স্প’ৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ: টেনিছ ক’ৰ্টত নিজৰ যাদুৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা প্ৰতিগৰাকী খেলুৱৈৰে আছে সুকীয়া জীৱনশৈলী ৷ বিশ্বৰ অন্যান্য শীৰ্ষস্থানীয় খেলুৱৈসকলৰ দৰে টেনিছ তাৰকাসকলৰো জীৱনশৈলীয়ে আকৃষ্ট কৰে অনুৰাগীক ৷
এই প্ৰতিবেদনত তেনে কেইগৰাকীমান খেলুৱৈৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো, যিসকলৰ জীৱনশৈলী, উপাৰ্জনক লৈ অনুৰাগীসকল সদায়ে আকৰ্ষিত হৈ আহিছে ৷ টেনিছ জগতৰ তেনে পাঁচগৰাকী খেলুৱৈ হৈছে-
- ন’ভাক জক’ভিচ: ছাৰ্বিয়াৰ বেলগ্ৰেডত 1987 চনৰ 22 মে’ত জন্মগ্ৰহণ কৰিছিল এইগৰাকী টেনিছ তাৰকাই ৷ টেনিছ কেৰিয়াৰত খেলুৱৈগৰাকীয়ে উপাৰ্জন কৰা ধনৰ মুঠ পৰিমাণ হৈছে 184,265,269 ডলাৰ ৷ টেনিছ জগতৰ 98 টা খিতাপ দখল কৰা জক’ভিচৰ নামত আছে 24 টা গ্ৰেণ্ড শ্লেমৰ খিতাপ ৷ অত্যাধুনিক আৰু বিলাসিতাপূৰ্ণ জীৱন যাপন কৰা খেলুৱৈগৰাকীৰ আছে 2000 কোটি টকা মূল্যৰ সম্পত্তি ৷ পুৰষ্কাৰৰ পৰা জক’ভিচে উপাৰ্জন কৰা ধনৰাশিৰ পৰিমাণ হৈছে প্ৰায় 1,500 কোটি টকা ৷ যাৰ বাবে ইতিহাসৰ সৰ্বাধিক উপাৰ্জনকাৰী টেনিছ খেলুৱৈত পৰিণত হৈছে ন’ভাক জক’ভিচ ৷ স্পেইনৰ মাৰ্বেলাত আছে 10 নিযুত ডলাৰৰ মৰক্কো শৈলীৰ এটা ৰাজপ্ৰাসাদ সদৃশ, য’ত আছে নটা শোৱনিকোঠা আৰু আঠটাকৈ গা-ধোৱা ঘৰ । জক’ভিচৰ নামত মিয়ামী আৰু বেলগ্ৰেডত পেণ্ট হাউচ থকাৰ লগতে আছে আন কেইবাটাও বিলাসী এপাৰ্টমেণ্ট ৷
- ৰাফেল নাডাল: 1986 চনৰ 3 জুনত জন্মগ্ৰহণ কৰা ৰাফেল নাডাল বিশ্বৰ আগশাৰীৰ এগৰাকী টেনিছ খেলুৱৈ ৷ তাৰকা খেলুৱৈগৰাকীয়ে পুৰষ্কাৰৰ ধন হিচাপে বৰ্তমানলৈকে লাভ কৰা ধনৰাশি হৈছে 134,659,704 ডলাৰ ৷ নাডালৰ নামত আছে কেৰিয়াৰৰ 92 টা খিতাপ ৷ নাডালে বৰ্তমানলৈকে 22 টাকৈ গ্ৰেণ্ড শ্লেমৰ একক খিতাপ দখল কৰিছে ৷ আনহাতে, 2008 চনত টেনিছ তাৰকাগৰাকীয়ে অলিম্পিকত অৰ্জন কৰিছে স্বৰ্ণপদক ৷ ৰাফেল নাডালৰ ধনৰাশিৰ মুঠ পৰিমাণ আনুমানিক প্ৰায় 220 নিযুত ডলাৰ ৷ প্ৰতিবছৰে টুৰ্ণামেণ্ট জয়ৰ লগতে টেনিছৰ অন্যান্য শিতানৰ পৰা খেলুৱৈগৰাকীয়ে উপাৰ্জন কৰে 40 নিযুত ডলাৰ ৷
- ৰজাৰ ফেডেৰাৰ: এইগৰাকী টেনিছ তাৰকাৰ জন্ম হৈছিল 1981 চনৰ 8 আগষ্টত ছুইজাৰলেণ্ডৰ বাছেলত ৷ কেৰিয়াৰত সদায়ে শীৰ্ষস্থানত থকা তাৰকা খেলুৱৈগৰাকীয়ে 2022 চনত চিৰবিদায় জনায় টেনিছক ৷ পুৰষ্কাৰৰ ধন হিচাপে ফেডেৰাৰে লাভ কৰা ধনৰ পৰিমাণ হৈছে 130,594,339 ডলাৰ ৷ 103 টাকৈ খিতাপ দখল কৰা ৰজাৰ ফেডেৰাৰৰ নামত আছে 20 টা গ্ৰেণ্ড শ্লেম একক খিতাপ ৷ য’ত আছে 6 টা অষ্ট্ৰেলিয়ান অ’পেন, 1 টা ফ্ৰেন্স অ’পেন, 5 টা ইউ এছ অ’পেন, 8 