ETV Bharat / sports

দুটাকৈ ত্ৰি-শতকৰ পৰা সৰ্বাধিক ছয়লৈ; ক্ৰিকেটত বীৰেন্দ্ৰ ছেহৱাগৰ অনবদ্য অভিলেখ

Virender Sehwag highest records: আজি বীৰেন্দ্ৰ ছেহৱাগৰ জন্মদিন । ক্ৰিকেটৰ ইতিহাসত ছেহৱাগে এনে কিছুমান অভিলেখ গঢ়ি থৈছে, যিবোৰ ক্ৰিকেটাৰগৰাকীৰ পূৰ্বে কোনেও হয়তো ভবাই নাছিল ।

author img

By ETV Bharat Sports Team

Published : 9 hours ago

HAPPY BIRTHDAY VIRENDER SEHWAG
শুভ জন্মদিন বীৰেন্দ্ৰ ছেহৱাগ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 20 অক্টোবৰ: আজি টীম ইণ্ডিয়াৰ প্ৰাক্তন অ’পেনাৰ তথা অধিনায়ক বীৰেন্দ্ৰ ছেহৱাগৰ জন্মদিন । 1978 চনৰ আজিৰ দিনটোতে ৰাজধানী দিল্লীত বীৰেন্দ্ৰ ছেহৱাগৰ জন্ম হৈছিল । ছেহৱাগে দেওবাৰে 46 বছৰত ভৰি দিয়ে ৷

1999 চনত টীম ইণ্ডিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা বীৰেন্দ্ৰ ছেহৱাগৰ নামত সমগ্ৰ বিশ্বতে আছে বহুসংখ্যক অভিলেখ ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ক্ৰিকেটৰ ইতিহাসত এনে বহু অভিলেখ স্থাপন কৰি থৈ গৈছে, যিবোৰ পূৰ্বে কোনো ক্ৰিকেটাৰে কৰা নাছিল ৷

মাজতে তেওঁ কিছু সময়ৰ বাবে দলৰ বাহিৰত আছিল ৷ কিন্তু তাৰ পিছতে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 2013 চনত ভাৰতৰ হৈ অন্তিমখন মেচত অংশগ্ৰহণ কৰে ছেহৱাগে ৷ প্ৰায় 14 বছৰীয়া ক্ৰিকেট কেৰিয়াৰত ছেহৱাগে অৰ্জন কৰে বহুতো অভিলেখ ৷

এদিনীয়া ক্ৰিকেটত দ্বি-শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ

বীৰেন্দ্ৰ ছেহৱাগে নিজৰ ক্ৰিকেট কেৰিয়াৰত 374 খন আন্তঃৰাষ্ট্ৰীয় মেচত টীম ইণ্ডিয়াৰ হৈ অংশগ্ৰহণ কৰিছে ৷ যাৰ ভিতৰত আছে টেষ্ট, এদিনীয়া আৰু টি-20 ফৰ্মেট । তদুপৰি তেওঁ সংগ্ৰহ কৰিছে 17,253 ৰাণ ৷

এয়াই নহয়, ছেহৱাগ হৈছে এদিনীয়া ক্ৰিকেটত দ্বি-শতক অৰ্জনকাৰী বিশ্বৰ দ্বিতীয়গৰাকী বেটছমেন । এই তালিকাৰ প্ৰথমস্থানত আছে মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ৷

টেষ্ট ক্ৰিকেটত অৰ্জন ত্ৰি-শতক

ছেহৱাগ হৈছে টেষ্ট ক্ৰিকেটত দুটাকৈ ত্ৰি-শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ । ছেহৱাগৰ পূৰ্বে কোনো এগৰাকী ভাৰতীয়ই টেষ্ট ক্ৰিকেটত 300 তকৈ অধিক ৰাণ সংগ্ৰহ কৰা নাছিল ৷ যি অভিলেখ বাস্তৱত পৰিণত কৰিছিল ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ।

