ETV Bharat / sports

ৰে’লযোগে ক’লৈ গৈছে বিৰাট কোহলীয়ে ? ভিডিঅ’ ভাইৰেল - VIRAT KOHLI VIRAL VIDEO

author img

By ETV Bharat Sports Team

Published : Aug 23, 2024, 4:41 PM IST

Virat Kohli Viral Video: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীক লণ্ডনত এখন ৰে’লত ভ্ৰমণ কৰা দেখা গৈছে । যাৰ ভিডিঅ’ জুইৰ দৰে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

VIRAT KOHLI VIRAL VIDEO
বিৰাট কোহলী (বিৰাট কোহলীৰ এক্স একাউণ্ট)

স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট: ভাৰতৰ সোঁহতীয়া বেটছমেন বিৰাট কোহলীয়ে শ্ৰীলংকা ভ্ৰমণৰ পিছৰে পৰা আঁতৰি আছে ক্ৰিকেটৰ পৰা ৷ পত্নী অনুষ্কা শৰ্মা আৰু দুয়োটা সন্তানৰ সৈতে লণ্ডনত বন্ধ পালন কৰি আছে জনপ্ৰিয় ক্ৰিকেটাৰগৰাকীয়ে ।

এই সময়ছোৱাত বিৰাটক সাধাৰণ লোকৰ দৰে লণ্ডনৰ ৰাজপথত ফুৰা-চকা কৰা দেখা গৈছিল । শেহতীয়াকৈ ক্ৰিকেটাৰগৰাকীৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ য’ত এখন স্থানীয় ৰে’লত উঠি ক্ৰিকেটাৰগৰাকীয়ে ফুৰা-চকা কৰা দেখিবলৈ পোৱা গৈছে ৷

স্থানীয় ৰে’লত ভ্ৰমণ বিৰাট কোহলীৰ

ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অভিনেত্ৰী-পত্নী অনুস্কা শৰ্মাৰ অৱসৰৰ সময় উপভোগ কৰাৰ ক্ষেত্ৰত প্ৰথম পছন্দ হৈছে লণ্ডন ৷ সেয়ে সময় পালেই দম্পতীটোৱে উৰা মাৰে লণ্ডনলৈ ৷ শেহতীয়াকৈও এই দম্পতীটোৱে লণ্ডনত কটাই আছে অৱসৰৰ সময় ৷

কিছুদিন পূৰ্বে লণ্ডনৰ এখন ৰে’লত বিৰাট কোহলীক প্ৰত্যক্ষ কৰা হৈছিল ৷ যি মুহূৰ্তৰ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰে ৷ শ্ৰীলংকাৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰাৰ পিছত 35 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে অৱসৰৰ কিছু সময় উদযাপন কৰিবলৈ বুলি উৰা মাৰে লণ্ডন অভিমুখে ৷

লণ্ডনৰ ৰাজপথত বিৰাট

খেলুৱৈগৰাকীৰ অনুৰাগীসকলে ভালদৰে জানে যে, বিৰাটে অৱসৰৰ সময় লণ্ডনত কটাবলৈ ভালপায় ৷ শেহতীয়া ভ্ৰমণৰ সময়ত বিৰাটক লণ্ডনৰ ৰাজপথত টহল দি ফুৰা দেখা যায় ৷

আন্তৰ্জাতিক ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ

2008 চনৰ 18 আগষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে এখন এদিনীয়া খেলত ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰাৰ পিছত বিৰাট কোহলীয়ে এই মাহৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ 16 বছৰ সম্পূৰ্ণ কৰে । অৱশ্যে, তেওঁৰ শেহতীয়া শ্ৰীলংকা ভ্ৰমণ সিমান চমকপ্ৰদ নাছিল ৷ 3 খন এদিনীয়াত বিৰাট 3 গৰাকী বেলেগ বেলেগ স্পিনাৰৰ দ্বাৰা এল বি ডব্লিউ আউট হৈছিল । তিনিওখন খেলৰ পৰা তেওঁ মাত্ৰ 58 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

বাংলাদেশৰ বিৰুদ্ধে খেলিব টেষ্ট

বিৰাট কোহলী ছেপ্টেম্বৰ মাহত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ ঘৰুৱা টেষ্ট শৃংখলাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে । তেওঁ আগন্তুক টেষ্ট ক্ৰিকেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছিজনৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে কিছু ঘৰুৱা ক্ৰিকেট খেলিব পাৰে ৷ যিয়ে সিদ্ধান্ত ল’ব যে, ভাৰতে একেৰাহে তৃতীয় বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ(ডব্লিউ টি চি) ফাইনেলত উপনীত হ'ব নে নাই ।

পৰৱৰ্তী কেইমাহমানৰ ভিতৰত ভাৰতে 10 খন টেষ্ট মেচত অংশগ্ৰহণ কৰিব লাগিব ৷ যাৰ ভিতৰত আছে বাংলাদেশৰ বিৰুদ্ধে 2 খন আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে 3 খন মেচ, যাৰপিছত দলটোৱে 5 খন খেলৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী(বি জি টি) শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ।

লগতে পঢ়ক: ইনষ্টাগ্ৰামত অৱসৰৰ ইংগিত কে এল ৰাহুলৰ ! অনুৰাগীৰ মাজত আৰম্ভ তীব্ৰ উৎকণ্ঠা - KL RAHUL RETIREMENT VIRAL POST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.