ETV Bharat / sports

অষ্ট্ৰেলিয়া A ৰ বিৰুদ্ধে মাল্টি ফৰ্মেট ছিৰিজত অসমৰ উমা চেত্ৰী - Cricketer Uma Chetry

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 8:17 PM IST

Cricketer Uma Chetry: এছিয়া কাপৰ বাবে ঘৰুৱা খেলপথাৰত অনুশীলনত ব্যস্ত উমা চেত্ৰী ৷ ইয়াৰ মাজতে আহিছে আন এক সু-খবৰ ৷ অষ্ট্ৰেলিয়া A ৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মাল্টি ফৰ্মেট ছিৰিজত স্থান লাভ কৰিছে অসমৰ উমা চেত্ৰীয়ে ৷ ৭ আগষ্টৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হ’ব মাল্টি ফৰ্মেট ছিৰিজটো ৷

Cricketer Uma Chetry
অষ্ট্ৰেলিয়া A ৰ বিৰুদ্ধে মাল্টি ফৰ্মেট ছিৰিজত অসমৰ উমা চেত্ৰী (Etv Bharat Assam)

স্প’ৰ্টছ ডেস্ক, ১৫ জুলাই: ভাৰতীয় মহিলা ক্ৰিকেট বাচনি সমিতিয়ে দেওবাৰে ইণ্ডিয়া A মহিলাৰ আগন্তুক অষ্ট্ৰেলিয়া মাল্টি ফৰ্মেট ছিৰিজৰ বাবে ১৮ জনীয়া দলটো ঘোষণা কৰে । ইণ্ডিয়া A দলত স্থান লাভ কৰিছে অসমৰ উমা ছেত্ৰীয়ে ৷ যোৱা শীতকালত ইংলেণ্ড ‘এ’ৰ বিৰুদ্ধে ছিৰিজত ভাৰত ‘এ’ক নেতৃত্ব দিয়া অলৰাউণ্ডাৰ মিন্নু মণি (২৫)য়ে যুৱ ‘এ’ দলটোক নেতৃত্ব দিব । উপ-অধিনায়কৰ দ্বায়িত্বত থাকিব ২০ বছৰীয়া বেটাৰ শ্বেতা ছেহৰাৱত ।

ইণ্ডিয়া A মহিলা দলে তিনিখন টি-২০ আৰু তিনিখন ৫০ অভাৰৰ মেচ খেলিব ৷ ভাৰতীয় দলটোৱে ইয়াৰ পাচত অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধেও চাৰিদিনীয়া খেলত অৱৰ্তীণ হ’ব । এই মাল্টি ফৰ্মেট খেলৰ আৰম্ভণি ৭ আগষ্টৰ পৰা ব্ৰিজবেনৰ এলান বৰ্ডাৰ ফিল্ড (এবিএফ)ত হ’ব, য’ত ইণ্ডিয়া এ দলে অষ্ট্ৰেলিয়া A দলৰ বিৰুদ্ধে প্ৰথমখন টি ২০ খেলত অৱৰ্তীণ হ’ব ৷

লগতে পঢ়ক: পৰৱৰ্তী লক্ষ্য এছিয়া কাপ; ঘৰুৱা খেলপথাৰত অনুশীলনত ব্যস্ত উমা চেত্ৰী - Cricketer Uma Chetry

ইণ্ডিয়া এ দলৰ সম্পূৰ্ণ কাৰ্যসূচী:

  • ৭ আগষ্ট: প্ৰথম টি-২০ (এলান বৰ্ডাৰ ফিল্ড, ব্ৰিজবেন)
  • ৯ আগষ্ট: দ্বিতীয় টি-২০ (এলান বৰ্ডাৰ ফিল্ড, ব্ৰিজবেন)
  • ১১ আগষ্ট: তৃতীয় টি-২০ (এলান বৰ্ডাৰ ফিল্ড, ব্ৰিজবেন)
  • ১৪ আগষ্ট: প্ৰথম ৫০ অভাৰ (মেকে)
  • ১৬ আগষ্ট: দ্বিতীয় ৫০ অভাৰ (মেকে)
  • ১৮ আগষ্ট: তৃতীয় ৫০ অভাৰ (মেকে)
  • ২২-২৫ আগষ্ট: ৪ দিনীয়া খেল (গোল্ড কোষ্ট)

লগতে পঢ়ক: লক্ষ্যত উপনীত হ'বৰ বাবে বদ্ধপৰিকৰ উমা চেত্ৰী : কেনেদৰে চলাইছে প্ৰস্তুতি ? - Interaction With Cricketer Uma Chetry

ইণ্ডিয়া A সম্পূৰ্ণ দল:

মিন্নু মণি (অধিনায়ক), শ্বেতা ছেহৰাৱত (উপ-অধিনায়ক), প্ৰিয়া পুনিয়া, শুভা সতীশ, তেজল হাছাবনিছ, কিৰণ নৱগিৰে, সজনা সজীৱন, উমা ছেত্ৰী (উইকেটকীপাৰ), শিপ্ৰা গিৰি (উইকেটকীপাৰ), ৰাঘৱী বিষ্ট, ছৈকা ইছহাক, মন্নত কাশ্যপ, তনুজা কানৱাৰ, প্ৰিয়া মিশ্ৰ, মেঘনা সিং, ছাইলী সাতঘৰে, শ্ববনম শকীল আৰু এছ যশশ্ৰী ।

উল্লেখ্য যে, উমা চেত্ৰীয়ে উইকেটকীপাৰ বেটছমেন হিচাপে যোৱা বছৰৰ শেষৰ ফালে ঘৰুৱা মাটিত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ‘A’ ছিৰিজত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰে ৷ সম্প্ৰতি বোকাখাতত ঘৰুৱা খেলপথাৰত এছিয়া কাপৰ বাবে অনুশীলন অব্যাহত ৰাখিছে উমাই ।

লগতে পঢ়ক: ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীক বোকাখাতত সম্বৰ্ধনা অতুল বৰাৰ - WOMEN CRICKETER Uma Chetry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.