দুটাকৈ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় খেলুৱৈ

টীম ইণ্ডিয়াই ইতিমধ্যে জয় কৰিছে 3 টাকৈ বিশ্বকাপৰ খিতাপ ৷ ইয়াৰে প্ৰথমটো 1983 চনত কপিলদেৱৰ অধিনায়কত্বত আৰু 2007 চনত টি-20 বিশ্বকাপত এম এছ ধোনীৰ নেতৃত্বত ভাৰতে অৰ্জন কৰে বিশ্বকাপৰ খিতাপ ৷ সেই সময়ছোৱাত বীৰেন্দ্ৰ ছেহৱাগ আছিল দলটোৰ এক গুৰুত্বপূৰ্ণ অংশ ৷

2011 চনত ভাৰতে পুনৰ এদিনীয়া বিশ্বকাপ জিকাৰ সময়ত বীৰেন্দ্ৰ ছেহৱাগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । অৰ্থাৎ, ছেহৱাগ হৈছে দুটাকৈ বিশ্বকাপ জয় কৰা ভাগ্যৱান ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত অন্যতম ৷

টেষ্টত 100 তকৈ অধিক ষ্ট্ৰাইক ৰেটত বেটিং

বীৰেন্দ্ৰ ছেহৱাগে টেষ্ট ক্ৰিকেটত 100 তকৈ অধিক ষ্ট্ৰাইক ৰেটত বেটিং কৰাৰ বিশ্ব অভিলেখ গঢ়িছে । তেওঁ 2008 চনত চেন্নাই টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 104.93 ষ্ট্ৰাইক ৰেটত সংগ্ৰহ কৰিছিল 319 ৰাণ ৷

ডন ব্ৰেডমেনৰ (334, 304, 299*) বাহিৰে বীৰেন্দ্ৰ ছেহৱাগেহে (319, 309, 293) টেষ্টত দুটা ত্ৰি-শতক আৰু 290 তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে ৷

বীৰেন্দ্ৰ ছেহৱাগৰ একাংশ উল্লেখনীয় অভিলেখ:

  • বীৰেন্দ্ৰ ছেহৱাগ হৈছে বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ, যিয়ে 100 তকৈ কম বলত সৰ্বাধিক শতক অৰ্জন কৰিছে । 7 বাৰকৈ এই কৃতিত্ব অৰ্জন কৰিছে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে । অষ্ট্ৰেলিয়াৰ এডাম গিলক্ৰিষ্ট এই তালিকাৰ দ্বিতীয় স্থানত আছে, যিয়ে 6 বাৰ এনেধৰণৰ কৃতিত্ব অৰ্জন কৰিছে । তাৰপিছত ক্ৰমে ক্ৰিছ গেইল, ডেভিদ ৱাৰ্ণাৰ আৰু ব্ৰেণ্ডন মেককুলামে 4 বাৰ 100 তকৈও কম বলত শতক অৰ্জন কৰিছে ।
  • ছেহৱাগে নিজৰ কেৰিয়াৰত 2408 টা চাৰি আৰু 243 টা ছয় কোবাইছে । টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল 147.83 ।
  • আজিও বীৰেন্দ্ৰ ছেহৱাগ টেষ্টত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় ক্ৰিকেটাৰসকলৰ তালিকাৰ শীৰ্ষত আছে । ছেহৱাগৰ নামত টেষ্ট ক্ৰিকেটত আছে 91 টা ছয় । বৰ্তমানলৈকে কোনো ভাৰতীয় ক্ৰিকেটাৰে ভংগ কৰিব পৰা নাই এই অভিলেখ ৷
  • বীৰেন্দ্ৰ ছেহৱাগে তেওঁৰ অধিনায়কত্বত এদিনীয়াত সংগ্ৰহ কৰিছিল 219 ৰাণ । যিটো এতিয়াও এদিনীয়াত যিকোনো অধিনায়কৰ দ্বাৰা আগবঢ়োৱা সৰ্ববৃহৎ ইনিংছ ।
  • ছেহৱাগে তেওঁৰ অভিষেক মেচত শতক অৰ্জন কৰি সকলোকে আচৰিত কৰিছিল ৷

লগতে পঢ়ক: অসাধ্য সাধনত ব্যৰ্থ ভাৰতীয় বলাৰ; 36 বছৰৰ পিছত ঘৰৰ মাটিত লজ্জাজনক পৰাজয় ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.