ETV Bharat / sports

কৃতি সেনন, আয়ুষ্মান খুৰানা আৰু বাদশ্বাহৰ অনুষ্ঠানৰে মুকলি ইউ পি টি-২০ লীগ - UP T20 LEAGUE 2024

author img

By ETV Bharat Sports Team

Published : Aug 26, 2024, 1:40 PM IST

Opening ceremony of UP T20 League: বলীউডৰ তাৰকা কৃতি সেনন, আয়ুষ্মান খুৰানা আৰু বাদশ্বাহে ইউ পি টি-20 প্ৰিমিয়াৰ লীগ 2024 ৰ শুভাৰম্ভ অনুষ্ঠানত নিজৰ নিজৰ অনুষ্ঠান পৰিৱেশন কৰে ৷ লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত জাক-জমকতাৰে লীগৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হয় ৷

UP T20 LEAGUE 2024
ইউ পি টি-২০ লীগ আৰম্ভ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 26 আগষ্ট: দেওবাৰৰে পৰা আৰম্ভ হৈছে ইউ পি টি-20 প্ৰিমিয়াৰ লীগ 2024 । লীগৰ উদ্বোধনী অনুষ্ঠানৰ দিনটোত বলীউডৰ তাৰকা কৃতি সেনন, আয়ুষ্মান খুৰানা আৰু বাদশ্বাহে লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত "লটকো ঝটকো" ত নিজস্ব ভংগীমাৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় । এই তাৰকাসকলে তেওঁলোকৰ প্ৰদৰ্শনেৰে উপস্থিত দৰ্শকক আকৰ্ষিত কৰি তোলে ।

জাকজমকতাৰে আৰম্ভ ইউ পি টি-২০ প্ৰিমিয়াৰ লীগ

উক্ত অনুষ্ঠানত আয়ুষ্মান খুৰানাই "বদ্ৰী কি দুলহনীয়া" নামৰ ছবিখনৰ গীতৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰে ৷ আনহাতে, কৃতি সেননে "বৰেলী কি বৰ্ফি" ত নৃত্য প্ৰদৰ্শন কৰাৰ লগতে আন কিছু জনপ্ৰিয় গীতৰে উপস্থিত দৰ্শকক মুগ্ধ কৰি তোলে ৷

আনহাতে, জনপ্ৰিয় তাৰকা বাদশ্বাহে ইউ পি পি এলৰ বাবে নিৰ্ধাৰণ কৰা "থীম ছং" পৰিৱেশন কৰে ৷ উদ্বোধনী অনুষ্ঠানৰ পিছত একেখন ষ্টেডিয়ামতে লীগৰ প্ৰথমখন খেল সন্ধিয়া 8.15 বজাৰ পৰা আৰম্ভ হৈছিল ।

জিলিকি উঠিছে মিৰাট মেভেৰিক্স

উদ্বোধনী অনুষ্ঠানৰ পিছত একেটা ষ্টেডিয়ামতে অনুষ্ঠিত লীগৰ প্ৰথমখন মেচত নিজৰ একক শৈলীৰে জিলিকি উঠে ৰিংকু সিঙৰ দল মিৰাট মেভেৰিক্স ৷ প্ৰথমে বেটিং কৰি কাশী ৰুদ্ৰনছৰ দলে দশম অভাৰত 46 ৰাণত হেৰুৱাই চাৰিটা উইকেট । কাশীৰ দলটো আৰম্ভণিৰে পৰা চাপত আছিল । সাত অভাৰৰ শেষত দলটোৰ চাৰিজন খেলুৱৈ পেভিলিয়নলৈ উভতি আহে । দলৰ হৈ আলমাচ শৌকাতে 22 ৰাণ আৰু ঘনশ্যামে অপৰাজিতভাৱে 8 ৰাণ সংগ্ৰহ কৰে ৷ দলটোৱে প্ৰথমে বেটিং কৰি 100 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

প্ৰত্যুত্তৰত বিপজ্জনক বেটছমেন ৰিংকু সিঙৰ দল মিৰাট মেভেৰিক্সে মাত্ৰ 9 অভাৰত কাশী দলক পৰাস্ত কৰি মেচখনত জয় লাভ কৰে ৷ মিৰাটৰ হৈ স্বস্তিক চিকাৰাই বলাৰক ধুমুহাৰ দৰে প্ৰহাৰ কৰি মাত্ৰ 26 টা বলত 5 টা চাৰি আৰু 6 টা ছয়ৰ সহায়ত সংগ্ৰহ কৰে 66 ৰাণ ৷ স্বষ্টিকৰ উপৰিও অক্ষয় দুবেই 19 ৰাণ সংগ্ৰহ কৰি দলটোক নিশ্চিত বিজয় প্ৰদান কৰে ৷ শৃংখলাত জয়ৰে অভিযান আৰম্ভ কৰে ৰিংকু সিঙৰ দল মিৰাট মেভেৰিক্সে ৷

সম্পূৰ্ণ কাৰ্যসূচী

নীতি অনুসৰি, লীগৰ ফৰ্মেট আই পি এলৰ ধাৰাতে তৈয়াৰ কৰা হৈছে ৷ সেই অনুসৰি, 9 ছেপ্টেম্বৰত লীগ পৰ্যায়ৰ শেষলৈকে একেৰাহে মেচ অনুষ্ঠিত হ'ব । পৰৱৰ্তী সময়ত 10 আৰু 13 ছেপ্টেম্বৰত বিশ্ৰাম, 11 ছেপ্টেম্বৰত প্ৰথম কোৱালিফায়াৰ আৰু এলিমিনেটৰ আৰু 12 ছেপ্টেম্বৰত দ্বিতীয় কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ'ব । ফাইনেলখন 14 ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক: 2024 চনত অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ক্ৰিকেটাৰসকলৰ তালিকা... - CRICKETERS WHO RETIRED IN 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.