ETV Bharat / sports

শ্বুটাৰ মনু ভাকৰক লাখটকীয়া পুৰস্কাৰ প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - SARBANANDA SONOWAL FELICITATES MANU

author img

By ETV Bharat Sports Team

Published : Aug 16, 2024, 3:25 PM IST

Union minister Sarbananda Sonowal: পেৰিছ অলিম্পিকৰে পৰা বেছ চৰ্চাত আছে ভাৰতীয় খেলুৱৈ মনু ভাকৰৰ নাম ৷ পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকৰৰ শেহতীয়া সফলতাৰ বাবে সন্মানিত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালে মনুক প্ৰদান কৰে 10 লাখ টকাৰ চেক ৷

SARBANANDA SONOWAL FELICITATES MANU
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শ্বুটাৰ মনু ভাকৰ (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: সদ্য সমাপ্ত পেৰিছ অলিম্পিক 2024 ৰ শ্বুটিঙত ভাৰতৰ হৈ দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে মনু ভাকৰে ৷ শ্বুটাৰগৰাকীয়ে কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে লাভ কৰিছে এক বৃহৎ পুৰস্কাৰ, যি পুৰস্কাৰ প্ৰদান কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰা সৰ্বানন্দ সোণোৱালে । পেৰিছ অলিম্পিক 2024 ত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে দিল্লীত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মনু ভাকৰক অভিনন্দন জ্ঞাপন কৰি প্ৰদান কৰে 10 লাখ টকাৰ চেক ৷

মনু ভাকৰৰ প্ৰশংসাত পঞ্চমুখ সৰ্বানন্দ সোণোৱাল

এই সম্বৰ্ধনা অনুষ্ঠানৰ সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আজি দেশৰ জনসাধাৰণে মনু ভাকৰক লৈ গৌৰৱ অনুভৱ কৰিছে । ভৱিষ্যতে তেওঁ দেশৰ বাবে আৰু বহুতো পদক জিকিবলৈ গৈ আছে । ইয়াত কোনো সন্দেহ নাই । তেওঁৰ দক্ষতা, সামৰ্থ, দূৰদৰ্শিতা, নিষ্ঠা, আনুগত্য, প্ৰতিশ্ৰুতি আৰু কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰতি আগ্ৰহ আছে । মই নিশ্চিত যে, সততা আৰু প্ৰতিশ্ৰুতিৰ মনোভাৱৰ সৈতে মনু বাৰে বাৰে জিলিকি উঠিব" ৷

অলিম্পিকত সুন্দৰ প্ৰদৰ্শন মনু ভাকৰৰ

মনু ভাকৰে পেৰিছ অলিম্পিকত 10 মিটাৰ ব্যক্তিগত আৰু 10 মিটাৰ মিশ্ৰিত শ্বুটিং ইভেণ্টত ব্ৰঞ্জৰ পদক জিকি সৃষ্টি কৰিছিল ইতিহাস । ভাকৰ অলিম্পিকৰ কোনো ইভেণ্টৰ একেটা প্ৰতিযোগিতাত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় ৷ পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাকৰক ভাৰতীয় দলটোৰ ধ্বজাবাহক হিচাপে পৰিলক্ষিত হৈছিল ৷

ভাকৰৰ প্ৰদৰ্শনৰ পিছত প্ৰধানমন্ত্ৰী মোদী, বিৰোধী দলপতি ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়াকে ধৰি বহুকেইজন নেতা আৰু ৰাজনীতিবিদেও তেওঁক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছ অলিম্পিকৰ সামৰণিৰ পিছত খেলুৱৈসকলক সাক্ষাৎ কৰিছিল ৷ য’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে মনু ভাকৰক উচ্চ প্ৰশংসা কৰা দেখা যায় ।

লগতে পঢ়ক: প্ৰেমৰ ডোলেৰ বান্ধ খাইছে নেকি মনু ভাকৰ আৰু নীৰজ চোপ্ৰা ? ছ'চিয়েল মিডিয়াত তীব্ৰ চৰ্চা - Paris Olympics 2024

পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টিকাৰী মনু ভাকৰক দিল্লী বিমানবন্দৰত বিপুল আদৰণি - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.