ETV Bharat / sports

মণিপুৰলৈ পূৰ্বৰ পৰিৱেশ ঘূৰি আহক: মীৰাবাঈ চানু - MIRABAI SANU VISITS ASSAM

Mirabai Sanu: অসমত উপস্থিত হৈছে টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানু ৷ বিশেষ উদ্দেশ্যৰে উপস্থিত হৈছে মণিপুৰৰ খেলুৱৈগৰাকী ৷

MIRABAI SANU VISITS ASSAM
মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানু (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Nov 16, 2024, 5:26 PM IST

স্প’ৰ্টছ ডেস্ক: শিৱসাগৰ জিলাৰ নামতিত উপস্থিত হৈছে টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানু ৷ প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হোৱা অলিম্পিকৰ পদক বিজয়ী খেলুৱৈগৰাকীক গায়ন-বায়ন, হুঁচৰিৰে আদৰণি জনোৱা হয় । তাৰপিছতে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় চৌহদত জনোৱা হয় সম্বৰ্ধনা ৷

শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ উদ্যোগত তথা অসম ভাৰোত্তোলন সন্থাৰ সহযোগত শনিবাৰৰে পৰা দুদিনীয়াকৈ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে ভাৰত্তোলক শিবিৰ । সমগ্র অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় দুশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে ।

শিৱসাগৰত উপস্থিত মীৰাবাঈ চানু (ETV Bharat Assam)

প্ৰতিভাৱান খেলুৱৈসকলক বাহিৰলৈ উলিয়াই কৰাৰ বাবেই এনেধৰণৰ এক প্ৰচেষ্টা হাতত লৈছে শ্ৰীৰাম ফাউণ্ডেশ্যনে । ৮ ৰ পৰা ১৩ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অসমলৈ আহিছে পদক বিজয়ী ভাৰোত্তোলকগৰাকী ।

শিৱসাগৰত উপস্থিত হৈ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই মোহিত কৰা বুলি মন্তব্য কৰে মীৰাবাঈ চানুৱে । বিশেষকৈ চাহ বাগানসমূহৰ মনোৰম দৃশ্যই খেলুৱৈগৰাকীক পুলকিত কৰা বুলি সদৰী কৰে ৷ নিজৰ দৰে বিশেষকৈ ছাত্ৰীসকলক ভাৰোত্তোলনৰ ক্ষেত্ৰত আগুৱাই নি দেশৰ সম্পদৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰিব বুলিও মন্তব্য কৰে মীৰাবাঈ চানুৱে ।

এই শিবিৰত যোগ্য ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰি উত্তৰ প্ৰদেশৰ মোদীনগৰস্থিত শ্ৰীৰাম স্প’র্টছ একাডেমীত যোগদানৰ বাবে সুযোগ প্ৰদান কৰা হ’ব ৷ বাচনিপ্ৰাপ্ত খেলুৱৈসকলক পৰৱৰ্তী সময়ত ক্ৰমে 2028 আৰু 2032 চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত অংশগ্ৰহণৰ ক্ষেত্ৰত যোগ্যতা অৰ্জন কৰিব পৰাকৈ প্ৰশিক্ষণ দিব একাডেমীখনে ।

আনহাতে, মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো খেলুৱৈগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত এনেদৰে কয় "কি কাৰণত মণিপুৰৰ এই পৰিস্থিতি হৈছে, তাক মই নাজানো । কিন্তু মণিপুৰলৈ পূৰ্বৰ পৰিৱেশ ঘূৰি আহক" ৷

লগতে পঢ়ক: অলিম্পিকৰ খেলুৱৈ নিৰ্বাচনৰ বাবে অসমলৈ আহিব মীৰাবাঈ চানু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.