ETV Bharat / sports

পত্নী মিছেছ ইণ্ডিয়া, স্বামী আই এ এছ বিষয়া: ব্যস্ততাৰ মাজতো পেৰিছ পেৰালিম্পিকত ৰূপৰ পদক অৰ্জন - PARIS PARALYMPIC 2024

author img

By ETV Bharat Sports Team

Published : Sep 3, 2024, 2:16 PM IST

India at paris paralympics: পেৰালিম্পিকত চমৎকাৰ প্ৰদৰ্শন অব্যাহত আছে ভাৰতৰ । এজন আই এ এছ বিষয়াই পেৰালিম্পিকত ভাৰতৰ বিজয়ধ্বজা উৰাই অৰ্জন কৰিছে ৰূপৰ পদক ৷ বিষয়াগৰাকীৰ পত্নীও পিছে এলাপেচা নহয়, এগৰাকী আই এ এছ বিষয়া হোৱাৰ লগতে তেওঁ জিনিছিল মিছেছ ইণ্ডিয়াৰ খিতাপ ৷

PARIS PARALYMPIC 2024
আই এ এছ পতি-পত্নী (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 3 ছেপ্টেম্বৰ: আই এ এছ বিষয়া তথা ক্ৰীড়া আৰু যুৱ কল্যাণ সচিব সুহাস এল ৱাইয়ে সোমবাৰে নিশা পেৰিছ পেৰালিম্পিকত বেডমিণ্টনত লাভ কৰে ৰূপৰ পদক । সোণৰ পদক অৰ্জনৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱা খেলখনত তেওঁ ফ্ৰান্সৰ লুকাস মাজুৰ বিৰুদ্ধে পোনপটীয়া ছেটত 21-10, 21-13 ৰ ব্যৱধানত পৰাজিত হয় ৷

সুহাসে 2021 চনত টকিঅ’ পেৰালিম্পিকত জিকিছিল ব্ৰঞ্জৰ পদক । তদুপৰি খেলুৱৈগৰাকীয়ে এছিয়ান গেমছত লাভ কৰিছিল সোণৰ পদক । সুহাস এল ৱাইৰ পত্নীও এগৰাকী আই এ এছ বিষয়া । পত্নী তথা বিশেষ সচিব নগৰ উন্নয়ন ৰিতু সুহাসে 2019 চনত মিছেছ ইণ্ডিয়াৰ খিতাপ জয় কৰিছিল ।

লুকাস মাজুৰ ফ্ৰান্সৰ শীৰ্ষস্থানৰ বেডমিণ্টন খেলুৱৈ । পেৰিছত সোণৰ পদক দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱা খেলত লাভ কৰিছিল অনুৰাগীৰ বিপুল সমৰ্থন ৷ অনুৰাগীৰ সমৰ্থনে খেলুৱৈগৰাকীৰ উৎসাহ দুগুণে বৃদ্ধি কৰাৰ লগতে খেলখনৰো সৌন্দৰ্য বৃদ্ধি কৰিছিল ৷

সমগ্ৰ ক’ৰ্ট মাজুৰৰ অনুৰাগীৰে ভৰি পৰিছিল ৷ খেলখনৰ প্ৰথমটো ৰাউণ্ডত সুহাস 21-10 ছেটত পৰাজিত হয় ৷ দ্বিতীয়টো ৰাউণ্ডত খেলুৱৈগৰাকীয়ে প্ৰত্যাৱৰ্তন কৰে যদিও শেষত ফ্ৰান্সৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে 21-13 ছেটত পৰাজিত হয় ৷ যাৰ বাবে ভাৰতীয় খেলুৱৈগৰাকী ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ৷

পূৰ্বে টকিঅ’ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল সুহাস এল ৱাইয়ে ৷ তদুপৰি যোৱা বছৰ অক্টোবৰত চীনত অনুষ্ঠিত এছিয়ান গেমছত সুহাসে সোণৰ পদকো জয় কৰিছিল ।

খেলুৱৈগৰাকীৰ প্ৰদৰ্শনৰ সন্দৰ্ভত পত্নী তথা আই এ এছ বিষয়া ৰিতু সুহাসে কয়, "তেওঁ নিশ্চিতভাৱে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল । এইবেলি সোণৰ পদক লাভ নকৰিলেও নিশ্চিতভাৱে পৰৱৰ্তী লছ এঞ্জেলছ পেৰালিম্পিকত ভাৰতক সোণৰ পদক প্ৰদান কৰিব স্বামীয়ে" ।

ৰিতুৱে 2019 চনত মিছেছ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিছিল ৷ ৰিতুক বৰ্তমানলৈকে বিভিন্ন ফেশ্বন শ্ব’ত খাদী কাপোৰৰ প্ৰচাৰত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ বৰ্তমানে সুহাসে উত্তৰ প্ৰদেশত কৰ্মৰত হৈ আছে ৷

লগতে পঢ়ক: টকিঅ’ৰ পৰা পেৰিছলৈ অব্যাহত সুমিতৰ জয়যাত্ৰা : অভিলেখৰ সৈতে অৰ্জন কৰিলে সোণৰ পদক - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.