ETV Bharat / sports

ইতিহাস ৰচিবলৈ সাজু বিৰাট কোহলী: বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত লাভ কৰিব এই সুযোগ - VIRAT KOHLI

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 6:33 PM IST

Virat Kohli Record: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত এটা বৃহৎ অভিলেখ গঢ়িবলৈ লাভ কৰিছে সোণালী সুযোগ ৷ ক্ৰিকেটাৰগৰাকীয়ে মাত্ৰ 58 ৰাণ সংগ্ৰহ কৰিব পাৰিলেই গঢ়িব পাৰিব এক অভিলেখ ৷ এই অভিলেখনো কি জানিবলৈ পঢ়ক এই খবৰ ৷

VIRAT KOHLI
বিৰাট কোহলী (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 14 ছেপ্টেম্বৰ: টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে সুদীৰ্ঘ 9 মাহৰ পিছত প্ৰত্যাৱৰ্তন কৰিব টেষ্ট ক্ৰিকেটলৈ ৷ যাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ক্ৰিকেটাৰগৰাকী । চলিত বৰ্ষৰ জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন টেষ্ট মেচ খেলা কোহলীয়ে 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাটোত অংশগ্ৰহণ কৰিব ৷ অৱশ্যে আন এক বিশেষ কাৰণতো কোহলীৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে এই শৃংখলাটো ৷

এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হোৱাৰ দিশে বিৰাট

বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাটোত এক বৃহৎ অভিলেখ গঢ়িবলৈ লাভ কৰিছে সোণালী সুযোগ ৷ যাৰ বাবে ক্ৰিকেটাৰগৰাকীক প্ৰয়োজন মাত্ৰ 58 ৰাণৰ ৷ যদি কোহলীয়ে এই কৃতিত্ব অৰ্জন কৰিব পাৰে, তেন্তে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 600 তকৈও কম ইনিংছত এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হ'ব ।

VIRAT KOHLI
বিৰাট কোহলী (IANS PHOTO)

এই অভিলেখ বৰ্তমান আছে মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নামত । তেণ্ডুলকাৰে মুঠ 623 টা ইনিংছত 27,000 ৰাণ সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ ৷ বৰ্তমান কোহলীয়ে এই অভিলেখ ভংগ কৰি ক্ৰিকেট ইতিহাসত এটা নতুন অধ্যায় যোগ কৰাৰ সুযোগ লাভ কৰিছে ৷ কোহলীয়ে বৰ্তমানলৈকে 591 টা আন্তঃৰাষ্ট্ৰীয় ইনিংছ খেলি সংগ্ৰহ কৰিছে 26,942 ৰাণ ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ 147 বছৰীয়া ইতিহাসত শচীন তেণ্ডুলকাৰ, অষ্ট্ৰেলিয়াৰ ৰিকী পণ্টিং আৰু শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা হৈছে 27,000 ৰাণৰ মাইলৰ খুঁটি স্পৰ্শ কৰা তিনিগৰাকী মহান ক্ৰিকেটাৰ । কিছুদিন পিছতে এই তালিকাত যোগদান কৰিব কোহলীয়ে । অকল যোগদান কৰাই নহয়, তালিকাৰ শীৰ্ষস্থানত উপনীত হোৱাৰো সম্ভাৱনা আছে বিৰাট কোহলীৰ ৷

তিনিওটা ফৰ্মেটত বিৰাটৰ প্ৰদৰ্শন

কোহলীয়ে মুঠ 113 খন টেষ্ট মেচত অংশগ্ৰহণ কৰি সংগ্ৰহ কৰিছে 8,848 ৰাণ ৷ য’ত অন্তৰ্ভুক্ত আছে 30 টা অৰ্ধ-শতক আৰু 29 টা শতক ৷ 258 ৰাণ হৈছে কোহলীৰ শ্ৰেষ্ঠ টেষ্ট ইনিংছ । কোহলীয়ে 295 খন এদিনীয়াত 13,906 ৰাণ সংগ্ৰহ কৰিছে । ইয়াত 50 টা শতক আৰু 72 টা অৰ্ধ-শতক অন্তৰ্ভুক্ত হৈছে ।

কোহলীৰ শ্ৰেষ্ঠ এদিনীয়া স্ক’ৰ হৈছে 183 ৰাণ । শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা কোহলীয়ে মুঠ 125 খন টি-20 মেচ খেলি 4,188 ৰাণ সংগ্ৰহ কৰিছে । য’ত এটা শতক সহ 38 টা অৰ্ধ-শতক আছে । 122 ৰাণ হৈছে কোহলীৰ টি-20 শৃংখলাৰ সৰ্বাধিক স্ক’ৰ ।

লগতে পঢ়ক: চেন্নাইত বলিং প্ৰশিক্ষকৰ সৈতে নেট অনুশীলন আৰম্ভ টীম ইণ্ডিয়াৰ - IND VS BAN TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.