ETV Bharat / sports

কোপা আমেৰিকা: ব্ৰাজিলক পৰাস্ত কৰি ছেমি ফাইনেলত উৰুগুৱে - Cop America 2024

Cop America 2024: লছ ভেগাছৰ এলিগেণ্ট ষ্টেডিয়ামত অনুষ্ঠিত কোপা আমেৰিকা ২০২৪ৰ কোৱাৰ্টাৰ ফাইনেলত উৰুগুৱেৰ হাতত পৰাস্ত ব্ৰাজিল । ৪-২ গ'লত পৰাস্ত ব্ৰাজিল । ছেমিফাইনেলত কলম্বিয়াৰ মুখামুখি হ'ব উৰুগুৱে ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 7:16 PM IST

Cop America 2024
কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলক পৰাস্ত উৰুগুৱেৰ (AP Photo)

স্পৰ্টছ ডেস্ক,৭ জুলাই : কোপা আমেৰিকা প্ৰতিযোগিতাত ব্ৰাজিল আৰু উৰুগুৱেৰ মাজত শ্বাসৰুদ্ধকৰ মেচ । মেচখনত পেনাল্টি শ্বুটআউটত ব্ৰাজিলক ৪-২ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয় উৰুগুৱে দল । ইয়াৰ লগে লগে উৰুগুৱে দলটোৱে কোপা আমেৰিকাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে । শ্বুটআউটৰ পঞ্চম ৰাউণ্ডত উৰুগুৱেৰ মেনুৱেল উগাৰ্টে বিজয়ী গ'লটো কৰে ।

দুয়োটা দলে মেচখনত ৪১ টা ফাউল কৰিছিল আৰু এক ৰোমাঞ্চকৰ উত্থান-পতনৰ মেচখনত মাত্ৰ ৪ টা শ্বট গ'লপোষ্টত লক্ষ্য কৰি খেলিবলৈ সক্ষম হৈছিল । আকৰ্ষণীয় ফুটবল প্ৰদৰ্শনৰ বাবে দুয়োটা দক্ষিণ আমেৰিকাৰ দল জনাজাত যদিও খেলখনত তেওঁলোকৰ প্ৰদৰ্শন লক্ষণীয় নাছিল ।

৭৪ মিনিটত ৰড্ৰিগোৰ ওপৰত এক বিপদজনক টেকেলৰ বাবে উৰুগুৱেৰ নাহিতান নেণ্ডেজক ৰেড কাৰ্ড প্ৰদৰ্শন কৰা হয় । কিন্তু পৰৱৰ্তী ২১ মিনিটত ব্ৰাজিলে ১০ জনীয়া প্ৰতিদ্বন্দ্বীক আঘাত কৰিব নোৱাৰিলে ।

তিনি ৰাউণ্ডৰ শ্বুটআউটৰ পিচত উৰুগুৱে ৩-১ ৰ অগ্ৰগতি লাভ কৰে । এলিচন বেকাৰে চতুৰ্থ ৰাউণ্ডত জোছ মাৰা জিমেনেজৰ শ্বট ৰক্ষা কৰি ব্ৰাজিলৰ আশা জীয়াই ৰাখিছিল ।

উল্লেখ্য যে ২০০১ চনৰ পিচত ১৩ খন খেলত ব্ৰাজিলৰ বিৰুদ্ধে উৰুগুৱেৰ এয়া প্ৰথম জয় আছিল । কিন্তু প্ৰশিক্ষক মাৰ্চেলো বিয়েলছাৰ অধীনত উৰুগুৱেই এতিয়া ১৯৯২ চনৰ পিচত প্ৰথমবাৰৰ বাবে একেৰাহে দুখন মেচত ব্ৰাজিলক পৰাস্ত কৰিছে ।

কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেল খেলত তৃতীয় পেনাল্টি শ্বুটআউটৰ পিচত ছেমিফাইনেলত উৰুগুৱে কলম্বিয়াৰ মুখামুখি হ'বলৈ আগবাঢ়ি যায় । কলম্বিয়াই শনিবাৰে পানামাক ৫-০ গ'লত পৰাস্ত কৰে আৰু একেৰাহে ২৭ খন মেচৰ বাবে অপৰাজিত ধাৰা অব্যাহত ৰাখে । ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই মঙলবাৰে নিউ জাৰ্চীৰ ইষ্ট ৰাডাৰফৰ্ডত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত কানাডাৰ মুখামুখি হ'ব । ফাইনেলখন ১৪ জুলাইত মিয়ামি গাৰ্ডেনত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :উৰুগুৱেৰ হাতত পৰাস্ত আমেৰিকা যুক্তৰাষ্ট্ৰ, কোপা আমেৰিকাৰ পৰাই বাহিৰ - Copa America 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.