স্প’ৰ্টছ ডেস্ক: এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ সাফল্য ৷ পিতৃৰ পদাংক অনুসৰণ কৰিয়েই ক্ৰিকেট খেলপথাৰত চমক সৃষ্টি খেলুৱৈগৰাকীৰ ৷ কোচবিহাৰ ট্ৰফীত দ্বি-শতক অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা খেলুৱৈগৰাকী হৈছে প্ৰাক্তন ভাৰতীয় বিস্ফোৰক অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ ৷
বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰৰ নাম হৈছে আৰ্যবীৰ ছেহৱাগ ৷ আৰ্যবীৰে দ্বি-শতক অৰ্জনৰ জৰিয়তে নিশাটোৰ ভিতৰতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷
Aaryavir Sehwag blasts 200* as Delhi take control against Meghalaya in the Cooch Behar Trophy! Delhi lead by 208 at 468/2. The Sehwag legacy continues! #CoochBeharTrophy #AaryavirSehwag #SehwagLegacy #DelhiCricket #DoubleCentury #VirenderSehwag https://t.co/keHsZ2LzKH
— Syllad (@Sylladofficial) November 21, 2024
ছেহৱাগৰ পুত্ৰ আৰ্যবীৰৰ দ্বি-শতক অৰ্জন
এই প্ৰতিযোগিতাখনত দিল্লী আৰু মেঘালয়ৰ দল দুটাৰ মাজত অনুষ্ঠিত হৈছিল এখন খেল । আৰ্যবীৰে দিল্লীৰ হৈ খেলি অপৰাজিত 200 ৰাণ সংগ্ৰহ কৰে ৷ খেলুৱৈগৰাকীয়ে এই ইনিংছটো দুটা আকাশচুম্বী ছয়ৰ লগতে 34 টা চাৰিৰে সজাইছিল ৷ কিংবদন্তী ক্ৰিকেটাৰগৰাকীৰ পুত্ৰই 87 ৰ ষ্ট্ৰাইক ৰেটৰ সৈতে বেটিং কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷
মেঘালয়ৰ বিৰুদ্ধে দিল্লীৰ মজবুত স্থিতি
আৰ্যবীৰ ছেহৱাগৰ এই বিস্ফোৰক ইনিংছৰ বাবে দিল্লীয়ে মেঘালয়ৰ বিৰুদ্ধে প্ৰথম ইনিংছত 208 ৰাণৰ অগ্ৰগতি লাভ কৰিছে । ছেহৱাগৰ পুত্ৰ আৰ্যবীৰে ভিনু মানকাড টুৰ্ণামেণ্টৰ জৰিয়তে ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল । তেওঁ পূৰ্বে প্ৰথমখন খেলত 49 ৰাণৰ ইনিংছ খেলিছিল ।
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা 2007 আৰু 2011 বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য বীৰেন্দ্ৰ ছেহৱাগ নিজৰ বিস্ফোৰক বেটিঙৰ বাবে জনাজাত ৷ তেওঁ খেলপথাৰত ব্ৰেট লী আৰু ছোৱেইব আখতাৰৰ দৰে আগশাৰীৰ বলাৰৰ বিৰুদ্ধে যথেষ্ট ৰাণ সংগ্ৰহ কৰি থৈছে ।
উল্লেখ্য যে, কোচবিহাৰ ট্ৰফী হৈছে অনুৰ্ধ-19 খেলুৱৈসকলৰ বাবে ৰাষ্ট্ৰীয় চাৰিদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা । 1945-46 বৰ্ষৰ পৰা এই প্ৰতিযোগিতা বছৰে বছৰে অনুষ্ঠিত হৈ আহিছে ।
লগতে পঢ়ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে বিৰাটৰ অৱসৰ...! সামাজিক মাধ্যমৰ পোষ্ট ভাইৰেল