালী মহিলা ক্ৰিকেট দলটোৱে ভাৰতীয় অনুৰাগীসকলৰ হৃদয় জয় কৰে । কিয়নো নেপালৰ অধিনায়ক ইন্দু বাৰ্মাই মেচখনত ভাৰতীয় অধিনায়ক স্মৃতি মন্ধানাক এক সুন্দৰ উপহাৰ প্ৰদান কৰে । তেওঁ স্মৃতি মন্ধানাক ভগৱান বুদ্ধৰ এটা সুন্দৰ মূৰ্তি প্ৰদান কৰে । মূৰ্তিটোৰ ওপৰত 'ট'কেন অৱ লভ' লিখা আছিল । নেপালী অধিনায়কগৰাকীৰ এই মৰমৰ উপহাৰৰ পিচত তেওঁ টীম ইণ্ডিয়াৰ অনুৰাগীসকলৰ হৃদয়ো জয় কৰে ।

উল্লেখ্য যে, মেচখনত ভাৰতে নেপালৰ বিৰুদ্ধে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে । শ্বেফালী বাৰ্মা (৮১), দয়ালন হেমলতা (৪৭) আৰু জেমিমা ৰড্ৰিগছৰ (২৮) বেটিং বিক্ৰমত ভাৰতে ১৭৮ ৰাণৰ বিশাল স্ক'ৰ সংগ্ৰহ কৰে । এই লক্ষ্য অনুসৰণ কৰি নেপালৰ দলটোৱে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ৯৬ ৰাণতে ইনিংছ সামৰে । ফলত ভাৰতে মেচখন 82 ৰাণৰ বৃহৎ ব্যৱধানত হস্তগত কৰে । নেপালৰ হৈ সীতা ৰাণা মাগৰে (১৮) সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । আনহাতে, ভাৰতৰ হৈ দীপ্তি শৰ্মাই ৩টা আৰু অৰুন্ধতী ৰেড্ডী আৰু ৰাধা যাদৱে ২ টাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক :নেপালক ৮২ ৰাণত পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত ভাৰত - Womens Asia cup 2024
লগতে পঢ়ক :মহিলা এছিয়া কাপ 2024: ইউ এ ই-ৰ বিৰুদ্ধে 78 ৰাণত জয়লাভ ভাৰতৰ - Womens Asia Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.