ETV Bharat / sports

"মা কুস্তি জিকিছিল, মই হাৰিছিলো" অৱসৰ ঘোষণা কৰি বিনেশ ফোগাটৰ আবেগিক পোষ্ট - PARIS OLYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 8, 2024, 7:45 AM IST

Vinesh Phogat: "মা কুষ্টি(মল্লযুদ্ধ) মোৰ বিৰুদ্ধে জিকিছিল, মই পৰাজিত হৈছিলো । মোক ক্ষমা কৰক, আপোনাৰ সপোন আৰু মোৰ সাহস ভংগ হৈছে । মোৰ এতিয়া আৰু শক্তি নাই । গুডবাই ৰেছলিং 2001-2024 । ক্ষমাৰ বাবে মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম ৷" আবেগিক পোষ্টৰে মল্লযুঁজক চিৰবিদায় বিনেশ ফোগাটৰ ৷

VINESH PHOGAT ANNOUNCES RETIREMENT
ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাট (ANI)

স্প’ৰ্টছ ডেস্ক, 8 আগষ্ট : ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটক আৰু কেতিয়াও দেখা পোৱা নাযাব ৰিঙত ৷ দৰ্শক তথা অনুৰাগীসকলৰ লগতে কোটি কোটি ভাৰতীয়ৰ বাবে নিসন্দেহে এয়া এক দুঃখবৰ ৷ পেৰিছ অলিম্পিকত 50 কিল’গ্ৰাম ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেল মেচৰ পূৰ্বে অযোগ্য বিবেচিত হোৱাৰ পিছতে ফোগাটে ঘোষণা কৰে অৱসৰ ৷

বৃহস্পতিবাৰে পুৱা সামাজিক মাধ্যম এক্সত এক আৱেগিক পোষ্টৰ জৰিয়তে এই সিদ্ধান্ত ৰাজহুৱা কৰে ৷ খেলুৱৈগৰাকীয়ে এক্সত প্ৰকাশ কৰিছে এনেদৰে-

"মা কুষ্টি(মল্লযুদ্ধ) মোৰ বিৰুদ্ধে জিকিছিল, মই পৰাজিত হৈছিলো । মোক ক্ষমা কৰক, আপোনাৰ সপোন আৰু মোৰ সাহস ভংগ হৈছে । মোৰ এতিয়া আৰু শক্তি নাই । গুডবাই ৰেছলিং 2001-2024 । ক্ষমাৰ বাবে মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম ৷’’

লগতে পঢ়ক: দেহৰ বৰ্ধিত ওজনৰ বাবেই অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণজয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ - PARIS OLYMPICS 2024

মঙলবাৰে নিশা ছেমি ফাইনেলত কিউবাৰ য়ুচনেলিছ গুজমান লোপেজক 5-0 গ’লত পৰাস্ত কৰি ফোগাটে স্বৰ্ণপদক জয়ৰ লক্ষ্যৰে ফাইনেলত উপনীত হৈছিল ৷ ফাইনেলত ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাৰাহ এন হিল্ডেব্ৰেণ্ডৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছিল যদিও বুধবাৰে শৰীৰৰ বৰ্ধিত ওজনৰ বাবেই খেলুৱৈগৰাকী মেচত অংশগ্ৰহণৰ ক্ষেত্ৰত অযোগ্য ঘোষিত হৈছিল ৷

ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ(আই অ’ এ) সভাপতি পি টি ঊষাই ফোগাটৰ অযোগ্যতাৰ বাবে শোক আৰু হতাশা ব্যক্ত কৰে ৷ ফোগাট শাৰীৰিক আৰু চিকিৎসাগতভাৱে সুস্থ যদিও হতাশাত ভোগা কথা ঊষাই সদৰী কৰে ৷ লগতে ফোগাটৰ বৰ্ধিত ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত চিকিৎসকে সহায় কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি থকা বুলিও প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ভাৰতীয় অলিম্পিক সংস্থাই কিয় আপত্তি নকৰিলে ? বিনেশ ফোগাটৰ অযোগ্যতা সন্দৰ্ভত ভগৱান মানৰ প্ৰশ্ন - Paris Olympics 2024

"বিনেশ ফোগাট অযোগ্য বুলি বাতৰিটো শুনি মই হতবাক আৰু হতাশ হৈছো । মই ইয়ালৈ বিনেশক লগ কৰিবলৈ আহিছিলো; শাৰীৰিক আৰু চিকিৎসাগতভাৱে ঠিকে আছে খেলুৱৈগৰাকী । পিছে মানসিকভাৱেহে তেওঁ হতাশ হৈছে । আমাৰ সহায়ক কৰ্মচাৰীসকল তেওঁৰ সৈতে আছে আৰু তেওঁলোকে ফোগাটৰ বৰ্ধিত ওজন হ্ৰাস কৰাত সহায় কৰিবলৈ যথাসাধ্যে চেষ্টা কৰি আছে ৷" পি টি ঊষাই এনেদৰে কয় ।

ইয়াৰ পূৰ্বে ভাৰতীয় অলিম্পিক দলৰ মুখ্য চিকিৎসা বিষয়া দিনশ্ব পাৰ্ডিৱালাই প্ৰকাশ কৰিছিল যে, ফোগাটে ছেমি ফাইনেলৰ পিছত ওজনৰ সীমা 2.7 কিল’গ্ৰাম অতিক্ৰম কৰিছিল । ফোগাটৰ খাদ্য আৰু পানী গ্ৰহণ সীমিত কৰি ওজন হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছিল বুলিও লগতে কয় ।

ফোগাটে বুধবাৰে অযোগ্য ঘোষিত হোৱাৰ পিছতে ক্ৰীড়াৰ বাবে থকা মধ্যস্থতা আদালতত(চি এ এছ) আপীল কৰিছিল । ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ এক সূত্ৰ অনুসৰি, ফোগাটে ক্ৰীড়াৰ বাবে থকা মধ্যস্থতা আদালতক ৰূপৰ পদক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে । বৃহস্পতিবাৰে পুৱা আদালতে ৰায় দিয়াৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: বিনেশ ফোগাটৰ ওপৰত ডাঙৰ আপডেট দিলে পিটি উষাই : ক’লে- তেওঁ শাৰীৰিক আৰু মানসিকভাৱে... - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.