টাকৈ উইম্বলডনৰ খিতাপ ৷ ৰজাৰ ফেডেৰাৰৰ মুঠ সম্পত্তিৰ মূল্য হৈছে 550 নিযুত ডলাৰ । খেলুৱৈগৰাকীয়ে উপাৰ্জন কৰা মুঠ ধনৰাশিৰ চাৰিভাগৰ এক অংশই আহিছিল টেনিছৰ জৰিয়তে ৷ এছ’চিয়েচন অৱ টেনিছ প্ৰফেচ’নেলছ(এ টি পি) অনুসৰি ফেডেৰাৰে 130 নিযুত ডলাৰতকৈও অধিক ধন উপাৰ্জন কৰিছিল পেছাদাৰী কেৰিয়াৰৰ পৰা ৷ যাৰ ফলত তেওঁ সৰ্বকালৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী টেনিছ খেলুৱৈত পৰিণত হয় ।
- পিট ছাম্প্ৰাছ: বিশ্বৰ অন্যতম শীৰ্ষস্থানৰ টেনিছ তাৰকা 1971 চনৰ 12 আগষ্টত ৷ 1988 চনত টেনিছ জগতত অভিষেক ঘটোৱা খেলুৱৈগৰাকীয়ে 2002 চনত এইখন জগতক বিদায় জনায় ৷ কেৰিয়াৰত পুৰষ্কাৰৰ ধন হিচাপে ছাম্প্ৰাছে উপাৰ্জন কৰে 43,280,489 ডলাৰ ৷ 64 টাকৈ কেৰিয়াৰৰ খিতাপ অৰ্জন কৰা পিট ছাম্প্ৰাছে 14 টা গ্ৰেণ্ড শ্লেম একক খিতাপ দখল কৰে ৷ খেলুৱৈগৰাকীয়ে 7 টা উইম্বলডন আৰু 5 টা ইউ এছ অ’পেনৰ খিতাপ দখল কৰে ৷ তাৰকা খেলুৱৈগৰাকী 2007 চনত টেনিছ হল অফ ফেমত অন্তৰ্ভুক্ত হয় ৷ কেৰিয়াৰৰ আৰম্ভণিতে ছাম্প্ৰাছৰ পোছাকৰ দায়িত্বত আছিল চাৰ্জিঅ’ টাচ্চিনি । পৰৱৰ্তী সময়ত তেওঁক নাইকীয়ে স্বাক্ষৰ কৰোৱাইছিল । উইলচন আছিল তেওঁৰ ৰেকেটৰ পৃষ্ঠপোষক ৷ ডেনন আৰু পিজ্জা হাটৰ সৈতেও খেলুৱৈগৰাকী চুক্তিবদ্ধ হৈছিল । ছাম্প্ৰাছে ৰিয়েল ইষ্টেটত যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰি সেইমতে উপাৰ্জনো কৰিছে ৷ 2001 চনত পিটে 10,000 বৰ্গফুটৰ এক বিশাল বাসগৃহ ক্ৰয়ৰ বাবে পৰিশোধ কৰিছিল 8.9 নিযুত ডলাৰ ধন ৷ এই ঘৰটোৰ বাদে আন কেইবাটাও ঘৰ আছে খেলুৱৈগৰাকীৰ নামত ৷
- আন্দ্ৰে আগাচী: আন্দ্ৰে আগাচীৰ জন্ম হৈছিল 1970 চনৰ 29 এপ্ৰিলত ৷ লাছ ভেগাছৰ নেভাডাত জন্মগ্ৰহণ কৰা খেলুৱৈগৰাকীয়ে 1986 চনত কেৰিয়াৰৰ আৰম্ভণি কৰে ৷ কেৰিয়াৰত পুৰষ্কাৰৰ ধন হিচাপে খেলুৱৈগৰাকীয়ে উপাৰ্জন কৰে 31,152,975 ডলাৰ ৷ 61 টাকৈ খিতাপ নিজৰ নামত কৰা আগাচীয়ে 1996 চনত অলিম্পিকত অৰ্জন কৰিছিল স্বৰ্ণপদক ৷ 8 টা গ্ৰেণ্ড শ্লেম একক খিতাপ অৰ্জন কৰা আন্দ্ৰে আগাচীয়ে 2006 চনত টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ 2011 চনত টেনিছ হল অফ ফেমত অন্তৰ্ভুক্ত হয় এইগৰাকী খেলুৱৈ ৷ আগাচীৰ উপাৰ্জন ৰাশিৰ আনুমানিক মূল্য হৈছে প্ৰায় 145 মিলিয়ন ডলাৰ ৷ আগাচীয়ে তেওঁৰ কৰ্মজীৱনত 30 নিযুততকৈও অধিক ডলাৰ পুৰস্কাৰ হিচাপে উপাৰ্জন কৰিছিল ৷ যাৰ বাবে সৰ্বকালৰ পুৰস্কাৰৰ ধনৰ তালিকাত অষ্টম স্থান দখল কৰিছিল খেলুৱৈগৰাকীয়ে ৷ আগাচীয়ে পত্নী গ্ৰাফৰ সৈতে লাছ ভেগাছৰ চামাৰলিনত বাস কৰে । অঞ্চলটোত তেওঁলোকৰ কেইবাটাও বিলাসী সম্পত্তি আছে ।