ETV Bharat / sports

অক্ষৰ পেটেলক শ্ৰেষ্ঠ ফিল্ডাৰৰ মনোনয়ন : বিৰাট কোহলীৰ হৃদয়স্পৰ্শী প্ৰতিক্ৰিয়া - T20 world cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 7:10 PM IST

India Best Fielder Award : বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে মেচৰ বাবে 'শ্ৰেষ্ঠ ফিল্ডাৰ বঁটা'ৰ বাবে নাম ঘোষণাৰ পিচত অক্ষৰ পেটেল নিজেই হতবাক হৈ পৰে । আনহাতে, তেওঁৰ মুখৰ অভিব্যক্তিয়ে বিৰাট কোহলীক হাঁহিৰ খোৰাক যোগায় ।

India Best Fielder Award
অক্ষৰ পেটেলৰ সৈতে বিৰাট কোহলী (ETV Bharat)

স্পৰ্টছ ডেস্ক, ২১ জুন : বৃহস্পতিবাৰে কেনিংটন অভেল ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতে ছুপাৰ এইটৰ প্ৰতিদ্বন্দ্বিতাত বিজয় সাব্যস্ত কৰে । আনহাতে, ভাৰতীয় দলৰ পৰম্পৰা অনুসৰি দলটোৰ ফিল্ডিং প্ৰশিক্ষক টি দিলীপে বাঁওহতীয়া স্পিনাৰ অক্ষয় পেটেলক ড্ৰেছিং ৰুমত ফিল্ডিং পদকৰ অন্যতম দাবীদাৰ হিচাপে ঘোষণা কৰে । এই ঘোষণা শুনাৰ পিচতে অক্ষৰ পেটেল নিজেই হতবাক হৈ পৰে । আনহাতে, ভাৰতীয় বেটাৰ বিৰাট কোহলীয়ে অক্ষৰৰ প্ৰতিক্ৰিয়াত তেওঁৰ হাঁহি নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে ।

উল্লেখ্য, ৰোহিত শৰ্মাৰ নেতৃত্বত মেন ইন ব্লুৱে মেচৰ তিনিওটা বিভাগতে আন এক চিত্তাকৰ্ষক প্ৰদৰ্শন আগবঢ়াই আফগানিস্তানৰ বিৰুদ্ধে ৪৭ ৰাণত বিজয় সাব্যস্ত কৰে ।

মেচখনত পেচাৰ মহম্মদ চিৰাজৰ স্থানত কুলদীপ যাদৱক অন্তৰ্ভুক্ত কৰি অধিনায়ক ৰোহিত আৰু দল মেনেজমেণ্টে মেচখনত তিনিগৰাকী স্পিনাৰৰ সৈতে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয় । অৱশ্যে এইটো এক ব্যতিক্ৰমী সিদ্ধান্ত হিচাপে প্ৰমাণিত হয় । কিয়নো অক্ষৰ পেটেলৰ ছয়টা বলত ১২ ৰাণৰ অৰিহণাই ভাৰতক ১৮০ ৰাণৰ এক আশ্বস্তপূৰ্ণ সীমা অতিক্ৰম কৰাত সহায় কৰে । এই ৰাণ সংখ্যা হৈছে এতিয়ালৈকে প্ৰতিযোগিতাখনত ভাৰতৰ সৰ্বাধিক দলীয় স্ক'ৰ । তেওঁৰ বেটিঙৰ উপৰি নিজৰ তিনিটা অভাৰত অতি মিতব্যয়ী বলিং কৰে । তেওঁ প্ৰতি অভাৰত মাত্ৰ পাঁচ ৰাণকৈ খৰচ কৰে । লগতে প্ৰতিযোগিতাখনৰ পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ইব্ৰাহিম জাদৰানৰ উইকেটো দখল কৰে ।

উল্লেখ্য, এদিনীয়া বিশ্বকাপ, ২০২৩ ৰ পৰা বৰ্তমানৰ টি-২০ বিশ্বকাপলৈকে ভাৰতীয় দলত প্ৰতিখন টুৰ্ণামেণ্টত শ্ৰেষ্ঠ ফিল্ডাৰৰ পদক প্ৰদানৰ পৰম্পৰা অব্যাহত আছে । ফিল্ডিং প্ৰশিক্ষক দিলীপে খেলৰ সময়ত দলটোৱে খেলপথাৰত কোনো ভুল নকৰাকৈ পৰিস্থিতি সম্পৰ্কীয় সজাগতাৰ প্ৰশংসা কৰে ।

ইফালে অলৰাউণ্ডাৰগৰাকীয়ে এই বঁটাৰ বাবে তেওঁৰ নাম শুনি হতবাক হৈ পৰে । কিয়নো অৰ্শদীপ সিং আৰু ৰবীন্দ্ৰ জাদেজাৰ পিচতহে তেওঁ এই বঁটাৰ দাবীদাৰ আছিল । যাৰ বাবে আশ্চৰ্যচকিত হৈ তেওঁৰ দুচকু বহলকৈ মেল খায় আৰু চকুৰ ভ্ৰূ ওপৰলৈ উঠি যায় । ইফালে তেওঁৰ মুখৰ এই অভিব্যক্তিৰ বাবে কোহলীয়ে নিজৰ হাঁহি বন্ধ কৰি ৰাখিব পৰা নাছিল । উল্লেখ্য যে অক্ষৰে বিপজ্জনক আজমাতুল্লাহ ওমৰজাইৰ কেচ আয়ত্ত কৰি তেওঁক পিভিলিয়নলৈ ঘূৰাই পঠাইছিল ।

আনহাতে, এই পুৰস্কাৰৰ চূড়ান্ত দাবীদাৰ ঋষভ পণ্টো আছিল । তেওঁ মেচখনত তিনিটা কেচ আয়ত্ত কৰি তেওঁৰ নামত এক অনন্য অভিলেখ লিপিবদ্ধ কৰিছিল । টি-২০ বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক আউট কৰা উইকেটৰক্ষক হিচাপে পৰিগণিত হয় পণ্ট । অৱশেষত কিন্তু এই বঁটাটো জাদেজালৈ যায় আৰু ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে তেওঁক বঁটা প্ৰদান কৰে ।

লগতে পঢ়ক :টি-20 ক্ৰিকেটত বিৰাট কোহলীৰ অনন্য অভিলেখ স্পৰ্শ সূৰ্যকুমাৰ যাদৱৰ - T20 World Cup 2024

লগতে পঢ়ক :সূৰ্যকুমাৰ যাদৱৰ অভিলেখৰে ভাৰতৰ হাতত ধৰাশায়ী আফগানিস্তান - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.