ETV Bharat / sports

ইউ এছ অপেনৰ প্ৰথম ৰাউণ্ডতে যাত্ৰা সামৰিলে সুমিত নাগালে - US OPEN 2024

author img

By ETV Bharat Sports Team

Published : Aug 27, 2024, 1:48 PM IST

US Open 2024: ইউ এছ অপেনত প্ৰথম ৰাউণ্ডতে যাত্ৰা সামৰিলে ভাৰতীয় খেলুৱৈ সুমিত নাগালে ৷ পুৰুষৰ একক শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই খেলুৱৈগৰাকী নেদাৰলেণ্ডৰ টালন গ্ৰিক্সপুৰৰ হাতত পোনপটীয়া ছেটত পৰাস্ত হয় ৷

US OPEN 2024
ভাৰতীয় টেনিছ তাৰকা সুমিত নাগাল (AP Photo)

স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: ভাৰতৰ টেনিছ তাৰকা সুমিত নাগালে প্ৰথম ৰাউণ্ডত নেদাৰলেণ্ডৰ টালন গ্ৰিক্সপুৰৰ হাতত পৰাস্ত হোৱাৰ পিছত চলিত ইউ এছ অপেনৰ পৰা বাহিৰ হয় । বৰ্তমান এ টি পি ৰেংকিঙত 73 তম স্থানত থকা নাগালে 6-1, 6-3, 7-6 ৰ পোনপটীয়া ছেটত 40 তম স্থানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ বিৰুদ্ধে পৰাস্ত হয় ।

ইউ এছ অপেনৰ পৰা বাহিৰ সুমিত নাগাল

খেলখনৰ আৰম্ভণিৰ পৰাই ডাচ্চ খেলুৱৈগৰাকীয়ে উন্নত প্ৰদৰ্শনৰে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে ৷ নাগালৰ চাৰ্ভ কেইবাবাৰো ধ্বংস কৰি টালনে প্ৰথমটো ছেটত 6-1 ত জয়ী হয় ৷

নাগালে তৃতীয় ছেটত প্ৰত্যাৱৰ্তন ঘটাই আৰু সাত পইণ্টৰ টাই-ব্ৰেকাৰত দুটা ছেট পইণ্ট দখল কৰে, যাৰ ফলত দ্বিতীয়টো ছেটত ভাৰতীয় খেলুৱৈগৰাকী জয়ী হয় আৰু প্ৰতিযোগিতাত বৰ্তি থাকে । অৱশ্যে, তৃতীয়টো তথা নিৰ্ণায়ক ছেটটোত ডাচ্চ খেলুৱৈগৰাকীয়ে কৌশলগতভাৱে খেলখন নিজৰ হাতলৈ আনি প্ৰতিযোগিতাত জয় লাভ কৰে ৷

নাগালৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত

27 বছৰীয়া ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে বৰ্তমানলৈকে এক কঠিন প্ৰত্যাহ্বানৰ মাজেৰে দিন অতিবাহিত কৰিছে ৷ খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়ান অপেনত দ্বিতীয় ৰাউণ্ডৰ পৰাই বাহিৰ হোৱাৰ পিছত ক্ৰমে ফ্ৰেন্স অপেন আৰু উইম্বলডনৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছিল । নাগালে পেৰিছ অলিম্পিকতো হতাশাজনক প্ৰদৰ্শন দাঙি ধৰি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছিল ।

এইসকল ভাৰতীয় খেলুৱৈৰ ওপৰত থাকিব দৃষ্ট আৱদ্ধ

ইউ এছ অপেন 2024 ত ভাৰতৰ আশা এতিয়াও সজীৱ হৈ আছে ৷ কিয়নো ৰোহন বোপান্না, য়ুকি ভামব্ৰী আৰু এন শ্ৰীৰাম বালাজীৰ লগতে তেওঁলোকৰ সতীৰ্থসকলে পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত এতিয়াও অভিযান আৰম্ভ কৰিবলৈ বাকী আছে ৷

লগতে পঢ়ক: ইউ এছ অপেন গ্ৰেণ্ড শ্লেমৰ ইতিহাসত খিতাপ জয়ী ভাৰতীয়সকল কোন ? চাওক এক বিশ্লেষণ - US OPEN 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.